ৰোজাৰ সৈতে জড়িত ভুল ধাৰণা আৰু ইয়াৰ বাস্তৱিকতা

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ড° ফিৰদৌস খান
 
ৰমজান মাহত ৰোজাৰ সৈতে জড়িত বহুতো ভুল ধাৰণাৰ ওপৰত আলোচনা হয়, যেনে— কি কি কাম কৰিলে ৰোজা ভাঙে আৰু কি কৰিলে নাভাঙে। বহু লোকৰ এই বিষয়ে বিশেষ জ্ঞান নাথাকে। যিবোৰ শিশুৱে মাদ্ৰাছাত পঢ়ে, তেওঁলোকৰ ধৰ্মীয় বিষয়ত যথেষ্ট জ্ঞান থাকে, কিন্তু যিসকলে কেতিয়াও মাদ্ৰাছাৰ মুখ দেখা নাই আৰু ধৰ্মীয় পৰিৱেশৰ পৰাও আঁতৰত আছে বা ধৰ্মীয় বিষয়ত আগ্ৰহ নাই, তেওঁলোকে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হয়।
 
আজি এই ভুল ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰোঁ আহক। কি কি বস্তুৰ দ্বাৰা ৰোজা ভাঙে, সেই বিষয়ে শ্বৰীয়তত নিয়ম নিৰ্ধাৰণ কৰা হৈছে। বিভিন্ন হাদীছত এইবোৰৰ উল্লেখ পোৱা যায়।

 
প্ৰশ্ন: ছেহৰীৰ সময়ত টোপনিৰ পৰা সাৰ নোপোৱাৰ বাবে যদি ছেহৰী খোৱা নহয়, তেন্তে ৰোজা হ'বনে?
 
উত্তৰ: ৰোজাৰ বাবে ছেহৰী খোৱাটো অপৰিহাৰ্য (লাজিমী) নহয়। হয়, ছেহৰী খোৱাটো ছুন্নত অৱশ্যে হয়। হজৰত আনাছ বিন মালিক (ৰাঃ)-ৰ পৰা বৰ্ণিত যে আল্লাহৰ ৰাছুল হজৰত মহম্মদ (ছাঃ)-এ কৈছে— "তোমালোকে ছেহৰী খোৱা, কিয়নো ছেহৰী খোৱাত বৰকত আছে।" (ছহীহ বুখাৰী: ১৯২৩, ছহীহ মুছলিম: ১০৯৫)
 
যদি কাৰোবাৰ ৰোজা ৰখাৰ নিয়ত আছিল, কিন্তু কোনো কাৰণত ছেহৰীৰ সময়ত চকু মেল নাখালে আৰু যেতিয়া সাৰ পালে তেতিয়াও তেওঁৰ নিয়ত ৰোজাৰেই থাকে, তেন্তে তেওঁৰ ৰোজা হৈ যাব। বিশেষ কথাটো হ’ল যে তেওঁ দুপৰীয়াৰ আগতে ৰোজাৰ নিয়ত কৰিব লাগিব আৰু টোপনিৰ পৰা উঠাৰ পিছত একো খোৱা-বোৱা কৰিব নালাগিব।
 
প্ৰশ্ন: ৰোজাৰ অৱস্থাত ভুলবশতঃ কিবা খালে ৰোজা ভাঙিব নেকি ?
 
উত্তৰ: যদি কোনো ব্যক্তিয়ে জানি-বুজি ৰোজাৰ সময়ত কিবা খায়, তেন্তে তেওঁৰ ৰোজা ভাঙি যাব। কিন্তু যদি অজানিতে খোৱা যায়, তেন্তে ইয়াৰ দ্বাৰা ৰোজা নাভাঙে। হজৰত আবু হুৰাইৰা (ৰাঃ)-ৰ পৰা বৰ্ণিত যে আল্লাহৰ ৰাছুল হজৰত মহম্মদ (ছাঃ)-এ কৈছে— "যদি কোনোবাই ভুলবশতঃ কিবা খায়, তেন্তে তেওঁ নিজৰ ৰোজা সম্পূৰ্ণ কৰা উচিত, কিয়নো তেওঁ যি খাইছে, সেয়া আল্লাহৰ ফালৰ পৰা তেওঁক দিয়া হৈছে।" (ছহীহ বুখাৰী: ১৯৩৩) ইয়াৰ পৰা জানিব পাৰি যে, জানি-বুজি খোৱা-বোৱা কৰিলেহে ৰোজা ভাঙে, ভুলত খালে ৰোজা নাভাঙে।
 
প্ৰশ্ন: বমি হ’লে ৰোজা ভাঙি যায় নেকি?

উত্তৰ: বমি হোৱাটো কাৰো নিজৰ নিয়ন্ত্ৰণত নাথাকে, সেয়েহে বমি হ’লে ৰোজা নাভাঙে। হয়, যদি কোনোবাই ৰোজাৰ অৱস্থাত জানি-বুজি মুখত আঙুলি দি বমি কৰে, তেন্তে তাৰ দ্বাৰা ৰোজা ভাঙি যায়।
 
হজৰত আবু হুৰাইৰা (ৰাঃ)-ৰ পৰা বৰ্ণিত যে আল্লাহৰ ৰাছুল হজৰত মহম্মদ (ছাঃ)-এ কৈছে— "যাৰ নিজে নিজে বমি হয়, তেওঁৰ ৰোজা কাজা কৰাৰ প্ৰয়োজন নাই, কিন্তু যিয়ে জানি-বুজি বমি কৰে, তেওঁ কাজা কৰিব লাগিব।" (চুনান তিৰমিজী: ৭২০)
 
অৰ্থাৎ, যাৰ নিজে নিজে বমি হয়, তেওঁ ৰোজা অব্যাহত ৰাখিব পাৰে, কিন্তু যিয়ে জানি-বুজি বমি কৰিছে, তেওঁ ৰমজানৰ পিছত শ্বাওয়াল মাহত ইয়াৰ পৰিৱৰ্তে ৰোজা ৰাখিব লাগিব।
 
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰশ্ন: এহতেলাম (স্বপ্নদোষ) হ’লে ৰোজা ভাঙি যায়নে?
 
উত্তৰ: এয়াও মানুহৰ নিজৰ নিয়ন্ত্ৰণত নাই, গতিকে ৰোজা নাভাঙে। হয়, যদি জানি-বুজি এনে কিবা কৰা হয় যাৰ দ্বাৰা এহতেলাম হয়, তেন্তে ৰোজা ভাঙি যায়।
 
 
প্ৰশ্ন: যৌন সম্পৰ্ক স্থাপন কৰিলে ৰোজা ভাঙি যায়নে?
 
 
উত্তৰ: ৰোজাৰ অৱস্থাত যৌন সম্পৰ্ক স্থাপন কৰিলে কেৱল ৰোজাই নাভাঙে, বৰঞ্চ ইয়াৰ বাবে গধুৰ কাফ্ফাৰাও (জৰিমনা) আদায় কৰিব লাগে। হজৰত আবু হুৰাইৰা (ৰাঃ)-ৰ পৰা বৰ্ণিত যে যেতিয়া আমি আল্লাহৰ ৰাছুল (ছাঃ)-ৰ সৈতে বহি আছিলোঁ, তেতিয়াই এজন লোক আহিল আৰু ক’লে— "হে আল্লাহৰ ৰাছুল (ছাঃ)! মই ধ্বংস হৈ গ’লোঁ।"
 
আল্লাহৰ ৰাছুলে (ছাঃ) সুধিলে— "কি কথা?" তেওঁ উত্তৰ দিলে— "মই ৰোজা ৰাখি মোৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলোঁ।" আল্লাহৰ ৰাছুলে (ছাঃ) ক’লে— "তুমি এজন দাসক মুক্ত কৰিব পাৰিবানে?" তেওঁ অস্বীকাৰ কৰিলে।
 
আল্লাহৰ ৰাছুলে (ছাঃ) ক’লে— "তুমি একেৰাহে দুমাহ ৰোজা ৰাখিব পাৰিবানে?" তেওঁ অস্বীকাৰ কৰিলে। আল্লাহৰ ৰাছুলে (ছাঃ) ক’লে— "তুমি ষাঠীজন দৰিদ্ৰক খুৱাব পাৰিবানে?" তেওঁ অস্বীকাৰ কৰিলে। ৰাছুল (ছাঃ) মৌন হৈ থাকিল আৰু আমি এই অৱস্থাত থাকোঁতেই ৰাছুল (ছাঃ)-ৰ ওচৰলৈ খেজুৰেৰে ভৰা এটা ডাঙৰ পাচি অনা হ’ল।
 
আল্লাহৰ ৰছুল (ছাঃ) ক’লে— "প্ৰশ্ন সোধা লোকজন ক’ত?" তেওঁ উত্তৰ দিলে— "মই ইয়াতে আছোঁ।" ৰছুলে (ছাঃ) ক’লে— "এই খেজুৰৰ পাচিটো লোৱা আৰু ইয়াক দান কৰা।" সেই মানুহজনে ক’লে— "মই ইয়াক মোৰতকৈ দৰিদ্ৰক দিমনে? আল্লাহৰ শপত, মদীনাৰ এই দুখন পাহাৰৰ মাজত মোৰ পৰিয়ালতকৈ দৰিদ্ৰ কোনো নাই।" ৰাছুল (ছাঃ) হাঁহিলে, আনকি আপোনাৰ (ছাঃ) দাঁত মোবাৰক দেখা গ’ল আৰু তাৰ পিছত ক’লে— "ইয়াৰ দ্বাৰা তোমাৰ পৰিয়ালৰ পেট ভৰোৱা।" (ছহীহ বুখাৰী: ১৯৩৬)
 
প্ৰশ্ন: তেল, সুগন্ধি (আতৰ), চুৰ্মা আৰু কাজল লগালে তথা নাভিৰ তলৰ নোম পৰিষ্কাৰ কৰিলে ৰোজা ভাঙি যায়নে?
 
উত্তৰ: তেল, সুগন্ধি, চুৰ্মা আৰু কাজল লগালে তথা নাভিৰ তলৰ নোম পৰিষ্কাৰ কৰিলে ৰোজা নাভাঙে, বৰঞ্চ ইয়াৰ দ্বাৰা মানুহৰ ব্যক্তিত্বত নিখাৰ আহে। ৰোজাৰ অৱস্থাত তেল, সুগন্ধি আৰু চুৰ্মা লগোৱাটো আল্লাহৰ ৰাছুল হজৰত মুহাম্মদ (ছাঃ)-ৰ ছুন্নত। হজৰত আয়েশা (ৰাঃ)-ৰ পৰা বৰ্ণিত— "আল্লাহৰ ৰছুলে(ছাঃ) ৰমজানত ৰোজাৰ অৱস্থাত চকুুত চুৰ্মা লগাইছিল।" (ইবনে মাজা: ১৬৭৮)
 
প্ৰশ্ন: মিছৱাক বা পেষ্ট কৰিলে ৰোজা ভাঙি যায়নে?
 
উত্তৰ: মিছৱাক বা পেষ্ট কৰিলে ৰোজা নাভাঙে। হয়, এই কথা মনত ৰখা উচিত যে মিছৱাকৰ আঁহ বা পেষ্ট যেন ডিঙিৰ ভিতৰলৈ নাযায়।
 
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰশ্ন: আঘাতৰ বাবে তেজ ওলালে বা তেজ পৰীক্ষাৰ বাবে তেজ উলিয়ালে ৰোজা ভাঙি যায়নে?
 
উত্তৰ: তেনে কোনো কথা নাই। শৰীৰৰ পৰা তেজ ওলালে ৰোজা নাভাঙে।
 
প্ৰশ্ন: বেজী (ইনজেকচন) ল’লে ৰোজা ভাঙি যায়নে?
 
উত্তৰ: কিছুমান উলামাই ভাবে যে বেজী ল’লে ৰোজা ভাঙি যায়। বহুতৰে মতে বেজী ল’লে ৰোজা নাভাঙে। যদি কাৰোবাৰ অৱস্থা অতি বেয়া হয় আৰু বাধ্য হৈ বেজী লৈছে, তেন্তে তেওঁৰ ৰোজা নাভাঙে। হয়, যদি এনে কোনো ঔষধ লোৱা হয় যি পেট বা মগজুত গৈ পায় অথবা শক্তিৰ বাবে লোৱা হয়, তেন্তে তাৰ দ্বাৰা ৰোজা ভাঙি যায়।
 
প্ৰশ্ন: কফ বা থু গিলিলে ৰোজা ভাঙি যায়নে?
 
উত্তৰ: কফ বা থু গিলিলে ৰোজা নাভাঙে, কাৰণ এয়া বাহিৰৰ পৰা মুখত প্ৰৱেশ কৰা নাই।
 
(লেখিকা এগৰাকী আলিমা আৰু তেওঁ 'ফহম আল কোৰআন' লিখিছে।)