শ্বৰীফা খানাম: মুছলমান মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী নীৰৱ যোদ্ধা

Story by  atv | Posted by  Munni Begum • 11 h ago
ডি শ্বৰীফা খানাম
ডি শ্বৰীফা খানাম
 
শ্ৰীলথা এম 
 
যি সমাজত ধৰ্ম আৰু পৰম্পৰাৰ নামত মহিলাৰ অধিকাৰ খৰ্ব কৰা হয়, য'ত পিতৃতন্ত্ৰই ন্যায় নিৰ্ধাৰণ কৰে, তাত নিৰ্যাতিত আৰু নীৰৱ হৈ থকা মুছলমান মহিলাসকলৰ কণ্ঠ হৈ আহিছে এগৰাকী মহিলা। তেওঁ ধৰ্ম, পৰম্পৰা আৰু ভয়ৰ পৰিধি ভাঙি মহিলাক নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰাৰ সাহস দি আহিছে। তেওঁ হৈছে ডি শ্বৰীফা খানম।
 
ডি শ্বৰীফা খানামৰ সমগ্ৰ জীৱন মহিলাসকলৰ সৈতে নিবিড়ভাৱে সংযুক্ত। আশে-পাশে থকা বহু মহিলাৰ দৰে ৬২ বছৰীয়া খানমেও পুৰুষৰ আধিপত্য আৰু পুৰুষতন্ত্ৰ দেখি ডাঙৰ-দীঘল হৈছিল আৰু এইবোৰক জীৱনৰ স্বাভাৱিক অংশ হিচাপে গ্ৰহণ কৰিছিল। এই গ্ৰহণযোগ্যতা আঁতৰিবলৈ আৰম্ভ হয়, যেতিয়া তেওঁ উপলব্ধি কৰিছিল যে, এগৰাকী মহিলাৰো নিজৰ পৰিচয় থাকে আৰু ই কেৱল পুৰুষ প্ৰধান সমাজৰ নিয়ম মানি চলাৰ উদ্দেশ্য নহয়। 
 
ডি শ্বৰীফা খানামে সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা বঁটা লাভ কৰাৰ এক দৃশ্য
 
খানম তেওঁৰ পৰিয়ালৰ ১০ টা সন্তানৰ ভিতৰত কনিষ্ঠতম আছিল আৰু তেওঁ তামিলনাডুৰ এখন গাঁৱত ডাঙৰ-দীঘল হৈছিল। তেওঁ এখন উৰ্দু বিদ্যালয়ত পঢ়িছিল, যিখনত তেওঁৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। তেওঁৰ মাকৰ দেউতাকৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল আৰু তেওঁ আটাইকেইগৰাকী সন্তানক এককভাৱে ডাঙৰ-দীঘল কৰাৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল।  
 
খানমৰ এজন জ্যেষ্ঠ ভাতৃয়ে পিছত আইআইটি কানপুৰত অধ্যয়ন কৰিছিল আৰু উচ্চ শিক্ষাৰ বাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাত তেওঁক সহায় কৰিছিল। এএমইউত খানমে নিজৰ গাঁৱত থকা পৃথিৱীখনৰ তুলনাত বহুত ডাঙৰ জগত এখনৰ সৈতে পৰিচিত হৈছিল।  
 
শিক্ষা সমাপ্ত কৰাৰ পিছত খানমে ১৯৮০ চনৰ শেষৰ ফালে পাটনাত অনুষ্ঠিত হোৱা মহিলা সন্মিলনত অনুবাদক হিচাপে কাম কৰিছিল। তেওঁ হিন্দী আৰু ইংৰাজী ভাষাৰ বক্তৃতা আৰু আলোচনাসমূহ তামিল ভাষালৈ অনুবাদ কৰিছিল। এই সময়ছোৱাত, তেওঁ এটা অতি বেদনাদায়ক সত্য উপলব্ধি কৰিছিল যে সকলো ঠাইৰ, সকলো সম্প্ৰদায়ৰ আৰু ৰাজ্যসমূহৰ মহিলাসকলেও একেধৰণে দুখ-কষ্ট ভোগ কৰি আহিছে।
 
তেওঁৰ সঘনাই ভ্ৰমণ, নাৰীৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি আৰু দৈনন্দিন জীৱনত সেই অধিকাৰৰ স্পষ্ট অনুপস্থিতিয়ে তেওঁক ব্যৱস্থা ল'বলৈ বাধ্য কৰিছিল। এক সাক্ষাৎকাৰত তেওঁ কয় যে, আগতে তেওঁ নিজকে  চিণ্ড্ৰেলাই পৰী গডমাদাৰৰ বাবে অপেক্ষা কৰি থকাৰ দৰে অনুভৱ কৰিছিল। কিন্তু এই মুহূৰ্তৰ পিছতে তেওঁ সিদ্ধান্ত লৈছিল যে, তেওঁ নিজৰ আৰু আন মহিলাসকলৰ বাবে এজনী পৰী-গডমাদাৰ হ'ব।
 
STEPS ৰ কৰ্মশালাত অংশগ্ৰহণ কৰা মহিলা
 
তেওঁ পুডুক্কোট্টাইৰ এটা সৰু মহিলাৰ গোটৰ সৈতে কাম আৰম্ভ কৰিছিল। যত তেওঁ টিউচন ক্লাছ আৰু শাৰী পুনৰ বিক্ৰী কৰি উপাৰ্জন কৰা ধন ব্যৱহাৰ কৰিছিল। 
 
১৯৮৭ চনত এই প্ৰচেষ্টা STEPS নামৰ এটা সংগঠনত পৰিণত হয়। বিবাহ বিচ্ছেদ, ঘৰুৱা হিংসা, পৰিত্যাগ, দৰিদ্ৰতা আৰু সামাজিক বিচ্ছিন্নতাৰ দৰে সমস্যা লৈ মহিলাসকলে সৈতে তেওঁৰ ওচৰলৈ আহিছিল। খানমে পৰামৰ্শ, মধ্যস্থতা আৰু আইনী সহায়ৰ জৰিয়তে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ কামৰদ্বাৰা প্ৰভাৱিত হৈ সেই সময়ৰ জিলা উপায়ুক্তই তেওঁক ভূমি আবণ্টন দিছিল, যাতে প্ৰকল্পটো সম্প্ৰসাৰিত কৰিব পাৰি।
 
ৰেডিফ সৈতে হোৱা এক সাক্ষাৎকাৰত খানমে কয় যে, দীৰ্ঘদিন ধৰি তেওঁ নিজৰ মুছলমান পৰিচয়ৰ প্ৰতিও সচেতন নাছিল। কিন্তু ওচৰৰ অঞ্চলসমূহত সাম্প্ৰদায়িক সংঘৰ্ষৰ আৰম্ভ হোৱাৰ সময়ত এই বিষয়ে তেওঁ সচেতন হৈছিল। 
 
এই সময়ত মুছলমানসকল বিশেষকৈ মুছলমান মহিলাসকল কিমান দুৰ্বল আছিল সেয়া দেখি তেওঁৰ কামৰ দিশ সলনি হৈছিল। তেওঁ মুছলমান মহিলাৰ জামাত গঠন কৰাৰ কথা চিন্তা কৰিবলৈ ধৰিছিল। পৰম্পৰাগতভাৱে জামাত হৈছে মছজিদৰ সৈতে জড়িত এটা গোট, যিটো বেছিভাগেই পুৰুষ বৃদ্ধ লোকৰে গঠিত হয়, যিসকলে সম্প্ৰদায়ৰ বিবাদ নিষ্পত্তি কৰে। খানমে অনুভৱ কৰিছিল যে, এনে জামাতৰদ্বাৰা গ্ৰহণ কৰা সিদ্ধান্তবোৰ প্ৰায় সদায় মহিলাৰ প্ৰতি অন্যায় আছিল। 
 
১৯৯১ চনত, তেওঁ এক অনানুষ্ঠানিক মুছলিম মহিলা জামাত আৰম্ভ কৰিছিল কাৰণ তেওঁ বিশ্বাস কৰিছিল যে, ইয়াত মহিলাৰ কথা শুনা যাব। তেওঁ লগতে অনুভৱ কৰে যে, ধর্মনিৰপেক্ষ সংগঠনসমূহে প্ৰায়ে মুছলমান মহিলাৰ সমস্যাসমূহ এৰাই চলিছিল, সম্ভৱতঃ কাৰণ তেওঁলোকে ধৰ্মীয় নেতা বা বৰ্তমানৰ পুৰুষ নেতৃত্বাধীন জামাতক বিচলিত কৰাৰ আশংকা কৰিছিল।
 
খানমে বিশ্বাস কৰিবলৈ লৈছিল যে, মুছলমানসকলে নিজৰ সমস্যা নিজেই সমাধান কৰিব লাগিব। সময়ৰ লগে লগে এই কাম অধিক সংগঠিত হৈ পৰিল আৰু ২০০০ চনত STEPSৰ অংশ হিচাপে তামিলনাডু মুছলমান মহিলা জামাত সমিতি গঠন কৰা হয়।
 
তেওঁ বিশ্বাস কৰিছিল যে, মুছলমান মহিলাসকলে অন্যায়ৰ সন্মুখীন হ'লে ক'লৈকো যাব নোৱাৰে। হঠাতে বিবাহ বিচ্ছেদ, তিনি তালাক, ভৰণ-পোষণৰ পৰা বঞ্চিত, ঘৰুৱা হিংসা আৰু নিৰ্যাতন আদি বিষয়বোৰক আৰক্ষীয়ে উপেক্ষা কৰিছিল, যিয়ে এইবোৰক শ্বৰীয়ত বা মুছলমান ব্যক্তিগত আইনৰ বিষয় হিচাপে গণ্য কৰিছিল। 
 
ডি শ্বৰীফা খানামে আলোচনা চক্ৰত ভাষণ দিয়া এক দৃশ্য
 
যেতিয়া এই গোচৰবোৰ পুৰুষ প্ৰধান জামাতৰ ওচৰ উপনীত হৈছিল, তেতিয়া প্ৰায়ে সেইবোৰক প্ৰায়ে এফালে আঁতৰাই দিয়া হৈছিল। খানমে এই জামাতসমূহক অস্বীকৃতিপ্ৰাপ্ত বীচাৰপীঠৰ আদালত বুলি অভিহিত কৰিছিল। তেওঁ কয় যে, "ইয়াৰ এটা কাৰণ হ'ল যে মানুহে কোৰাণক ভুল ব্যাখ্যা কৰে, কাৰণ ই আৰবী ভাষাত লিখা হৈছে।"
 
আনহাতে, মহিলাসকলৰ এই ব্যাখ্যাসমূহক প্ৰত্যাহ্বান জনাবলৈ তেওঁলোকৰ ওচৰত জ্ঞান আৰু আত্মবিশ্বাসৰ অভাৱ আছিল। যেতিয়া খানমে নিজে কোৰাণৰ তামিল অনুবাদত পঢ়িছিল, তেতিয়া তেওঁ প্ৰকৃত লিখনী আৰু মছজিদৰ সৈতে জড়িত জামাতসকলে ইয়াক কেনেকৈ প্ৰয়োগ কৰে তাৰ মাজত এটা ডাঙৰ পাৰ্থক্য বিচাৰি পাইছিল।  
 
মহিলাৰ জামাতে শ্বৰীয়তক লৈ কৰ্মশালাৰ আয়োজন কৰিবলৈ আৰম্ভ কৰিছিল আৰু তিনি তালাক বন্ধ কৰা আৰু মহিলাৰ সম্পত্তিৰ অধিকাৰ নিশ্চিত কৰাৰ দৰে বিষয়ত চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। জামাতৰ ৱেবচাইট অনুসৰি, তামিলনাডুৰ মুছলিম মহিলা জামাত কমিটিয়ে ধাৰাবাহিকভাৱে ধৰ্মগুৰু আৰু পুৰুষ নেতৃত্বাধীন সংগঠনৰ পৰা মৃত্যুৰ ভাবুকিকে ধৰি নিৰন্তৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। 
 
এই জামাতখনে প্ৰতি মাহে জিলা পৰ্যায়ত আৰু প্ৰতি তিনি মাহত এবাৰ পুডুক্কোট্টাইস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত সভা অনুষ্ঠিত কৰি আহিছে। মহিলাসকলে তেওঁলোকৰ গোচৰসমূহ এই সভাসমূহলৈ লৈ আহে, য'ত পৰামৰ্শদাতা, আৰক্ষীৰ সহায়, বা আদালতৰ মাধ্যমেৰে সমস্যাসমূহ সমাধান কৰাৰ প্ৰয়াস কৰা হয়। যদি কোনো এটা গোচৰ এতিয়াও নিষ্পত্তি হোৱা নাই, তেন্তে সেই গোচৰ কেন্দ্ৰীয় পৰ্যায়ৰ বৈঠকত নিষ্পত্তি কৰা হয়। খানমে বহুবাৰ কৈছে যে, জামাতৰ কাম আৰম্ভ হোৱাৰ পিছত তামিলনাডুৰ কিছুমান মছজিদত মহিলাসকলৰ বাবে স্থান সৃষ্টি কৰা হৈছে।
 
ইয়াৰ সমান্তৰালভাৱে, STEPS মহিলা উন্নয়ন সংস্থাই হিংসা আৰু নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে এক সুৰক্ষিত স্থান হিচাপে কাম কৰে। এই প্ৰতিষ্ঠানটোৱে নিৰ্যাতনপ্ৰাপ্ত মহিলাসকলক হ্ৰস্বম্যাদী আশ্ৰয় প্ৰদান কৰে আৰু স্থানীয় জনগোষ্ঠী আৰু আৰক্ষীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে। সময়ৰ লগে লগে, STEPS-এ জীৱিকা, ভূমি অধিকাৰ আৰু মহিলাসকলৰ নিয়োজনৰ সৈতে সম্পৰ্কিত বিষয়সমূহো গ্ৰহণ কৰিছে। 
 
মহিলাসকলে STEPS ৰ মধ্যস্থতা শিবিৰত অংশগ্ৰহণ কৰাৰ এক দৃশ্য
 
এই লেখাটো লিখাৰ সময়ত বাৰে বাৰে চেষ্টা কৰাৰ পিছতো খানম সাক্ষাৎকাৰৰ বাবে উপলব্ধ নাছিল। তেওঁৰ কাৰ্যালয়ে জামাত বা মছজিদ সম্পৰ্কে কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল, যিটো তেওঁ কেৱল মহিলাৰ বাবে নিৰ্মাণ কৰাৰ কথা কৈছিল। অৱশ্যে, আন প্লেটফৰ্মত, তেওঁ স্পষ্ট কৰি দিয়ে যে, মছজিদ নিৰ্মাণ কৰাটো কেতিয়াও মূল ধাৰণা নাছিল। মহিলাসকলে একত্ৰিত হৈ, মুকলিভাৱে কথা কোৱা আৰু তেওঁলোকৰ সমস্যাসমূহ সামূহিকভাৱে সমাধান কৰা, যিটো জামাতে ইতিমধ্যে কৰি আছে, সেইটোহে অধিক গুৰুত্বপূৰ্ণ আছিল। নিৰ্যাতিত মহিলাসকলৰ বাবে এটা হ্ৰস্বম্যাদী আশ্ৰয়স্থানৰ দীৰ্ঘদিনীয়া সপোন STEPSৰ জৰিয়তে পূৰণ হৈছে। 
 
STEPS ৱেবছাইটৰ অনুসৰি সংস্থাটোৰ মূল বিশ্বাস হ'ল মহিলাৰ স্বাধীনতাৰ বাবে আত্মসন্মান অতি প্ৰয়োজনীয়। STEPS-এ যৌতুকৰ অপব্যৱহাৰ, বিবাহ বিচ্ছেদৰ বিবাদ, যৌন নিৰ্যাতন, শিশুৰ যৌন নিৰ্যাতন আৰু ঘৰুৱা হিংসাৰ সন্মুখীন হোৱা মহিলাসকলক সমৰ্থন আৰু পৰামৰ্শ প্ৰদানত গুৰুত্ব দিয়ে। ইয়াৰ কামৰ জৰিয়তে, STEPS য়ে কয় যে, "আমি প্ৰায় ৩,৫০০ মহিলাক সহায় কৰিছো।"
 
STEP এ স্কুল আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু গ্ৰাম্য মহিলাসকলৰ সৈতে কৰ্মশালা, পোষ্টাৰ প্ৰদৰ্শনী, প্ৰতিযোগিতা আৰু আত্মৰক্ষাৰ প্ৰশিক্ষণৰ দৰে সজাগতা কাৰ্যসূচীৰ জৰিয়তে কাম কৰিবলৈ আৰম্ভ কৰিছে। বছৰ বছৰ ধৰি, ই দুৰ্দশাগ্ৰস্ত মহিলাসকলৰ বাবে ই এক সহায় কেন্দ্ৰ হিচাপে বিকশিত হৈছে, যিয়ে স্থানীয় আৰু ৰাজ্যিক দুয়োটা পৰ্যায়তে কাৰ্যকৰী সমাধান বিচাৰি কাম কৰি আহিছে।
 
প্ৰায় বিশ বছৰ ধৰি ভাৰতৰ নাৰী আন্দোলনত ডি শ্বৰিফা খানম এক সক্ৰিয় শক্তি হৈ আছে। পুডুক্কোট্টাইৰ পৰা, STEPS-এ পৰিয়াল, সম্প্ৰদায় আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈ মহিলাৰ বিৰুদ্ধে হিংসাৰ মোকাবিলা কৰিবলৈ দৈনিক কাম অব্যাহত ৰাখিছে। এই কামৰ মূলতে এটা সহজ বিশ্বাস জড়িত হৈ আছে, "মহিলাসকলে, বিশেষকৈ যিসকল বঞ্চিত, তেওঁলোকৰ কথা শুনাৰ যোগ্য।"


শেহতীয়া খবৰ