নিখাত ফাতিমাঃ এগৰাকী মহিলাই কেনেকৈ ১৫০০ ছাত্ৰ-ছাত্ৰীৰ জীৱন পোহৰাই তুলিলে

Story by  atv | Posted by  Munni Begum • 1 Months ago
নিখাত ফাতিমা ছোহেইল
নিখাত ফাতিমা ছোহেইল
 
শ্ৰীলথা এম
 
ধন-সম্পত্তি নহয়, সময়, মনোবল, সঠিক দৃষ্টিভংগী আৰু  শিক্ষাৰে সমাজ সলনি কৰিব পৰা যায়। আৰু শিক্ষা এগৰাকী প্ৰতিজ্ঞাবদ্ধ মহিলাৰ হাতত থাকিলে এই পৰিবৰ্তনৰ গতি বহুগুণে  বৃদ্ধি হয়। এই কথাৰ জীৱন্ত উদাহৰণ হৈছে নিখাত ফাতিমা। যিগৰাকীয়ে বিগত তিনি দশক ধৰি শিক্ষা আৰু সামাজিক কৰ্মৰ জৰিয়তে অসংখ্য নাৰী আৰু যুৱক-যুৱতীৰ জীৱন উজ্বলাই তুলিছে।  
 
নিখাত ফাতিমা ছোহেইল হৈছে চেন্নাইৰ এম ডব্লিউ এ মেট্ৰিকুলেচন স্কুলৰ মুৰব্বী। তেওঁ একাডেমী ফৰ ৱমেনৰ সহ-সভাপতি হোৱাৰ লগতে মুছলমান যুৱক-যুৱতী আৰু মহিলাসকলৰ শিক্ষাৰ সৈতে সম্পৰ্কিত কেইবাটাও সংগঠনৰ সৈতেও জড়িত।
 
এম ডব্লিউ এ স্কুলৰ এটা শ্ৰেণীকোঠা
 
জয়ললিতা, জয়ন্তী নটৰাজন, কানিমোঝিৰ দৰে বিখ্যাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী থকা ছেক্ৰেড হাৰ্ট স্কুলৰ ছাত্ৰী হৈ থকা অৱস্থাতে তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। এগৰাকী এনচিচিৰ কেডেট হিচাপে তেওঁ এখন অনাথ আশ্ৰমৰ সৈতে জড়িত প্ৰকল্পত অংশগ্ৰহণ কৰিছিল। এই অভিজ্ঞতাই  তেওঁৰ আজীৱন শিক্ষা আৰু সমাজসেৱাৰ প্ৰতি আগ্ৰহ জগাই তুলিছিল। 
 
ইয়াৰ পিছত তেওঁ শিক্ষণত অক্ষম শিশুসকলৰ বাবে পাঁচটা শিক্ষা কেন্দ্ৰ স্থাপন কৰিছিল আৰু ১৫০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে এখন বিদ্যালয়ৰ নেতৃত্ব দি আহিছে। অল ইণ্ডিয়া হজ (এ আই এইচ)ৰ অধীনত একাডেমী ফৰ ৱমেনৰ সহ-সভাপতি হিচাপে কাম কৰাৰ বিষয়ে কোৱাৰ সময়ত নিখাতে কয় যে, তেওঁ তামিলনাডুৰ ছোৱালীৰ শিক্ষা আৰু সামাজিক উত্থানৰ বাবে ৩০ বছৰ ধৰি কাম কৰিছিল।
 
শিশু আৰু দৰিদ্ৰ লোকক সহায় কৰাৰ তেওঁৰ শৈশৱকালীন আকাংক্ষাই শতাধিক যুৱক-যুৱতীৰ, বিশেষকৈ ছোৱালীৰ জীৱনত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে। কম বয়সতে তেওঁ একাডেমীৰ সহ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ ট্ৰাষ্টীসকলৰ ভিতৰত আছিল আৰ্কোটৰ নবাব আৰু তেওঁৰ ককা-আইতা, যাৰ পৰিয়ালৰ কেইবাটাও প্ৰজন্মৰ নবাবসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল।
 
যেতিয়া তেওঁক প্ৰশ্ন কৰা হয় যে, এগৰাকী মহিলাৰ বাবে এনে স্থিতিত উপনীত হোৱাটো সহজ আছিলনে? তেওঁ উত্তৰত কয়, "এয়া কেতিয়াও সহজ নাছিল। কিন্তু যেতিয়া আপুনি সুযোগ পায়, আপুনি ছোৱালীক সবল কৰি তোলাৰ লগতে নাৰীৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰিব পাৰে।" 
 
এম ডব্লিউ এ স্কুলত ক্ৰীড়া দিৱস
 
তেওঁ এই পদ্ধতিটো তেওঁৰ ৰিয়েল ইষ্টেট ব্যৱসায়ৰ জৰিয়তে ব্যাখ্যা কৰে, যিয়ে এক ব্যৱসায় আৰু প্ৰশিক্ষণ মডেল হিচাপে কাম কৰে। তেওঁ কয়, "মই এনে যুৱক-যুৱতীসকলক চিনাক্ত কৰো, যিসকলক চাকৰিৰ প্ৰয়োজন আনহাতে একক মাতৃ, বিধৱা আৰু সমাজৰ আন লোককো চিনাক্ত কৰো, যিসকলৰ ডিগ্ৰী নাই আৰু নিয়মীয়া চাকৰিৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকে  ₹২০,০০০ৰ দৰমহা লৈ কাম আৰম্ভ কৰে। প্ৰশিক্ষণৰ পিছত মই তেওঁলোকক চাকৰি দিওঁ, য'ত তেওঁলোকে মাহে ₹৩০,০০০ উপাৰ্জন কৰিব পাৰে।"  
 
তেওঁ লগতে কয় যে, ইংৰাজী ভাষা শিকাটো যুৱক-যুৱতী উভয়ৰে বাবে সৱলীকৰণৰ এক শক্তিশালী আহিলা হয়। ২০২৭ চনত ১০০ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱা বিদ্যালয়খনে ২০ শতাংশ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয়। ই এক সামগ্ৰিক শিক্ষাৰ আৰ্হি অনুসৰণ কৰে, ক্ৰীড়া, ধৰ্ম, ইংৰাজী ভাষাৰ দক্ষতা, আৰু ৰাজ্যিক পাঠ্যক্ৰমক গুৰুত্ব দিয়ে। তেওঁৰ মতে, ভাৰতৰ অন্যান্য অঞ্চলতকৈ তামিলনাডুত মুছলমান মহিলাৰ মৰ্যাদা উন্নত কৰাত শিক্ষাই মুখ্য ভূমিকা পালন কৰি আহিছে। 
 
পেৰিয়াৰ আন্দোলন আৰু দ্ৰাবিড় সংস্কৃতিৰ সৰ্বাংগীন স্বৰূপৰ বাবেই তেওঁ ইয়াৰ কৃতিত্ব দিয়ে, য'ত মানুহে প্ৰথমে তামিল বুলি পৰিচয় দিয়ে। তেওঁ কয়, "দক্ষিণ ভাৰতৰ মানুহে সুযোগৰ বাবে যুঁজ দিয়াৰ প্ৰয়োজনীয়তা বুজি পাইছিল।" 
 
তেওঁ কয়, "ইয়াৰ মুছলমানসকলৰ স্থান উত্তৰতকৈ ভাল, আৰু অন্যান্য সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক সাধাৰণতে শান্তিপূৰ্ণ। বিশেষকৈ ব্ৰাহ্মণসকলৰ মাজত ‘জিয়াওক আৰু জীয়াই থাকিবলৈ দিয়ক’ মনোভাৱ প্ৰবল। উত্তৰৰ পৰা বিভাজনকাৰী ধাৰণা ৰাজ্যখনত প্ৰৱেশ কৰিলেহে সমস্যাৰ সৃষ্টি হয়।"
 
এম ডব্লিউ এ স্কুলত এক অনুষ্ঠান উদযাপনৰ এক দৃশ্য
 
তামিলনাডুৰ অৰ্গেনাইজেচন অৱ মুছলিম এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এণ্ড এছ’চিয়েশ্যনছ (OMEIAT)ৰ ব’ৰ্ডৰ সদস্য হিচাপে তেওঁ ৰাজ্যজুৰি ৩০০খন সংযুক্ত বিদ্যালয়ৰ কাৰ্য্যকলাপত ভূমিকা পালন কৰি আহিছে। ছেক্ৰেড হাৰ্ট স্কুলৰ প্ৰাক্তন ছাত্ৰী জয়ললিতা, জয়ন্তী নটৰাজন আৰু কানিমোঝিৰ দৰে সদস্যকে ধৰি নিখাতও ইয়াৰ প্ৰাক্তন ছাত্ৰ সন্থা SHAAৰ প্ৰাক্তন সভাপতিও আছিল। 
 
অৱশ্যে, সৰ্বভাৰতীয় হজ (AIH)ৰ অধীনত মহিলা একাডেমীৰ নেতৃত্বক তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান বুলি গণ্য কৰে। একাডেমীয়ে ছোৱালীৰ বাবে মধ্যম পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰদান কৰে আৰু ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ, ফেশ্বন ডিজাইন, আৰু টেইলাৰিঙৰ দৰে ক্ষেত্ৰত সহায় কৰে।  
 
নিখাতৰ মতে সামাজিক উদ্যোগ চলাবলৈ বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন নহয়। তেওঁ কয়, "আপোনাক সময়ৰ প্ৰয়োজন, টকাৰ নহয়। আপোনাক ভাল আৰ্থিক ব্যৱস্থাপনাও লাগে। লক্ষ্য কেৱল দান দিয়া নহয়, আয় সৃষ্টি কৰাও হ'ব লাগে।" 
 
তেওঁৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহতো একেই পদ্ধতি অৱলম্বন কৰা হয়। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৃষ্ঠপোষকতা লাভ কৰে আৰু লোকচান নকৰাকৈ ব্ৰেক ইভেন হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। সফলতা লাভ কৰিবলৈ তেওঁ চাকৰিৰ বজাৰৰ চাহিদাসমূহো ভালদৰে অধ্যয়ন কৰে।
 
এম ডব্লিউ এ স্কুলত ফেন্সি ড্ৰেছ প্ৰতিযোগিতা
 
তেওঁ কয়, "মনোবিজ্ঞানৰ শিক্ষকৰ যথেষ্ট চাহিদা আছে। এবছৰীয়া ডিপ্লোমা সম্পূৰ্ণ কৰা ছোৱালীবোৰে বিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহত চাকৰি লাভ কৰিবলৈ সক্ষম হয়।"
 
তেওঁ নিজৰ ধৰ্মৰ লগতে আনকো বুজাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "আজিৰ শিশুতকৈ আমি ৰামায়ণৰ বিষয়ে বেছি জানিছিলোঁ। ই মনৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰে। সেইবাবেই আমি ধৰ্মৰ শিক্ষা দিওঁ, কাৰণ কোনো ধৰ্মই ঘৃণাৰ শিক্ষা নিদিয়ে।" 
 
নিখাতে অনুভৱ কৰে যে, অজ্ঞানতাই সম্প্ৰদায়ৰ মাজত সন্দেহ আৰু ভুল বুজাবুজিৰ সৃষ্টি কৰে। ইছলামৰ কথা কওঁতে নিখাতে বুজাই দিয়ে যে “ছালাম ৱালাইকুম” মানে আন এজন ব্যক্তিৰ ওপৰত শান্তি কামনা কৰা। কোনোবাই শান্তি কামনা কৰি থকাৰ সময়ত কেনেকৈ ক্ষতি কামনা কৰিব পাৰে বুলি তেওঁ প্ৰশ্ন কৰে।  
 
৫৫ বছৰ বয়সীয়া তিনি সন্তানৰ মাতৃ আৰু এগৰাকী আইতা হিচাপে নিখাত ফাতিমাই এতিয়া নিজৰ বেছিভাগ দায়িত্বৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। দশক দশক সেৱাৰ সৈতে জৰিত হৈ থকা নিখাতে সন্তুষ্টিৰে কয়, "ইতিমধ্যে বহু সংগঠনৰ নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰিছো।"