গুৱাহাটী
অসমৰ বান পৰিস্থিতি মঙলবাৰেও সংকটজনক হৈ থাকে। বানপানীত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনৰ ছয়খন জিলাৰ ৪৬ হাজাৰতকৈ অধিক লোক এই দুৰ্যোগত ক্ষতিগ্ৰস্ত হৈছে বুলি চৰকাৰী বুলেটিনত উল্লেখ কৰা হৈছে।
ব্ৰহ্মপুত্ৰকে ধৰি দুখন প্ৰধান নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। একে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাত-পথকে ধৰি আন্তঃগাঁথনিৰো ক্ষতি হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এএছডিএমএ)-এ বান সম্পৰ্কীয় বুলেটিনত জানিবলৈ দিয়ে যে ধেমাজি জিলাৰ চিচিবৰগাঁৱত বানপানীত এগৰাকী মহিলাৰ মৃত্যু হৈছে। চলিত বৰ্ষত ৰাজ্যখনত বানপানীত এইটোৱেই প্ৰথম মৃত্যু।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত অঞ্চলসমূহলৈ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইফালে, ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে বানপীড়িত জিলাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া এক পোষ্টত মুখ্যমন্ত্ৰীয়ে কয়, “বান পৰিস্থিতিৰ মোকাবিলাত আমি কোনো ক্ৰুটি ৰাখিব বিচৰা নাই। মই ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছোঁ। একে সময়তে মোৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকল বানাক্ৰান্ত অঞ্চলত উপস্থিত থাকি সাহায্য, সুৰক্ষা ব্যৱস্থা আৰু সময়মতে সহায় নিশ্চিত কৰি আছে।”
জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কেইবাটাও বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু সময়মতে সাহায্য প্ৰদান নিশ্চিত কৰাৰ ব্যৱস্থা লয়।
সুশান্ত বৰগোহাঁইয়ে এক্সত লিখে, “মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি গহপুৰৰ চক্ৰাং নদীৰ পাৰৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিলোঁ। মোৰ সৈতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তও উপস্থিত আছিল।”
তেওঁ লগতে কয়, “বান প্ৰতিৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰা হৈছে।”
এএছডিএমএৰ বুলেটিন অনুসৰি, ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ মুঠ ১০টা ৰাজহ চক্ৰৰ ২২১খন গাঁৱৰ ৪৬,৯৩৮ জন লোক বানপানীৰ কবলত পৰিছে।
ধেমাজি জিলাই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত মুঠ ৪৫,৮৪১ জন লোক বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে।
ব্ৰহ্মপুত্ৰ নদী নিমাতীঘাটত আৰু দিচাং নদী নংলামুৰাঘাটত বিপদসীমাৰ ওপৰেৰে বৈ আছে।
বানৰ ফলত গৃহহীন হোৱা ৪৫০ জনতকৈ অধিক লোকে চাৰিটা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ইয়াৰ উপৰি ছটা সাহায্য বিতৰণ কেন্দ্ৰও বৰ্তমান সক্ৰিয় হৈ আছে।
মুঠ ৩,৮০৯.০২৪৩ হেক্টৰ কৃষিভূমি এতিয়াও বানপানীৰ তলত ডুব গৈ আছে।
এই বানত ৫০ হাজাৰ ডাঙৰ পশুকে ধৰি ৮৮ হাজাৰতকৈ অধিক পশু-পক্ষী ক্ষতিগ্ৰস্ত হৈছে।
এএছডিএমএৰ বুলেটিন অনুসৰি, বৰ্তমানৰ বানৰ ঢৌত কেইবাটাও পথকে ধৰি বিভিন্ন আন্তঃগাঁথনিৰো বিস্তৰ ক্ষতি সাধন হৈছে।