দেশজুৰি 'ৱাটাৰ মেট্ৰ'' সেৱাৰ সম্প্ৰসাৰণঃ প্ৰথম পৰ্যায়ত গুৱাহাটী আৰু দ্বিতীয় পৰ্যায়ত তেজপুৰ-ডিব্ৰুগড়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ

Story by  atv | Posted by  Nikunja Nath • 11 h ago
দেশজুৰি 'ৱাটাৰ মেট্ৰ'' সেৱাৰ সম্প্ৰসাৰণঃ প্ৰথম পৰ্যায়ত গুৱাহাটী আৰু দ্বিতীয় পৰ্যায়ত তেজপুৰ-ডিব্ৰুগড়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ
দেশজুৰি 'ৱাটাৰ মেট্ৰ'' সেৱাৰ সম্প্ৰসাৰণঃ প্ৰথম পৰ্যায়ত গুৱাহাটী আৰু দ্বিতীয় পৰ্যায়ত তেজপুৰ-ডিব্ৰুগড়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ
 
গুৱাহাটী
 
নদীমাতৃক অসমৰ যাতায়াত ব্যৱস্থাত এক নৱজাগৰণৰ সূচনা হ'বলৈ গৈ আছে! চহৰাঞ্চলৰ নিত্য-নৈমিত্তিক যান-জঁটৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ লগতে এক আৰামদায়ক আৰু পৰিৱেশ-অনুকূল যাতায়াতৰ অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি সম্প্ৰসাৰণ কৰিবলৈ ওলাইছে 'ৱাটাৰ মেট্ৰ'' সেৱা। বিশেষভাৱে গৌৰৱৰ বিষয় যে, এই অভিলাষী প্ৰকল্পৰ প্ৰথম পৰ্যায়তেই স্থান লাভ কৰিছে উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীয়ে। লগতে, পৰৱৰ্তী পৰ্যায়ৰ বাবে ঐতিহ্যমণ্ডিত তেজপুৰ আৰু ডিব্ৰুগড়কো প্ৰস্তাৱ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ঘোষণাই এতিয়া ৰাজ্যবাসীৰ মনত কঢ়িয়াই আনিছে আধুনিক জল-যাতায়াতৰ এক নতুন আশাৰ বতৰা।
 
সোমবাৰে অনুষ্ঠিত এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ লগতে সমগ্ৰ দেশত ৱাটাৰ মেট্ৰ' প্ৰকল্পৰ ৰূপায়ণৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। চহৰাঞ্চলৰ জলপথসমূহক ৰাজহুৱা পৰিবহণৰ এক সুদৃঢ় মাধ্যম হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 'খচৰা ৰাষ্ট্ৰীয় ৱাটাৰ মেট্ৰ' নীতি, ২০২৬' প্ৰস্তুত কৰি উলিয়াইছে।
 
প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটন, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই সেৱা আৰম্ভ হ'ব। দ্বিতীয় পৰ্যায়ত অসমৰ তেজপুৰ আৰু ডিব্ৰুগড়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। কোচিত ইতিমধ্যে সফলভাৱে ৰূপায়ণ হোৱা 'ৱাটাৰ মেট্ৰ'' প্ৰকল্পৰ আৰ্হিতেই এই দেশব্যাপী পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
এই প্ৰকল্পত বৰ্তমানৰ জলপথসমূহেই ব্যৱহাৰ কৰা হ'ব, যাৰ ফলত আন্তঃগাঁথনি নিৰ্মাণ আৰু ভূমি অধিগ্ৰহণৰ ব্যয় যথেষ্ট হ্ৰাস পাব। লগতে হাইব্ৰিড আৰু বৈদ্যুতিক ফেৰীৰ ব্যৱহাৰে প্ৰদূষণ কমোৱাৰ লগতে পৰিচালনাৰ ব্যয়ো হ্ৰাস কৰিব। কোচি মেট্ৰ' ৰেইল লিমিটেডৰ দ্বাৰা ১৮ খন চহৰত চলোৱা অধ্যয়নৰ আধাৰত গুৱাহাটীকে ধৰি ৫ খন চহৰৰ প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে।
 
ৱাটাৰ মেট্ৰ'ৰ টাৰ্মিনেলসমূহ নিৰ্মাণ কৰোঁতে ভাৰতৰ সামুদ্ৰিক ঐতিহ্য আৰু স্থানীয় সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা হ'ব, য'ত স্থানীয় নিৰ্মাণ সামগ্ৰীৰ প্ৰয়োগক গুৰুত্ব দিয়া হ'ব। এই প্ৰকল্পসমূহ ৰূপায়ণৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ যুটীয়া পুঁজি, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আদি বিভিন্ন আৰ্হিৰ ওপৰত চৰকাৰে বিবেচনা কৰি আছে।
 
সামগ্ৰিকভাৱে ক'বলৈ গ'লে, 'ৱাটাৰ মেট্ৰ'' কেৱল এক পৰিবহণ প্ৰকল্পই নহয়, ই হৈছে ভাৰতৰ জলপথ খণ্ডৰ এক সুদূৰপ্ৰসাৰী ৰূপান্তৰৰ আধাৰশিলা। ছাত্ৰ-ছাত্ৰী তথা নৱপ্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ আৰু সজাগতাৰে আগবাঢ়িবলগীয়া এই প্ৰকল্পই অসম তথা দেশৰ চহৰসমূহৰ নগৰীয়া পৰিৱেশক সুন্দৰ কৰাৰ লগতে যাতায়াত ব্যৱস্থাক বিশ্বমানৰ কৰি তুলিব।