ইতিহাস সাক্ষী আছে যে, দেশ বিভাজনৰ পিছৰে পৰা পাকিস্তানত সংখ্যালঘুসকলৰ বিশেষকৈ হিন্দু আৰু শিখসকলৰ দুৰৱস্থা এক গভীৰ চিন্তাৰ বিষয় হৈ আহিছে। তেওঁলোকৰ ওপৰত কৰা উৎপীড়ন, জোৰদবৰদস্তি ধৰ্মান্তৰকৰণ, তেওঁলোকৰ সম্পত্তি বেদখল কৰা আৰু ঐতিহাসিক মন্দিৰসমূহ ভাঙি পেলোৱাৰ দৰে ঘটনা অতি আশংকাজনকভাৱে নিয়মীয়াকৈ পোহৰলৈ আহি থাকে। কিন্তু আচৰিত কথাটো হ’ল যে, দশক দশক ধৰি চলা ইছলামীকৰণে গঢ় দিয়া এখন দেশত এই নাম সলনিৰ অভিযানটো কোনো সংগঠিত বিৰোধিতা নোহোৱাকৈয়ে আগবাঢ়িছে।
পুৰণি নামসমূহ পুনৰুদ্ধাৰ কৰি পাকিস্তানে বিশ্ব সম্প্ৰদায়ক, বিশেষকৈ পশ্চিমীয়া দেশসমূহক দেখুৱাব বিচাৰিছে যে তেওঁলোকে নিজৰ "কট্টৰপন্থী ভাবমূৰ্তি" ত্যাগ কৰি এখন সহনশীল, অন্তৰ্ভুক্ত আৰু বহুসাংস্কৃতিক দেশ হিচাপে গঢ় লৈ উঠিছে, যাৰ দ্বাৰা কূটনৈতিক আৰু অৰ্থনৈতিক সাহায্য লাভ কৰাটো সহজ হৈ পৰে।
সন্ত্ৰাসবাদত পুঁজি যোগান ধৰাৰ অভিযোগৰ বাবে পাকিস্তানে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষণৰ সন্মুখীন হৈ আহিছে, যাৰ বাবে তেওঁলোকৰ অৰ্থনীতিৰ কোটি কোটি ডলাৰ লোকচান হৈছে। লাহোৰৰ দৰে এটা ডাঙৰ সাংস্কৃতিক কেন্দ্ৰত ঔপনিৱেশিক যুগৰ নামসমূহ পুনৰুদ্ধাৰ কৰি পাকিস্তানে এটা এনে আখ্যান বা বাৰ্তা তৈয়াৰ কৰিব বিচাৰিছে যাৰ দ্বাৰা বুজাব পাৰি যে তেওঁলোকে চৰমপন্থা পিছলৈ এৰি থৈ আহিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে যাতে 'ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ' (FATF) বা অন্যান্য গোলকীয় প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ ওপৰত পুনৰ কোনো কঠোৰ নিষেধাজ্ঞা আৰোপ নকৰে।
ইছলামাবাদ (পাকিস্তান চৰকাৰ) জীয়াই থকাৰ বাবে সম্পূৰ্ণৰূপে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা পুঁজিৰ (IMF) বেইলআউট পেকেজৰ (আৰ্থিক সাহায্য) ওপৰত নিৰ্ভৰশীল। আই.এম.এফ.-এ কেৱল কোনো দেশৰ অৰ্থনৈতিক পৰিসংখ্যাই পৰীক্ষা নকৰে, বৰঞ্চ সেই দেশখনৰ ৰাজনৈতিক স্থিৰতা আৰু সামাজিক পৰিৱেশৰ ওপৰতো চকু ৰাখে। নাম সলনি কৰাৰ এই প্ৰদৰ্শন বা চাতুৰীয়ে বিদেশী বিনিয়োগকাৰী আৰু আই.এম.এফ.-ক এইবুলিও আশ্বস্ত কৰে যে দেশখন বিনিয়োগৰ বাবে এক সুৰক্ষিত আৰু উদাৰ স্থান হৈ পৰিছে।
ধাৰণা কৰা হৈছে যে এই অভিযানৰ দ্বিতীয় পৰ্যায়ত পাকিস্তানৰ সিন্ধ আৰু খাইবাৰ পখতুনখোৱা প্ৰদেশৰো কেইবাখনো ঐতিহাসিক স্থানৰ পুৰণি আৰু মূল নামসমূহ পুনৰ ঘোষণা কৰা হ’ব পাৰে। সিন্ধতো বিভাজনৰ পূৰ্বৰ এক চহকী হিন্দু আৰু ছুফী ঐতিহ্য আছে, যাক মূলসুঁতিলৈ অনাৰ দাবী উত্থাপন হৈ আহিছে।
পাকিস্তানত ঘটি থকা এই পৰিৱৰ্তন ভাৰতৰ সেইসকল বুদ্ধিজীৱীৰ বাবে এটা ডাঙৰ শিক্ষা, যিসকলে ঐতিহাসিক নাম সলনি কৰাৰ প্ৰতিটো প্ৰক্ৰিয়াক কেৱল ৰাজনীতিৰ চশমাৰে চায়। যেতিয়া নিজকে সম্পূৰ্ণ ইছলামিক দেশ হিচাপে ঘোষণা কৰা পাকিস্তানে নিজৰ শিপালৈ ঘূৰি যাব পাৰে, তেন্তে ভাৰতত তেনে কৰাটো নিজৰ গৌৰৱময় সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ এক অতি স্বাভাৱিক পদক্ষেপ।
উল্লেখযোগ্য যে, ইতিহাসৰ ভুলবোৰ শুধৰোৱাটো কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে যোৱা কাম নহয়, বৰঞ্চ নিজৰ আচল পৰিচয়ক সন্মান জনোৱাৰহে এটা উপায়। লাহোৰৰ ৰাজপথলৈ ঘূৰি অহা এই পুৰণি নামবোৰ এই কথাৰে প্ৰমাণ যে ৰাজনীতিয়ে যিমানেই প্ৰাচীৰ গঢ়ি নোতোলক কিয়, লোক-সংস্কৃতি আৰু ইতিহাসৰ শিপা সদায় অতি গভীৰ হয়। সেইবোৰক চিৰদিনৰ বাবে মচি পেলোৱাটো কোনো চৰকাৰৰ পক্ষেই সম্ভৱ নহয়।