মাহমুদ আক্ৰামঃ ৪০০টা ভাষা জনা যুৱকজন

Story by  atv | Posted by  Munni Begum • 1 Months ago
মাহমুদ আক্ৰাম
মাহমুদ আক্ৰাম
 
শ্ৰীলতা এম
 
ভাষিক বৈচিত্ৰ্য বিভ্ৰান্তি নে সাংস্কৃতিক সম্পদ- বিশেষকৈ ভাৰতৰ দৰে দেশত, য'ত প্ৰতি ১০০ কিলোমিটাৰৰ অন্তৰে অন্তৰে ভাষা সলনি হয়? কিন্তু তামিলনাডুৰ ১৯ বছৰীয়া মাহমুদ আক্ৰামৰ বাবে এই প্ৰশ্নটো গুৰুত্বহীন।
 
আক্ৰামে প্ৰায় ৪০০টা ভাষা পঢ়িব আৰু লিখিব পাৰে আৰু ইয়াৰে ৪৬টা ভাষা বুজি পায়। তেওঁ দহটা ভাষা- তামিল, ইংৰাজী, হিন্দী, উৰ্দু, আৰবী, জাৰ্মান, ফৰাচী, স্পেনিছ, চীনা, জাপানী আৰু কোৰিয়ান সাৱলীলভাৱে ক’ব পাৰে। তেওঁৰ যাত্ৰা অতি কম বয়সতে আৰম্ভ হৈছিল: চাৰি বছৰ বয়সত তেওঁ কেইসপ্তাহমানৰ ভিতৰতে ইংৰাজী বৰ্ণমালা আৰু তামিল ভাষাৰ ২৯৯টা বৰ্ণ শিকি পেলাইছিল। ৮ বছৰ বয়সত তেওঁ প্ৰায় ৫০টা ভাষাত পঢ়িব, লিখিব আৰু টাইপ কৰিব পাৰিছিল।
 
ইয়াৰ পিছত তেওঁ বিশ্ব অভিলেখ গঢ়ে। দহ বছৰ বয়সত তেওঁ এঘণ্টাৰ ভিতৰত ২০ টা ভাষাত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত লিখি উলিয়ায়। ১২ বছৰ বয়সত তেওঁ ৩ মিনিটৰ ভিতৰত এটা বাক্যক তেওঁৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰা আন ৭০ জন ভাষাবিদৰ তুলনাত অধিক ভাষালৈ অনুবাদ কৰে।
 
তামিলনাডুৰ বাহিৰত কৰ্মৰত অৱস্থাত ১৬ টা ভাষা আয়ত্ত কৰা বহুভাষী পিতৃৰ ঘৰত জন্মগ্ৰহণ কৰা আক্ৰামে শব্দ, লিপি আৰু ধ্বনিৰ মাজত নিমজ্জিত হৈ ডাঙৰ-দীঘল হৈছিল। তৎসত্ত্বেও তেওঁ সাক্ষৰতা আৰু বোধগম্যতাৰ মাজত প্ৰভেদ নিৰ্ণয়ৰ ক্ষেত্ৰত সচেতনতা অবলম্বন কৰে। "মই ৪০০টা ভাষাত লিখিব আৰু পঢ়িব পাৰোঁ, যদিও মই মাত্ৰ ৪৬টা ভাষাহে বুজি পাওঁ", তেওঁ 'আৱাজ- দ্য ভইচ’ক কয়।
 
 ইউৰোপত মেহমুদ আক্ৰাম
 
ভাষাৰ ক্ষেত্ৰত তেওঁ অতি সচেতন। তেওঁৰ বাবে ভাষা কেৱল মানৱীয় আৱেগ আৰু স্মৃতিৰ আধাৰ নহয়, ভাষা হ’ল মাধ্যম।চীন আৰু ভাৰতৰ তুলনা কৰি তেওঁ কয় যে দুয়োখন দেশেই ভাষিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত মহাদেশৰ দৰে। চীনৰ সকলো অঞ্চলত মেণ্ডাৰিন ভাষা বাধ্যতামূলক আৰু ইয়াৰ স্থানীয় ভাষাসমূহ বিলুপ্ত হ’বলৈ লৈছে। যদি ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে এটা ভাষাৰ প্ৰচলন হয়, তেন্তে একেই পৰিস্থিতিৰ সৃষ্টি হ'ব।
 
তেওঁ কয়, "ইয়াৰ সুবিধা হ'ল ঐক্য। ইয়াৰ অসুবিধা- যদি সকলোৱে হিন্দীৰ দৰে এটা একেধৰণৰ ভাষা শিকে, তেন্তে বহু ভাষা বিলুপ্ত হৈ পৰিব। 
 
পৰিশেষত তেওঁ কয়, "ভাষা ভাষাই, ভাষাতকৈও গুৰুত্বপূৰ্ণ চিন্তাধাৰা যাৰ জৰিয়তে ইয়াক প্ৰকাশ কৰা হয় আৰু বক্তাসকল- যিসকলে ইয়াক কয়’’। বিশ্বৰ শীৰ্ষ পাঁচটা কথিত ভাষালৈ যদি চোৱা যায়, তাৰ ভিতৰত হিন্দীও অন্যতম, যিয়ে ইয়াক আয়ত্ত কৰাৰ প্ৰাসংগিকতাও সূচায়। ভাষাসমূহক ৰক্ষা কৰিব লাগে নে নালাগে বা কিদৰে ৰক্ষা কৰিব লাগে, সেই আলোচনাত তেওঁ জড়িত হৈ নপৰে।
 
বছৰ বছৰ ধৰি ভাষা শিকাৰ প্ৰতি তেওঁৰ আগ্ৰহ অকণো ম্লান পৰা নাই। অধিকাংশ মানুহে বছৰটো মাহত ভাগ কৰে, কিন্তু আক্ৰামে নিজৰ সময়টো সপ্তাহত ভাগ কৰে আৰু প্ৰত্যেকটো সপ্তাহ উৎসৰ্গিত থাকে এটা ভাষাৰ বাবে। তেওঁ কঠোৰভাৱে এই সময়সূচী পালন কৰে, কিয়নো তেওঁ ভাবে যে অনুশাসন অবিহনে, একো সম্ভৱ নহয়। গতিকে যেতিয়া আমি কথা পাতিছিলো, তেতিয়া আক্ৰামৰ বাবে সেয়া আছিল আৰবী সপ্তাহ।
 
এই সপ্তাহত তেওঁ তেওঁৰ সকলো ছ'চিয়েল মিডিয়া একাউণ্ট, ফোন আৰু আন ডিভাইচ আৰবী ভাষাত ছেট কৰিছিল। তেওঁ আৰবী ভাষাত বাতৰি, চলচ্চিত্ৰ, ৰীল আৰু শ্বৰ্টছ চাই আছিল। তেওঁ আৰবী ভাষাত পঢ়িছিল আৰু লিখিছিল। পৰৱৰ্তী সপ্তাহত তেওঁ আন এটা ভাষাতো একেই কাম কৰিব। প্ৰাচীন জ্ঞান আৰু প্ৰজ্ঞাৰ সৈতে জড়িত সংস্কৃত শিকিব বিচাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে তেওঁ চেষ্টা কৰিছিল কিন্তু ভালদৰে শিকাৰ উপকৰণৰ অভাৱত তেওঁ সেয়া বাদ দিছিল। "শিক্ষকৰ পৰা শিকাৰ পৰম্পৰাগত পদ্ধতিটো মোৰ বৰ একঘেয়ামী যেন অনুভৱ হয় আৰু মই নিজে শিকিবলৈ ভাল পাওঁ।’’- তেওঁ কয়। ইয়াৰ আন এটা কাৰণ আছিল যে তেওঁ ভাবিছিল যে এই ভাষাটো আৰু ব্যৱহাৰ নহয়। ''ই এটা মৃত ভাষা আৰু মই কোনো পণ্ডিত নহয়। মই অতীতলৈ ঘূৰি চোৱা মানুহ নহয়। মই ভৱিষ্যতলৈ চাওঁ আৰু সংস্কৃত ভৱিষ্যতৰ বাবে নহয়’’, তেওঁ কয়।
 
তেওঁ লগতে কয় যে প্ৰচলিত ভাষাসমূহৰ সৈতে সংযোগ থকাৰ বাবে তেওঁ লেটিন শিকিবলৈও চেষ্টা কৰিছিল যদিও একেই কাৰণত সেয়াও হৈ উঠা নাছিল। তেওঁ কয় যে তেওঁ বুজি পোৱা ৪৬টা ভাষাত অন্ততঃ B1 পৰ্যায়ৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰাৰ বাবে কাম কৰি আছে যদিও বৰ্তমান তেওঁ মাত্ৰ কেইটামান ভাষাতহে এনে প্ৰমাণপত্ৰ লাভ কৰিছে। "মই প্ৰথমতে সকলো ৪৬টা ভাষাত B1 পৰ্যায়ত উপনীত হ'ব বিচাৰো আৰু তাৰ পিছত আৰু অধিক ভাষা আয়ত্ত কৰিবলৈ চেষ্টা কৰিম", তেওঁ কয়।
 
বিদেশত মহমুদ আক্ৰাম তেওঁৰ বন্ধুৰ সৈতে
 
যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে কিয় তেওঁ ভাষা শিকাৰ এই প্ৰচেষ্টাত জড়িত আৰু ই তেওঁক কিদৰে সহায় কৰে, তেতিয়া তেওঁ তেওঁৰ নিৰ্বাচিত পথ সম্পৰ্কত যথেষ্ট আত্মবিশ্বাসী যেন ভাব হয়ঃ "যেতিয়া আমি কোনো ব্যক্তিৰ মাতৃভাষাত কথা কওঁ, তেতিয়া আমি কেৱল মগজুকে নহয়, হৃদয়কো আকৰ্ষণ কৰো", তেওঁ কয়।
 
''যদি কোনো বিদেশী ভাৰতলৈ আহে আৰু তেওঁ তামিল ভাষাত কথা ক'ব পাৰে, তেন্তে তামিলনাডুৰ জনসাধাৰণৰ সৈতে তেওঁৰ বাৰ্তালাপ অধিক ব্যক্তিগত পৰ্যায়ৰ হ'ব। ই আমাক (ভাষিক) সংখ্যালঘুসকলৰ ওচৰলৈ লৈ যাবলৈ সহায় কৰিব’’- তেওঁ কয়।
 
আক্ৰামৰ এই আৱেগৰ বাবে তেওঁৰ স্কুলীয়া জীৱন আছিল এক সংগ্ৰামৰ দৰে। ব্যৱস্থাটোৰ কঠিনতাই তেওঁৰ ভাষিক আকৰ্ষণৰ বাবে ঠাই কমেইহে ৰাখিছিল। অৱশেষত, তেওঁ ভাৰতত মুক্ত শিক্ষাৰ সন্ধান কৰে আৰু পিছত অষ্ট্ৰিয়াত চাৰি বছৰ সময় ব্যয় কৰি নিজৰ পছন্দৰ ভাষা আৰু বিষয় অধ্যয়ন কৰে আৰু সেই সময়তে তেওঁ জাৰ্মান ভাষাত দক্ষতা অৰ্জন কৰে। তেওঁ নেচনেল ইনষ্টিটিউট অৱ অপেন স্কুলিঙৰ জৰিয়তে তেওঁ মেট্ৰিক সম্পূৰ্ণ কৰে।
 
আক্ৰামে বিশ্বাস কৰে যে যিকোনো ব্যক্তিয়ে ১০০ দিনৰ ভিতৰত এটা ভাষাত উচ্চ প্ৰাৰম্ভিক বা মধ্যম স্তৰ পাব পাৰে, যদিহে তেওঁলোকৰ মনোযোগ, স্মৃতি আৰু অনুশাসন থাকে। তেওঁৰ পদ্ধতিটো প্ৰণালীবদ্ধঃ তিনি সপ্তাহ ধৰি অধ্যয়ন, তাৰ পিছত পৰ্যায়ক্ৰমে পাঠ গ্ৰহণ, ছ'চিয়েল মিডিয়া শ্ৰৱণ, চলচ্চিত্ৰ, সংগীত আৰু শেষত সম্পূৰ্ণ নিমজ্জন - অৰ্থাৎ দৈনন্দিন জীৱনত কেৱল সেই ভাষা ব্যৱহাৰ কৰা।
 
বৰ্তমান চেন্নাইত বাস কৰা আক্ৰামে একে সময়তে তিনিটা ডিগ্ৰী অৰ্জন কৰিছে: ইংলেণ্ডৰ এখন মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ভাষাবিজ্ঞান, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী আৰু আলাগাপ্পা বিশ্ববিদ্যালয়ৰ পৰা এনিমেছনত এটা ডিগ্ৰী। তেওঁ কেৱল এনিমেছনৰ ক্লাছত উপস্থিত থাকে আৰু বাকী দুটা বিষয়ৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হয়।
 
তেওঁৰ দীৰ্ঘম্যাদী লক্ষ্য হৈছে শিক্ষকতা- বিশেষকৈ শিক্ষাৰ্থীৰ মাতৃভাষাৰ যোগেদি বিদেশী ভাষা শিকোৱা। তেওং কয়, "যদি মই এজন জাৰ্মানীক জাৰ্মানীত কথা পাতি পাতি এজন জাৰ্মানীক হিন্দী শিকাব পাৰো, তেতিয়াহে জ্ঞানে প্ৰকৃত অৰ্থত নতুন দুৱাৰ খুলি দিব।’’ তেওঁ তেওঁৰ পিতৃৰ আক্ৰম গ্লোবেল লেংগুৱেজ ইনষ্টিটিউটত শিক্ষকতা কৰে।
 
এজন বন্ধুৰ সৈতে মহমুদ আক্ৰাম
 
এজন বিস্ময়কৰ শিশু হিচাপে তেওঁ আন্তৰ্জাতিক দৃষ্টি আকৰ্ষণ কৰিছিল। জানিব পৰা মতে, দহ বছৰ বয়সত তেওঁক দক্ষিণ আফ্ৰিকাৰ নাগৰিকত্বৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু দক্ষিণ-পূব এছিয়াৰ বিদ্যালয়সমূহে তেওঁক অতিথি শিক্ষক হিচাপে আমন্ত্ৰণ জনাইছিল।
 
ভাৰতত মুছলমান হিচাপে ডাঙৰ-দীঘল হোৱা আক্ৰামৰ মন্তব্য যথেষ্ট সংযত। তেওঁ কয় যে এটা দশক পূৰ্বে ৰাষ্ট্ৰৰ সমৰ্থন দুৰ্লভ আছিল। আমাৰ পঢ়া-শুনাত সমস্যা হ'লে কোনেও আমাৰ কথা শুনিবলৈ বা আমাক সহায় কৰিবলৈ প্ৰস্তুত নাছিল। বিতংভাৱে প্ৰকাশ নকৰাকৈ তেওঁ চমুকৈ কয়, "এতিয়া পৰিস্থিতি সলনি হৈছে"।
 
আজি তেওঁৰ আটাইতকৈ ডাঙৰ উচ্চাকাংক্ষা হৈছে নতুন ভাষা শিকা অব্যাহত ৰখাৰ সমান্তৰালকৈ থিৰুক্কুৰালক একাধিক ভাষালৈ অনুবাদ কৰা, যাক তেওঁ প্ৰত্যক্ষভাৱে জনসাধাৰণৰ হৃদয়ত প্ৰৱেশ কৰা পথ হিচাপে গণ্য কৰে। আমি বিদায় লোৱাৰ সময়ত তেওঁ কেইটামান আৰবী শব্দ আগবঢ়ায়ঃ মাৰহাবা (হেল্লো), শুকৰান (ধন্যবাদ), কাইফ আল-হাল? (কেনে আছে?) আৰু আলহামদুলিল্লাহ (আল্লাৰ কৃপাত সকলো ভালে আছে)।