শৃংখলাবদ্ধ জীৱনশৈলীৰে ফেটি লিভাৰক পৰাস্ত ছুনেইনা ৰোশনৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
 ছুনেইনা ৰোশন
ছুনেইনা ৰোশন
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো  
 
৫৪ বছৰীয়া ছুনেইনা ৰোশনৰ জীৱনৰ এক অনুপ্ৰেৰণামূলক অধ্যায়ে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে, দৃঢ় সংকল্প আৰু শৃংখলাবদ্ধ জীৱনশৈলীয়ে যিকোনো কঠিন স্বাস্থ্যজনিত সমস্যা দূৰ কৰিবলৈ সক্ষম হব পাৰে। ছুনেইনাই গ্ৰেড ৩ ফেটি লিভাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল। ছুনেইনাৰ জং ফুড খোৱা আৰু মাদক দ্ৰব্য সেৱন কৰাৰ দৰে অস্বাস্থ্যকৰ অভ্যাস আছিল। এই অভ্যাসবোৰে তেওঁৰ শৰীৰত কেনে প্ৰভাৱ পেলাব সেয়া তেওঁ উপলব্ধি কৰিব পৰা নাছিল, যেতিয়ালৈকে তেওঁ তেওঁৰ মেডিকেল ৰিপ'ৰ্টবোৰ দেখা নাছিল। যাৰ ফলত তেওঁৰ স্বাস্থ্য ক্ৰমান্বয়ে অৱনতি ঘটাইছিল। সেই সময়ত, তেওঁ অনুভৱ কৰিছিল যে, তেওঁৰ ওচৰত দুটা বিকল্প আছে, হয় তেওঁ স্বাস্থ্যৰ সমস্যাটো উপেক্ষা কৰিব লাগিব, নহয় তেওঁ নিজৰ শৰীৰটো সুস্থ কৰাৰ বাবে কাম কৰিব লাগিব। তেওঁ সিদ্ধান্ত ল'লে যে, তেওঁ কিবা নহয় কিবা এটা কৰিব।  
 
হৃতিক ৰোশনৰ ভগ্নী চলচ্চিত্ৰ প্ৰযোজক ছুনেইনাই কয় যে, "মই নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছিলো, স্বাস্থ্যকৰ আৰু সুস্বাদু ঘৰুৱা আহাৰ গ্ৰহণ কৰিছিলো আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি প্ৰথম গুৰুত্ব প্ৰদান কৰিছিলো। মই প্ৰশিক্ষণ লৈছিলো, মই সুস্থ হৈ থকাৰ দিশে আগবাঢ়িলো, যেতিয়া মোৰ মন নাছিল সেইবোৰ দিনটো মই  প্ৰশিক্ষণত উপস্থিত হৈছিলো। এই শৃংখলাবদ্ধতা আৰু দৃঢ় মানসিকতাৰ সহায়ত মই মোৰ গ্ৰেড ৩ ফেটি লিভাৰ সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছিলো। মই ভাবো যেতিয়া আপোনাৰ শৰীৰে আপোনাক পৰিবৰ্তন হবলৈ কয়, তেন্তে আপুনিও সেয়া শুনাৰ প্ৰয়োজন আৰু ইয়াৰ ওপৰত কাম কৰাৰ প্ৰয়োজন।" 
 
 
ছুনেইনাৰ মন্তব্যত সন্মতি প্ৰকাশ কৰি মুম্বাই চেণ্ট্ৰেলৰ ৱকহাৰ্ড হাস্পতালৰ পৰামৰ্শদাতা লিভাৰ ট্ৰান্সপ্লাণ্ট আৰু গেষ্ট্ৰাইটিছ চাৰ্জন ডাঃ স্বপনীল শৰ্মাই কয় যে, এনে ক্ষেত্ৰত সময় নিৰ্ধাৰন কৰাটো অতি গুৰুত্বপূৰ্ণ। ডাঃ শৰ্মাই কয় যে, “আনকি এডভান্স ফেটি লিভাৰো ভাল হ’ব পাৰে, আৰু কেতিয়াবা ই পুনৰ আগৰ উন্নত অৱস্থালৈও ঘুৰিও আহিব পাৰে, যদিহে স্থায়ী ঘা বা চিৰ’ছিছ হোৱাৰ আগতেই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। কিয়নো যকৃত এনে এটি অংগ যাৰ নিজেই ভাল হ’ব পৰা ক্ষমতা আছে, কিন্তু ইয়াৰ বাবে ধাৰাবাহিক পৰিৱৰ্তনৰ প্ৰয়োজন। ইয়াৰ বাবে তিনিটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে ওজন হ্ৰাস কৰা, উন্নত খাদ্য গ্ৰহণ কৰা আৰু মদ্যপান হ্ৰাস কৰা।"   
 
ডাঃ শৰ্মাই আৰোগ্যৰ ক্ষেত্ৰত অনুশাসনৰ ভূমিকা সম্পৰ্কেও ব্যাখ্যা কৰি কয় যে, "ফেটি লিভাৰ দ্ৰুতগতিত বিকশিত নহয় আৰু ইয়াক দ্ৰুতগতিত নিৰাময়ও কৰিব নোৱাৰি। নিয়মিত ব্যায়াম, সাৱধানে খোৱাৰ অভ্যাস আৰু মদ্যপান আৰু প্ৰক্ৰিয়াকৃত খাদ্যৰ প্ৰতি থকা আসক্তি এৰাই চলাটোৱে যকৃতৰ আৰোগ্যৰ বাবে উপযুক্ত পৰিস্থিতি সৃষ্টি কৰাত সহায় কৰে। তেওঁ লগতে কয় যে, অনুশাসনৰ অৰ্থ নিখুঁত হোৱা নহয়, কিন্তু ইয়াৰ অৰ্থ হ'ল প্ৰতিদিনে কৰি থকা।"
 
তেওঁ লগতে পৰামৰ্শ দিয়ে যে, সহজ, সুষম, ঘৰতে ৰন্ধা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয়, "শাক-পাচলি, পৰ্যাপ্ত পৰিমাণৰ প্ৰ'টিন, গোটা শস্য আৰু স্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্যই যকৃতত চৰ্বি জমা হোৱাত হ্ৰাস কৰাত সহায় কৰিব পাৰে। একে সময়তে চেনি, ৰিফাইন কাৰ্বোহাইড্ৰেট আৰু ভজা খাদ্য কমাব পৰাটো অতি প্ৰয়োজনীয়।" তেওঁ লগতে উল্লেখ কৰে যে, বহু লোকে নাজানে যে শৰ্কৰাযুক্ত পানীয় আৰু পেকেটৰ খাদ্যই ফেটি লিভাৰক কিমান পৰ্যায়লৈ বেয়া কৰিব পাৰে।    
 
ভাতৃ হৃতিক ৰোশনৰ সৈতে চলচ্চিত্ৰ প্ৰযোজক ছুনেইনা ৰোশন
 
শাৰীৰিক ক্ৰিয়া-কলাপৰ কথা উল্লেখ কৰি ডাঃ শৰ্মাই কয় যে, শাৰীৰিক পৰিশ্ৰম হৈছে সুস্থ হৈ থকাৰ আটাইতকৈ শক্তিশালী আহিলা। ডাঃ শৰ্মাই কয়, "ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, সংৰক্ষিত চৰ্বি ক্ষয় হোৱাত সহায় কৰে, আৰু প্ৰত্যক্ষভাৱে যকৃতৰ চৰ্বি হ্ৰাস কৰে। আনকি মধ্যমীয়া কাম যেনে দ্ৰুত খোজ কঢ়া, শক্তি প্ৰশিক্ষণ বা চাইকেল চলোৱা আদিও নিয়মিতভাৱে কৰিলে যকৃতৰ স্বাস্থ্য লক্ষণীয়ভাৱে উন্নতি হ’ব পাৰে। মূল কথাটো হ’ল তীব্ৰ ব্যায়াম কৰাৰ পৰিৱৰ্তে ইয়াক স্থায়ী কৰি ৰখাত গুৰুত্ব দিয়া উচিত।"  
 
আনকি নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (MASLD) নামৰ ৰোগতও মদ্যপানে যকৃতৰ ক্ষতিৰ গতি ক্ষিপ্ৰ কৰিব পাৰে। ডাঃ শৰ্মাই কয়, "যিসকল লোকৰ ইতিমধ্যে গ্ৰেড ৩ ফেটি লিভাৰ চিনাক্তকৰণ হৈছে, তেওঁলোকৰ বাবে মদ্যপান সম্পূৰ্ণৰূপে এৰাই চলিবলৈ কঠোৰ পৰামৰ্শ দিয়া হৈছে, যাতে লিভাৰৰ ওপৰত অধিক চাপ নপৰে।"
 
(আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে এই সজাগতামূলক প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)