নৌছাদ আখতাৰ / পাটনা-ৰাঁচী
মানুহৰ শৰীৰটো ভাগি পৰিব পাৰে, কিন্তু সংকল্প যদি শক্তিশালী হয়, তেন্তে কোনো অত্যাচাৰেই মানুহৰ আত্মাক ভাঙি পেলাব নোৱাৰে। জামছেদপুৰত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান ৰাঁচীত বসবাস কৰা ২৯ বছৰীয়া ৰেশম ফাতিমাৰ জীৱনগাঁথা হৈছে এই অদম্য সাহস, নিৰৱচ্ছিন্ন সংগ্ৰাম আৰু শিক্ষাৰ বলত গঢ়ি তোলা সফলতাৰ এক জীৱন্ত আৰু অনুপম নিদৰ্শন।
নিজৰ নামটোৰ দৰেই কোমল, অথচ এডাল সূতাৰ দৰে অত্যন্ত মজবুত ৰেশম ফাতিমা আজি ভাৰতৰ প্ৰথমগৰাকী এনে 'এচিড আক্ৰমণৰ বলি হোৱা' যুৱতী হিচাপে পৰিগণিত হৈছে, যাক ব্ৰিটেইন চৰকাৰৰ অতিকৈ সন্মানীয় 'শ্বেভনিং স্কলাৰশ্বিপ'ৰে পুৰস্কৃত কৰা হৈছে।
ৰেশম ফাতিমা
তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান 'লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্স' (LSE)-ত জেণ্ডাৰ, ডেভেলপমেণ্ট আৰু গ্ল'বেলাইজেচন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব। কিন্তু সফলতাৰ এই সোণালী লক্ষ্যত উপনীত হোৱাৰ পথটো তেওঁৰ বাবে আছিল অত্যন্ত ভয়ংকৰ আৰু কাইঁটীয়া।
সেই কালৰাত্ৰিঃ য’ত বিশ্বাসী আপোন মানুহে এচিড ঢালিছিল
২০১৪ চনৰ কথা। তেতিয়া ১৭ বছৰীয়া ৰেশমে একাদশ শ্ৰেণীত পঢ়ি আছিল আৰু লক্ষ্ণৌত নিজৰ ককা-আইতাকৰ লগত বাস কৰিছিল। তেওঁৰ মাকৰ সম্পৰ্কীয় ভায়েক ৰিয়াজে (যি বয়সত তেওঁতকৈ প্ৰায় ২০ বছৰৰ ডাঙৰ আছিল) তেওঁক জোৰকৈ বিয়া পাতিবলৈ হেঁচা দিছিল। যেতিয়া ৰেশমে এই অযৌক্তিক দাবী নাকচ কৰিছিল, তেতিয়া ৰিয়াজৰ মূৰত পিশাচৰূপী দানৱে ঠাই লৈছিল।
২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ এদিন, ক'চিং ক্লাছৰ পিছত ৰিয়াজে ৰেশমক ঘৰত থৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল। পৰিয়ালৰ সদস্য হোৱাৰ বাবে ৰেশমে তেওঁক বিশ্বাস কৰিছিল। কিন্তু ৰিয়াজে গাড়ীখন এখন নিৰ্জন ঘাইপথৰ ফালে লৈ গৈছিল আৰু হঠাতে ৰেশমৰ মূৰত এচিডৰ সম্পূৰ্ণ বটলটো ঢালি দিছিল।
সেই ভয়ংকৰ দৃশ্যটো সুঁৱৰি ৰেশমে কয়, "প্ৰথমতে মই ভাবিছিলো সেয়া পেট্ৰল, কিন্তু পিছৰ মুহূৰ্ততে এক অসহ্যকৰ জ্বলা-পোৰা অনুভৱ কৰিলোঁ। সি এখন ছুৰী উলিয়াই মোৰ ডিঙিত থৈ দিছিল। মোৰ আজিও মনত আছে, মই ভাবিছিলো মৃত্যু হয়তো এনেকুৱাই হয়।"
কিন্তু ৰেশমে হাৰ মনা নাছিল। তেওঁ নিজৰ সমগ্ৰ শক্তিৰে তাক ঠেলা মাৰি দিছিল আৰু জ্বলি থকা শৰীৰটোৰে ৰাস্তালৈ দৌৰিছিল। এজন অট'ৰিক্সা চালকৰ সহায়ত তেওঁ কোনোমতে ৰক্ষা পৰিছিল যদিও ইয়াৰ পিছতেই আৰম্ভ হৈছিল সমাজৰ অৱহেলা আৰু প্ৰশাসনৰ অসংবেদনশীলতাৰ পৰ্ব। ওচৰৰ আৰক্ষী থানাত মানুহৰ ভিৰ হৈছিল, কিন্তু কোনেও তেওঁক চিকিৎসালয়লৈ নিবলৈ আগবাঢ়ি অহা নাছিল। অৱশেষত এজন বৃদ্ধ ব্যক্তিৰ মানৱীয়তাৰ সহায়ত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
কুৎসিত সমাজ, পুতৌৰ দৃষ্টি আৰু শিক্ষাৰ ঢাল
এচিড আক্ৰমণৰ ফলত ৰেশমৰ শৰীৰ আৰু মুখমণ্ডলত গভীৰ ক্ষতৰ সৃষ্টি হৈছিল। পৰৱৰ্তী কেইবাটাও বছৰ চিকিৎসালয়লৈ অহা-যোৱা আৰু ভয়ংকৰ অস্ত্ৰোপচাৰৰ মাজেৰে পাৰ হৈছিল। সমাজৰ মানুহৰ লগত যোগাযোগ একেবাৰে বন্ধ হৈ গৈছিল। কিন্তু ৰেশমে নিজকে ঘৰৰ কোনোবা এটা অন্ধকাৰ চুকত আৱদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে শিক্ষাক নিজৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ আৰু ঢাল হিচাপে গঢ়ি তুলিলে।
ৰেশম ফাতিমা
অসহ্যকৰ যন্ত্ৰণা আৰু মানসিক চাপৰ মাজতো তেওঁ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৮৭% নম্বৰ লাভ কৰিছিল। ২০১৫ চনত তেওঁক শিশুসকলৰ বাবে আগবঢ়োৱা দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বীৰত্ব বঁটা 'নেচনেল ব্ৰেভাৰী এৱাৰ্ড' (ভাৰত বঁটা)-ৰে সন্মানিত কৰা হৈছিল।
পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা পদাৰ্থ বিজ্ঞান (অনাৰ্ছ) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত সন্মানীয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)-ৰ পৰা ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (Politics & IR) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।
ৰেশমে কয়, "মানুহে মোলৈ একেথৰে চাই আছিল, আচহুৱা প্ৰশ্ন সুধিছিল আৰু আটাইতকৈ বেয়া আছিল তেওঁলোকৰ 'পুতৌ'। মোক কাৰো পুতৌৰ প্ৰয়োজন নাছিল। মই বিচাৰিছিলো মানুহে মোক মোৰ যোগ্যতাত চিনি পাওক, মোৰ দেহত থকা দাগবোৰৰ বাবে নহয়।"
আজগৰৰ সংগ আৰু 'এব্ৰাহ ফাউণ্ডেচন'ৰ জন্ম
জীৱনৰ এই যাত্ৰাত য'ত এজন পুৰুষৰ বৰ্বৰতাই তেওঁৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল, তাৰ বিপৰীতে পিছলৈ তেওঁৰ স্বামী আজগৰৰ মৰম আৰু সমৰ্থনে তেওঁক নতুন ডেউকা প্ৰদান কৰিলে। ২০২৪ চনত আজগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত, তেৱেঁই ৰেশমক 'শ্বেভনিং স্কলাৰশ্বিপ'ৰ বাবে আবেদন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
ৰেশমে কেৱল নিজৰ বাবেই যুঁজ দিয়া নাই। ২০২৩ চনত JNU-ত পঢ়ি থকা অৱস্থাতেই তেওঁ 'এব্ৰাহ ফাউণ্ডেচন' আৰম্ভ কৰিছিল। এই সংস্থাই মুছলমান যুৱতীসকলক শিক্ষা, কেৰিয়াৰ আৰু আৰ্থিক স্বাৱলম্বনৰ বাবে সঠিক পথ প্ৰদৰ্শন কৰে।
ৰেশমৰ বিশ্বাস যে মুছলমান মহিলাসকলে দুগুণ বৈষম্যৰ সন্মুখীন হ'বলগীয়া হয়- প্ৰথমটো এগৰাকী মহিলা হোৱাৰ বাবে আৰু দ্বিতীয়টো সংখ্যালঘু হোৱাৰ বাবে। যদি তেওঁলোক আৰ্থিকভাৱে স্বাধীন হয়, তেন্তে তেওঁলোকে নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰিব।
"মই বিচাৰিছিলো সি মোক সফল হোৱা দেখক"
আক্ৰমণকাৰী ৰিয়াজক জে’ললৈ পঠিওৱা হৈছিল, য'ত ২০১৫ চনত বিচাৰ চলি থকাৰ মাজতেই সি আত্মহত্যা কৰে। যেতিয়া ৰেশমে এই খবৰটো পাইছিল, তেতিয়া তেওঁৰ প্ৰতিক্ৰিয়া আছিল আচৰিত কৰিবলগীয়া।
ৰেশমে কয়, "মই বিচৰা নাছিলো যে সি মৰি যাওক। মই বিচাৰিছিলো সি জীয়াই থাকক আৰু মোক সফল হোৱা দেখক। মই বিচাৰিছিলো সি দেখক যে সি মোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰিলে।"
এক নতুন আৰম্ভণিঃ লণ্ডন যাত্ৰা
ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰায়োজিত 'শ্বেভনিং স্কলাৰশ্বিপ'ৰ অধীনত ৰেশমৰ পঢ়া-শুনা, থকা-মেলা, খোৱা-বোৱা আৰু যাতায়াতৰ সম্পূৰ্ণ খৰচ ব্ৰিটেইন চৰকাৰে বহন কৰিব। কেইবাটাও পৰ্যায়ৰ কঠোৰ সাক্ষাৎকাৰ আৰু নিৰ্বাচন প্ৰক্ৰিয়া অতিক্ৰম কৰাৰ পিছতহে তেওঁ এই সফলতা অৰ্জন কৰিছে। লণ্ডনলৈ যোৱাৰ পিছতো ৰেশমৰ এব্ৰাহ ফাউণ্ডেচনৰ জৰিয়তে পিছপৰা ছোৱালীসকলৰ বাবে কাম অব্যাহত থাকিব।
ৰেশম ফাতিমাৰ এই জয় কেৱল তেওঁৰ ব্যক্তিগত জয় নহয়, ই সমগ্ৰ দেশৰ প্ৰতিগৰাকী ছোৱালী আৰু সংঘৰ্ষ কৰি থকা প্ৰতিগৰাকী ভুক্তভোগীৰ বাবে আশাৰ এক উজ্জ্বল ৰেঙনি, যিয়ে ডাঙৰ সপোন দেখিবলৈ সাহস কৰে। আগন্তুক ভৱিষ্যতৰ দিশে দৃঢ়তাৰে খোজ দি ৰেশমে কয়, "এয়া মোৰ চূড়ান্ত লক্ষ্য নহয়, ই এক বৃহৎ উদ্দেশ্যৰ মাথোঁ এক আৰম্ভণিহে।"