দৰিদ্ৰতা, অভাৱ আৰু সামাজিক বাধাৰ বাবে বহু শিশুৰ শিক্ষাজীৱন অকালতে শেষ হৈ যায়। কিন্তু মুৰ্শ্বিদাবাদৰ এজন কণমানি ল'ৰাই সেই বাস্তৱতাক প্ৰত্যাহ্বান জনাই গঢ়ি তুলিছিল এক অনন্য ইতিহাস। মাত্ৰ ন বছৰ বয়সতে হাতত চক আৰু ভঙা ফলক এখন লৈ আৰম্ভ কৰা তেওঁৰ সপোনে আজি হাজাৰ হাজাৰ বঞ্চিত শিশুৰ জীৱনত শিক্ষাৰ পোহৰ কঢ়িয়াই আনিছে। বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধান শিক্ষক হিচাপে স্বীকৃতি লাভ কৰা বাবৰ আলীৰ জীৱন সংগ্ৰাম আজিও এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
একে ঠাইত বাস কৰা সমবয়সীয়া বন্ধুবোৰে একেলগে খেলিবলৈ যায়, কিন্তু তেওঁলোকৰ বহুতে একেলগে স্কুললৈ কিয় নাযায়? এই প্ৰশ্নই পঞ্চম শ্ৰেণীত অধ্যয়ন কৰা ৯ বছৰীয়া বাবৰ আলীৰ মনত গভীৰভাৱে খুন্দা মাৰিছিল। তেওঁ দেখিছিল, বহু বন্ধুয়ে পঢ়া-শুনা এৰি অতি কম বয়সতেই জীৱিকাৰ সন্ধানত নামি পৰিছে। কোনোবাই পেলনীয়া কাগজ বা সামগ্ৰী, কোনোবাই পথাৰত খেতি কৰে, আনহাতে কোনোবাই ৰাজমিস্ত্ৰীৰ সহায়ক হিচাপে কাম কৰি পৰিয়ালৰ দায়িত্ব বহন কৰি আছে।
চাৰিওফালে দৰিদ্ৰতাৰ কঠিন বাস্তৱতা দেখি বাবৰৰ শিশুসুলভ মনটি ব্যথিত হৈ পৰিছিল। সেই সময়তেই বাবৰে এখন ভিন্ন পৃথিৱীৰ সপোন দেখিছিল। নিজৰ সীমাবদ্ধতাক উপেক্ষা কৰি হাতত চক আৰু এখন ভঙা ফলক তুলি লৈ তেওঁ উপলব্ধি কৰিছিল যে, অন্ধকাৰৰ পৰা মুক্তিৰ একমাত্ৰ পথেই হৈছে শিক্ষা।
যেনে চিন্তা, তেনেই কাম। অতি কম বয়সতেই তেওঁ নিজৰ ঘৰৰ চোতালৰ এটা কোণত, গছৰ তলত, পঢ়াৰ সুযোগ নোপোৱা বন্ধু-বান্ধৱীৰ বাবে এখন বিদ্যালয় আৰম্ভ কৰিছিল। তেওঁ বিদ্যালয়খনৰ নাম দিছিল আনন্দ শিক্ষা নিকেতন। মুৰ্শ্বিদাবাদৰ বেলডাঙাৰ এই কণমানি ল'ৰাজনেই পৰৱৰ্তী সময়ত বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধান শিক্ষক হিচাপে পৰিচিত হয়।
২০০২ চনত বাবৰে লক্ষ্য কৰিছিল যে, তেওঁৰ বহু সমবয়সীয়া শিশুৱে স্কুললৈ যোৱাৰ পৰিৱৰ্তে খেল-ধেমালিত ব্যস্ত থাকে অথবা পৰিয়ালৰ সৈতে কামৰ সন্ধানত ওলাই যায়। এদিন স্কুলৰ পৰা উভতি অহাৰ পথত কিছুমান শিশুক দেখি তেওঁ সুধিছিল, "মই যদি তোমালোকক পঢ়াওঁ, তেন্তে তোমালোকে পঢ়িবানে?" শিশুবোৰে একেলগে উত্তৰ দিছিল "হয়, আমি পঢ়িব বিচাৰো।" এই উত্তৰৰ পিছতেই মুৰ্শ্বিদাবাদৰ শিক্ষা ইতিহাসত আৰম্ভ হৈছিল এক নতুন অধ্যায়।
বাবৰ আলীয়ে শৈশৱতে আন ল’ৰা-ছোৱালীক পঢ়োৱাৰ এক দৃশ্য
নিজৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ পৰা লুকাই আনি ব্যৱহাৰ কৰা সেই চকবোৰক লৈও তেওঁ বহু কথা শুনিবলগীয়া হৈছিল। কিন্তু তেওঁ কিয় চক লৈ যায় সেই কথা জানিব পাৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁক এটা সম্পূৰ্ণ চকৰ বাকচ উপহাৰ দিছিল।
পঢ়ুৱৈসকলৰ বাবে বহী সংগ্ৰহ কৰিবলৈ বাবৰে পেলনীয়া কাগজ কিনি আনিছিল। শিশুবোৰে নিয়মীয়াকৈ ক্লাছলৈ আহক বুলি নিজৰ হাতখৰচৰ ধনেৰে মিঠাই কিনিও খুৱাইছিল। শিক্ষাৰ গুৰুত্ব নুবুজা অভিভাৱকসকলক বুজাবলৈ তেওঁ দিনৰ পিছত দিন ঘৰে ঘৰে গৈছিল। তেওঁৰ এই অক্লান্ত প্ৰচেষ্টাৰ ফলত মাত্ৰ ১৬ বছৰ বয়সতেই তেওঁ বিবিচিৰ দ্বাৰা বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধান শিক্ষক হিচাপে স্বীকৃতি লাভ কৰে।
আজিৰ আনন্দ শিক্ষা নিকেতন, কেৱল মাত্ৰ গছৰ তলৰ সেই সৰু পাঠশালা হৈ থকা নাই বৰং সম্পূৰ্ণ বিনামূলীয়াকৈ শতাধিক শিক্ষাৰ্থীয়ে ইয়াত শিক্ষাৰ পোহৰ লাভ কৰি আছে। আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল, বাবৰৰ সেই প্ৰথম আঠজন শিক্ষাৰ্থীয়েই আজিৰ দিনত স্নাতক ডিগ্ৰী লাভ কৰি স্বেচ্ছাসেৱী শিক্ষক হিচাপে বাবৰৰ সৈতে কাম কৰি আছে।
বাবৰ আলী তেওঁ প্ৰতিষ্ঠা কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে
বাবৰ আলীৰ এই অনন্য যাত্ৰাক সমগ্ৰ বিশ্বই সন্মান জনাইছে। ২০০৯ চনত বিবিচিয়ে তেওঁক বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধান শিক্ষক হিচাপে স্বীকৃতি দিয়ে। নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ আমন্ত্ৰণত শান্তিনিকেতনত ভাষণ প্ৰদানৰ পৰা আৰম্ভ কৰি আমিৰ খানৰ অনুষ্ঠান সত্যমেৱ জয়তে আৰু এনডিটিভিৰ ইণ্ডিয়ান অৱ দ্য ইয়াৰ (Indian of the Year) মঞ্চলৈকে তেওঁৰ নাম প্ৰতিধ্বনিত হৈছে।