‘আৱাজ-ই-খাৱতীন’ৰ মঞ্চত মুছলমান মহিলাৰ অধিকাৰ, সংগ্ৰাম আৰু সম্ভাৱনাৰ এক স্পষ্ট ছবি

Story by  atv | Posted by  Munni Begum • 7 h ago
নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেন্টাৰত 'আৱাজ-ই-খাৱতীন' (NGO) ৰ পেনেল আলোচনাৰ এক দৃশ্য
নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেন্টাৰত 'আৱাজ-ই-খাৱতীন' (NGO) ৰ পেনেল আলোচনাৰ এক দৃশ্য
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেন্টাৰত 'আৱাজ-ই-খাৱতীন' (NGO) ৰ দ্বাৰা আয়োজিত 'ভাৰতৰ মুছলমান মহিলাঃ অধিকাৰ, বাস্তৱ আৰু প্ৰত্যাহ্বান' শীৰ্ষক পেনেল আলোচনাখন কেৱল এক আনুষ্ঠানিক মত-বিনিময়ৰ অনুষ্ঠান নহয়, বৰং তৃণমূলৰ বাস্তৱতা, সামাজিক চিন্তাধাৰা, আইন আৰু পৰিচয়ৰ বহুমুখী দিশসমূহৰ ওপৰত গভীৰ আলোচনাৰ মঞ্চ আছিল। এই আলোচনাত এইটো স্পষ্ট হৈ পৰিছিল যে, মুছলমান মহিলাৰ মৰ্যাদা বুজিবলৈ কেৱল নীতি বা ধৰ্মীয় দৃষ্টিকোণৰ পৰা নহয়, ইতিহাস, সমাজ, সাহিত্য আৰু বৰ্তমানৰ বাস্তৱিকতা সমূহকো একত্ৰিত কৰি চোৱাৰ প্ৰয়োজন আছে।  
 
এই অধিৱেশনখন সুদক্ষতাৰে আঁত ধৰে 'আৱাজ-ই-খাৱতীন'ৰ সন্মানীয় আহ্বায়ক ডাঃ বাবলি পাৰবীনে। তেওঁ ভাৰতৰ মহিলাসকলৰ ব্যাপক মৰ্যাদাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ায়। পণ্ডিত আৰু দাৰ্শনিকসকলৰ মতামতৰ আধাৰত ডাঃ পাৰবীনে এই আলোচনা ঐতিহাসিক আৰু সমসাময়িক প্ৰেক্ষাপটৰ ভিতৰতে ৰূপায়ণ কৰিছিল, যাৰ ফলত লিংগ, পৰিচয়, ন্যায়ৰ দৰে বিষয়সমূহৰ ওপৰত এক সুক্ষ্ম আলোচনাৰ মঞ্চ তৈয়াৰ কৰা হৈছিল।
 
অনুষ্ঠানৰ পোষ্টাৰ
 
এই অনুষ্ঠানত ভাৰতীয় সামাজিক প্ৰতিষ্ঠানৰ অধ্যাপিকা আৰু ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ সামাজিক ন্যায় বিভাগৰ অধ্যাপক জ্যেষ্ঠ সাংবাদিক ছাবা নাকৱী উপস্থিত থাকে। ছাবিহা হুছেইন, চি আৰ ডি ডি পি আৰু এ আই চি ৱে টি ইৰ অধ্যক্ষ ড০ শ্বাবিস্তান গাফ্ফৰ আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ফিৰদৌছ কুতুব ৱানীয়ে তেওঁলোকৰ মতামত ব্যক্ত কৰে। তেওঁলোকৰ অভিজ্ঞতা আৰু অধ্যয়নৰ ভিত্তিত সকলো বক্তাই মুছলমান মহিলাৰ অধিকাৰ, সম্পদৰ অভাৱ, সামাজিক বাধা, সম্ভাৱনাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।
 
আলোচনাৰ সময়ত দেখা গ’ল যে, সাংবিধানিক অধিকাৰ আৰু স্থল বাস্তৱতাৰ মাজত গভীৰ ব্যৱধান আছে। শিক্ষা আৰু কৰ্মসংস্থাপনৰ সীমিত সুবিধা, আইনী সজাগতাৰ অভাৱ, সামাজিক হেঁচা, সিদ্ধান্ত লোৱাৰ স্বাধীনতাৰ অভাৱ— এই সকলোবোৰ কাৰকে মুছলমান মহিলাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিছে। লগতে কোৱা হৈছিল যে, নাৰী নিজৰ অধিকাৰৰ প্ৰতি সচেতন, কিন্তু সমাজ আৰু পৰিয়ালৰ প্ৰতি থকা ভয়ে তেওঁলোকক আগবাঢ়ি আহিবলৈ বাধা দিয়ে।
 
সাহিত্যিক মহাদেৱী ৱাৰ্মা আৰু ইছমত চুঘটাইৰ উদাহৰণ দি ববলী পাৰবীনে কয় যে, সাহিত্য সমাজৰ দাপোন, নাৰীৰ প্ৰকৃত অৱস্থা বুজিবলৈ সহায় কৰে। দীৰ্ঘদিন ধৰি নাৰীক "মানুহ" নহয়, কেৱল "মহিলা" বুলি চোৱাটোৱে তেওঁলোকৰ পৰিচয় আৰু স্বাধীনতা সীমিত কৰি ৰাখিছে।
 
অধ্যাপিকা ছাবিহা হুছেইনে স্পষ্টভাৱে কয় যে, মুছলমান মহিলাক কেৱল ইছলামিক দৃষ্টিকোণৰ পৰা চোৱাটো এটা সংকীৰ্ণ দৃষ্টিভংগী। তেওঁ "অধিকাৰ, সম্পদ, বাস্তৱতা আৰু পথ অৱৰোধ"ৰ চাৰিটা মাত্ৰাৰ জৰিয়তে বিষয়সমূহ বুজি পোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 
 
ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, বিহাৰৰ পৰা জেএনইউলৈ যোৱা তেওঁ প্ৰথমগৰাকী মুছলমান মহিলা আছিল আৰু শৈক্ষিক পটভূমি নথকা সত্ত্বেও তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল। তেওঁ কয় যে, প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কোনো বাধা নাই, কিন্তু ইয়াৰ বাবে সঠিক নিৰ্দেশনা আৰু শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, যিসকল কেৱল শিক্ষক নহয়, বৰঞ্চ পৰামৰ্শদাতাও।
 
ডাঃ শ্বাবিস্তান গাফ্ফাৰে উল্লেখ কৰে যে, মুছলমান মহিলাৰ দুৰ্দশাৰ মূল কাৰণ ধৰ্ম নহয়, বৰঞ্চ দৰিদ্ৰতা আৰু সম্পদৰ অভাৱ। শিক্ষাৰ নিম্ন মানদণ্ড, আন্তঃগাঁথনিৰ অভাৱ আৰু অৰ্থনৈতিক বৈষম্য বৃদ্ধি হোৱাটো প্ৰধান সমস্যা বুলি তেওঁ উল্লেখ কৰি কয় যে, "দৰিদ্ৰসকল দৰিদ্ৰ হৈ আহিছে, আনহাতে ধনীসকল অধিক ধনী হৈ আহিছে।" তেওঁ লগতে কয় যে, চৰকাৰী নীতিয়ে তৃণমূল পৰ্যায়ত প্ৰভাৱ পেলাব পৰা নাই আৰু মুছলিম মহিলাসকলৰ বাবে শিক্ষানুষ্ঠানসমূহৰ অভাৱ আৰু সেইবোৰ বন্ধ হৈ পৰাৰ সমস্যাৰ ওপৰত গুৰুত্ব সহকাৰে চিন্তা কৰাৰ প্ৰয়োজন আছে।
 
আইনী দিশৰ ওপৰত আলোচনা কৰি দেখা গ'ল যে, ভাৰতত মহিলাৰ বাবে যথেষ্ট আইন আছে যদিও বৈবাহিক অধিকাৰেই হওক বা আন সুৰক্ষা হওক- তেওঁলোকৰ প্ৰৱেশ আৰু ব্যৱহাৰ এতিয়াও সীমিত হৈয়েই আছে। বক্তাসকলে কয় যে, ঘৰে ঘৰে কন্যাসকলক শিক্ষা, কেৰিয়াৰ বা জীৱনৰ অন্যান্য গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰদান কৰা নহয়।
 
ফিৰদৌছ কুতুব ৱানীয়ে মহিলাসকলক তেওঁলোকৰ জীৱন সঙ্গীৰ নিৰ্বাচন চিন্তাধাৰাৰে কৰাৰ পৰামৰ্শ দি কয়, "এনেকুৱা সঙ্গী বাছি লওক যি আপোনাক সমৰ্থন কৰিব, কেৱল অনুমতিয়ে নহয়। " তেওঁ লগতে কয় যে, পৰিয়ালত আৱেগিক সমৰ্থনৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু মহিলাসকলে আত্মনিৰ্ভৰশীল  হ’বলৈ চেষ্টা কৰা উচিত।
 
পেনেল আলোচনাৰ এক দৃশ্য
 
পৰিচয়ৰ বিষয়টোৰ ওপৰতো আলোচনা কৰা হয়, য'ত হিজাব বা স্কাৰ্ফক বোজা হিচাপে নহয় ব্যক্তিগত পৰিচয় হিচাপে গণ্য কৰা হৈছিল। এক উদাহৰণস্বৰূপে, বহু মহিলাই নিজৰ পৰিচয়ক লৈ গৌৰৱান্বিত হয় আৰু ইয়াক তেওঁলোকৰ স্বকীয়তা হিচাপে উপস্থাপন কৰে।
 
আলোচনাত এই কথাও উল্লেখ কৰা হয় যে, শিক্ষা হ'ল সেই মাধ্যম যিটোৱে ধৰ্মনিৰপেক্ষতা আৰু বৈষম্য দূৰ কৰিব পাৰে। বক্তাসকলে সমতাৰ পৰিৱৰ্তে সমান সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে,  প্ৰতিগৰাকী মহিলাই তেওঁলোকৰ পৰিস্থিতি অনুসৰি সুযোগ লাভ কৰিব লাগে। সমাজত ইতিবাচক বাৰ্তা আৰু উপযুক্ত পথ প্ৰদৰ্শনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নেতৃত্বৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
ডাঃ গাফ্ফাৰে  তেওঁৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি সাংস্কৃতিক বৈচিত্ৰ্য আৰু শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু কয় যে, ধৰ্ম হ'ল ধাৰণা আৰু অনুশীলনৰ বিষয়, উত্তৰাধিকাৰ নহয়। মহিলাসকলে ধৰ্মীয় জ্ঞান আহৰণ আৰু সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। 
 
আলোচনাত এই ধাৰণাটোও উত্থাপিত হয় যে, কেৱল 'মহিলা দিৱস' বা আন প্ৰতীকী দিৱস উদযাপন কৰিলে পৰিৱৰ্তন নহয়, বৰং সৱলীকৰণৰ বাবে স্থায়ী আৰু সংহত প্ৰচেষ্টা অতি প্ৰয়োজনীয়
 
শেষত বাবলী পাৰৱিনে অনুষ্ঠানটোত উপস্থিত থকা সকলো বক্তা , শ্ৰোতা আৰু 'আৱাজ ই খোৱাতীন'ৰ পৰা ইউছৰা ছিদ্দিকী আৰু টুবা খাতুনৰ লগতে 'আৱাজ  দ্য ভইছ'ৰ মুখ্য সম্পাদক আতীৰ খান আৰু 'খুছাৰো ফাউণ্ডেশ্যন'ৰ আহ্বায়ক হাফিজুৰ ৰহমানক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।
 
অধিবেশনত অংশগ্ৰহণকাৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল, আৰু সন্মতি প্ৰকাশ কৰে যে, মুছলিম মহিলাসকলৰ সৱলীকৰণৰ বাবে শিক্ষা, সজাগতা, আইনী প্ৰৱেশাধিকাৰ, সামাজিক সমৰ্থন আৰু নীতি সংস্কাৰৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা আছে। এই কাৰ্যসূচীয়ে কেৱল মত-বিনিময়ৰ মঞ্চ হিচাপেই কাম কৰাই নহয়, ই ভৱিষ্যতৰ আগুৱাই যোৱাৰ দিশ নিৰ্ণয় কৰাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰিছিল।