বৰ্ধিত বন্ধ্যত্ব আৰু IVF-ৰ প্ৰকৃত সত্যঃ বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ শ্বাহিদা নাগমাৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ

Story by  atv | Posted by  [email protected] • 4 h ago
ডাঃ শ্বাহিদা নাগমা
ডাঃ শ্বাহিদা নাগমা

অনিকা মহেশ্বৰী / নতুন দিল্লী

আজিৰ দ্ৰুতবেগী জীৱনশৈলী, ক্ৰমৱৰ্ধমান প্ৰদূষণ, মানসিক চাপ আৰু অসন্তুলিত খাদ্যাভ্যাসৰ প্ৰভাৱ কেৱল আমাৰ সাধাৰণ স্বাস্থ্যতেই নহয়, বৰং প্ৰজনন ক্ষমতাৰ ওপৰতো স্পষ্টভাৱে পৰিলক্ষিত হৈছে। বন্ধ্যত্বৰ সমস্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু পূৰ্বৰ তুলনাত বৰ্তমান কম বয়সীয়া দম্পতীসকলেও এই ভয়াৱহ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এনে পৰিস্থিতিত এই বিষয়টোৰ সৈতে জড়িত বিভিন্ন ভ্ৰান্ত ধাৰণা, সঠিক চিকিৎসা আৰু প্ৰতিৰোধৰ ব্যৱস্থাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰতেই 'আৱাজ দ্য ভইচ'-এ বিশিষ্ট স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ তথা IVF এক্সপাৰ্ট ডাঃ শ্বাহিদা নাগমাৰ সৈতে এক বিশেষ বাৰ্তালাপত মিলিত হয়।
 
এই আকৰ্ষণীয় সাক্ষাৎকাৰটিত তেওঁ বন্ধ্যত্ব বৃদ্ধিৰ কাৰণ, IVF-ৰ সৈতে জড়িত অন্ধবিশ্বাস, চিকিৎসাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া, মহিলাৰ ফ্ৰাৰ্টিলিটী (প্ৰজনন ক্ষমতা) সুৰক্ষিত ৰখাৰ উপায় আৰু এগৰাকী চিকিৎসক হিচাপে নিজৰ যাত্ৰাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছে। ডাঃ শ্বাহিদা এগৰাকী সমৰ্পিত ফ্ৰাৰ্টিলিটী আৰু IVF বিশেষজ্ঞ, যাৰ এই ক্ষেত্ৰখনত ১০ বছৰতকৈও অধিক কালৰ ক্লিনিকেল অভিজ্ঞতা আছে। তেওঁ ভাৰতৰ কেইখনমান আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা উচ্চস্তৰীয় প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ডাঃ শ্বাহিদাৰ সকলো চিকিৎসা প্ৰমাণ-ভিত্তিক আৰু তেওঁ নিজেই এইবোৰ পৰিচালনা কৰে। তেওঁৰ মতে প্ৰতিগৰাকী ৰোগীয়েই বেলেগ আৰু ফ্ৰাৰ্টিলিটী যতনৰ বাবে তেওঁলোকক নিজৰ শৰীৰৰ প্ৰয়োজন অনুসৰি বিশেষভাৱে চিকিৎসা প্ৰদান কৰা উচিত।
 
প্ৰশ্নঃ সৰ্বপ্ৰথমে আপোনাৰ নিজৰ আৰু আপোনাৰ চেণ্টাৰটোৰ বিষয়ে জনাওক।
 
ডাঃ শ্বাহিদা নাগমাঃ মই এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ আৰু IVF বিশেষজ্ঞ। শেহতীয়াকৈ আমি 'ৰেডিয়েনছ লাইফলাইন এণ্ড ফ্ৰাৰ্টিলিটী ক্লিনিক' আৰম্ভ কৰিছোঁ। এই কেন্দ্ৰটো আৰম্ভ কৰা প্ৰায় চাৰি-পাঁচ মাহ হৈছে। এই কেন্দ্ৰটো আৰম্ভ কৰাৰ মূল উদ্দেশ্য আছিল এই অঞ্চলৰ বহুতো ৰোগীয়ে মোৰ ওচৰলৈ আহি অভিযোগ কৰিছিল যে ইয়াত তেওঁলোকে MBBS আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী অৰ্হতাসম্পন্ন স্ত্ৰীৰোগ বিশেষজ্ঞ বিচাৰি নাপায়। চিকিৎসাৰ বাবে তেওঁলোকে আন চহৰলৈ যাবলগীয়া হৈছিল। আৰম্ভণিতে আমাৰ উদ্দেশ্য কেৱল ফ্ৰাৰ্টিলিটী ক্লিনিক আৰম্ভ কৰাটোহে আছিল, কিন্তু পিছত আমি দেখিলোঁ যে মহিলাসকলক সাধাৰণ স্ত্ৰীৰোগ, স্বাভাৱিক প্ৰসৱ, সংক্ৰমণ আৰু অন্যান্য স্ত্ৰী স্বাস্থ্যজনিত সমস্যাৰ বাবেও বিশেষজ্ঞৰ সেৱাৰ প্ৰয়োজন আছে। সেয়েহে এতিয়া ইয়াত মহিলাৰ সামগ্ৰিক স্বাস্থ্যৰ সৈতে জড়িত সকলো সেৱা উপলব্ধ কৰোৱা হৈছে।
 
নৱজাতকৰ সৈতে ডাঃ শ্বাহিদা নাগমা
 
প্ৰশ্নঃ আজিকালি বন্ধ্যত্বৰ সমস্যা ইমান দ্ৰুতগতিত কিয় বৃদ্ধি পাইছে?
 
ডাঃ শ্বাহিদা নাগমাঃ আজিৰ দিনত বন্ধ্যত্ব অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। আটাইতকৈ চিন্তনীয় কথাটো হ'ল এতিয়া ২১-২২ বছৰীয়া ছোৱালীৰ মাজতো এই সমস্যা দেখিবলৈ পোৱা গৈছে। ইয়াৰ কেইবাটাও কাৰণ আছে। যদি আমি চহৰ আৰু গাঁৱৰ জীৱনশৈলীৰ তুলনা কৰোঁ, তেন্তে চহৰত মানুহে প্ৰদূষিত বায়ু, পানী আৰু দুষিত খাদ্য গ্ৰহণ কৰি আছে।
 
খাদ্যত হোৱা ভেজাল আৰু ৰাসায়নিক পদাৰ্থৰ বাবে মহিলাৰ ডিম্বাণু আৰু পুৰুষৰ শুক্ৰাণুৰ গুণাগুণ আৰু সংখ্যা দুয়োটাতে নেতিবাচক প্ৰভাৱ পৰিছে। ইয়াৰ উপৰি মানুহে পঢ়া-শুনা আৰু চাকৰিৰ বাবে চহৰত নিগাজীকৈ থাকিবলৈ লৈছে। ব্যস্ত জীৱনৰ বাবে তেওঁলোকৰ হাতত নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ সময় নাই। নিয়মীয়া ব্যায়াম, পুষ্টিকৰ খাদ্য, পৰ্যাপ্ত প্ৰটিন, ভিটামিন আৰু মিনাৰেলৰ অভাৱেও প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায়।
 
আজিকালি মানুহে প্ৰচেছড ফুড বেছিকৈ খায়। ঘৰৰ সতেজ আৰু সন্তুলিত আহাৰ গ্ৰহণৰ মাত্ৰা কমি গৈছে। দীৰ্ঘসময়ৰ ভ্ৰমণ, মানসিক চাপ, দৌৰা-দৌৰিৰ জীৱন আৰু অনিয়মীয়া দিনলিপিও ইয়াৰ এক মুখ্য কাৰণ। পুৰুষৰ ক্ষেত্ৰত ধূমপান আৰু মদ্যপান আগৰে পৰাই এক ডাঙৰ সমস্যা আছিল, কিন্তু এতিয়া কৰ্পোৰেট সংস্কৃতিৰ বাবে মহিলাসকলৰ মাজতো ইয়াৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ উপৰি লেপটপৰ অত্যধিক ব্যৱহাৰ, স্ক্ৰীন টাইম বৃদ্ধি পোৱা আৰু টোপনি সম্পূৰ্ণ নোহোৱাটোও বন্ধ্যত্বৰ প্ৰধান কাৰণসমূহৰ অন্যতম।
 
প্ৰশ্নঃ যদি কোনো দম্পতী আপোনাৰ ওচৰলৈ আহে, তেন্তে আপুনি তেওঁলোকক সৰ্বপ্ৰথমে কি পৰামৰ্শ দিয়ে?
 
ডাঃ শ্বাহিদা নাগমাঃ আজিকালি মানুহে বিয়াৰ আগতেও পৰামৰ্শ ল'বলৈ আহে। তেওঁলোকে বিচাৰে যে ভৱিষ্যতে যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ বাবে বিয়াৰ আগতেই কি কি পৰীক্ষা কৰোৱা উচিত সেয়া জানিব লাগে। এনে ক্ষেত্ৰত আমি সৰ্বপ্ৰথমে কিছুমান প্ৰাথমিক পৰীক্ষা কৰাও, যিবোৰৰ ভিতৰত আছেঃ
 
- হিম'গ্লবিন (Hemoglobin)
- ভিটামিন B12
- ভিটামিন D3
- থাইৰয়ড পৰীক্ষা (Thyroid test)
- প্ৰলেক্টিন (Prolactin)
- হৰম'ন প্ৰফাইল (E2, LH, FSH)
- ভাইৰেল মাৰ্কাৰ টেষ্ট
 
ডাঃ শ্বাহিদা নাগমা
 
ইয়াৰ লগতে মহিলাসকলৰ ক্ষেত্ৰত ডিম্বাশয়ত পৰ্যাপ্ত পৰিমাণৰ ডিম্বাণু আছেনে নাই সেয়াও চোৱা হয়। ইয়াৰ বাবে ঋতুস্ৰাৱৰ দ্বিতীয় বা তৃতীয় দিনা আল্ট্ৰাচাউণ্ডৰ জৰিয়তে এন্ট্ৰেল ফলিকল কাউণ্ট (Antral Follicle Count) কৰা হয় বা AMH (Anti-Mullerian Hormone) পৰীক্ষা কৰোৱা হয়। AMH পৰীক্ষাৰ পৰা জানিব পৰা যায় যে মহিলাগৰাকীৰ ভৱিষ্যতে গৰ্ভধাৰণৰ বাবে পৰ্যাপ্ত ডিম্বাণু আছেনে নাই। পুৰুষৰ ক্ষেত্ৰত বীৰ্য বিশ্লেষণ কৰোৱা হয়, য'ত শুক্ৰাণুৰ সংখ্যা, সিহঁতৰ গতি (Motility) আৰু গঠন (Morphology) পৰীক্ষা কৰা হয়।
 
প্ৰশ্নঃ IVF কি? ইয়াক সহজ ভাষাত বুজাই দিয়ক।
 
ডাঃ শ্বাহিদা নাগমাঃ IVF-ৰ সম্পূৰ্ণ নাম হৈছে In Vitro Fertilization। সহজ ভাষাত ক'বলৈ গ'লে, ইয়াত মহিলাৰ ডিম্বাণু আৰু পুৰুষৰ শুক্ৰাণুক শৰীৰৰ বাহিৰত লেবত মিলাই ভ্ৰূণ (Embryo) প্ৰস্তুত কৰা হয়। প্ৰায় পাঁচ দিনলৈকে লেবত ভ্ৰূণটো বিকশিত কৰা হয়, যাক Blastocyst বোলা হয়।
 
ইয়াৰ পিছত এই ভ্ৰূণটোক মহিলাগৰাকীৰ জৰায়ু (Uterus)ত ট্ৰেন্সফাৰ কৰি দিয়া হয়। প্ৰথম অৱস্থাত IVF কেৱল সেইগৰাকী মহিলাৰ বাবেহে উদ্ভাৱন কৰা হৈছিল যাৰ দুয়োটা ফেলোপিয়ান টিউব বন্ধ আছিল। এনে অৱস্থাত ডিম্বাণু আৰু শুক্ৰাণু প্ৰাকৃতিকভাৱে মিলিত হ'ব নোৱাৰে। কিন্তু আজিৰ দিনত IVF-ৰ ব্যৱহাৰ আন বহু পৰিস্থিতিত কৰা হয়, যেনেঃ
 
- পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বা গুণাগুণ কম হোৱা
- ইৰেক্টাইল ডিচফাংচন
- এটা বা দুয়োটা ফেলোপিয়ান টিউব বন্ধ থকা
-PCOS বা অন্যান্য অভুলেছন সম্বন্ধীয় সমস্যা
- ডিম্বাণু উৎপন্ন নোহোৱা বা সঠিকভাৱে বিকশিত নোহোৱা
 
এইবোৰ পৰিস্থিতিত ডিম্বাণু উলিয়াই লেবত শুক্ৰাণুৰ সৈতে নিষিক্ত কৰা হয় আৰু ভ্ৰূণ গঠন হোৱাৰ পিছত ইয়াক জৰায়ুত স্থাপন কৰা হয়।
 
প্ৰশ্নঃ প্ৰতিটো বন্ধ্যত্বৰ ক্ষেত্ৰতেই IVF প্ৰয়োজনীয় নেকি?
 
ডাঃ শ্বাহিদা নাগমাঃ একেবাৰেই নহয়। যদি চিকিৎসকে আপোনাৰ সম্পূৰ্ণ মেডিকেল হিষ্ট্ৰী লৈ সঠিকভাৱে পৰীক্ষা কৰে, তেন্তে প্ৰতিগৰাকী ৰোগীকেই IVF-ৰ প্ৰয়োজন নহয়। প্ৰায় ৮০ শতাংশ দম্পতীয়ে বিয়াৰ প্ৰথম বছৰতেই স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰে।
 
ডাঃ শ্বাহিদা নাগমা
 
বাকীসকলৰ সৰহভাগেই দ্বিতীয় বছৰত গৰ্ভধাৰণ কৰে। কেৱল প্ৰায় ১০ শতাংশ দম্পতীকহে পিছলৈ গৈ IUI বা IVF-ৰ দৰে এডভান্স চিকিৎসাৰ প্ৰয়োজন হয়। যদি দম্পতীক সঠিক সময়ত শাৰীৰিক সম্পৰ্ক স্থাপন কৰা (Fertile Window), অভুলেছনৰ লক্ষণ আৰু গৰ্ভধাৰণ প্ৰক্ৰিয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য প্ৰদান কৰা হয়, তেন্তে বেছিভাগ মানুহেই প্ৰাকৃতিকভাৱেই পিতৃ-মাতৃ হ'ব পাৰে। যদি সমস্যাটো জটিল হয়, যেনে টিউব ব্লক হোৱা, তেন্তে IVF-ৰ পৰামৰ্শ দিয়া হয়।
 
প্ৰশ্নঃ IVF-ৰ আগতে কি কি চিকিৎসা কৰা হয়?
 
ডাঃ শ্বাহিদা নাগমাঃ সৰ্বপ্ৰথমে প্ৰাকৃতিকভাৱে গৰ্ভধাৰণৰ চেষ্টা কৰোৱা হয়। যদি তাৰ দ্বাৰা সফলতা লাভ নহয়, তেন্তে ঔষধৰ জৰিয়তে ডিম্বাণু গঠন প্ৰক্ৰিয়া বৃদ্ধি কৰা হয় আৰু ফলিকুলাৰ মনিটৰিং কৰা হয়। ইয়াৰ পিছত প্ৰয়োজন হ'লে IUI (Intra-Uterine Insemination) কৰা হয়।
 
IUI-ত মহিলাৰ ডিম্বাশয়ত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা ডিম্বাণুৰ নিৰীক্ষণ কৰা হয়। সঠিক সময়ত স্বামীৰ বীৰ্য লেবত প্ৰচেছ কৰি আটাইতকৈ সক্ৰিয় শুক্ৰাণুবোৰ পোনে পোনে জৰায়ুত সুমুৱাই দিয়া হয়, যাৰ ফলত প্ৰাকৃতিক গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি পায়। যদি এই সকলোবোৰ পদ্ধতিৰ পিছতো সফলতা লাভ নহয়, তেতিয়াহে IVF কৰা হয়।
 
প্ৰশ্নঃ IVF-ক লৈ মানুহৰ মাজত কি কি ভুল ধাৰণা আছে?
 
ডাঃ শ্বাহিদা নাগমাঃ IVF-ক লৈ মানুহৰ মাজত বহুত অন্ধবিশ্বাস আছে। আটাইতকৈ ডাঙৰ ভুল ধাৰণাটো হ'ল যে IVF-ত ব্যৱহাৰ কৰা ডিম্বাণু আৰু শুক্ৰাণু আন কোনো ব্যক্তিৰ হয় বুলি ভবাটো। দ্বিতীয় ভুল ধাৰণাটো হ'ল যে IVF-ৰ দ্বাৰা সদায় ল'ৰা সন্তানেই জন্ম হয়। তৃতীয় ভুল ধাৰণাটো হ'ল যে IVF-ত সদায় যঁমজ, তিনিটা বা চাৰিটা সন্তান জন্ম হয়। এই সকলোবোৰ কথা একেবাৰে ভুল। IVF আৰম্ভ কৰাৰ আগতে চিকিৎসকে ৰোগীৰ কাউন্সেলিং কৰে আৰু এই সকলোবোৰ ভ্ৰম দূৰ কৰে যাতে ৰোগীয়ে সম্পূৰ্ণ বিশ্বাসেৰে চিকিৎসা আৰম্ভ কৰিব পাৰে।
 
প্ৰশ্নঃ IVF-ৰ সফলতাৰ হাৰ কিমান?

ডাঃ শ্বাহিদা নাগমাঃ IVF-ৰ সফলতাৰ হাৰ প্ৰতিটো লেব আৰু ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হয়। এখন শ্ৰেষ্ঠ আৰু সুপ্ৰতিষ্ঠিত লেবতো সফলতাৰ হাৰ প্ৰায় ৪৫ ৰ পৰা ৫৫ শতাংশহে হয়। যদি কোনো চেণ্টাৰে ১০০ শতাংশ সফলতাৰ গেৰাণ্টি দিয়ে, তেন্তে ৰোগী সাৱধান হোৱা উচিত। তেনে কথাত বিশ্বাস কৰিব নালাগে। ৰোগীয়ে সদায় সেই চেণ্টাৰটোৰ স্বচ্ছতা চাব লাগে আৰু সুধিব লাগে যে যোৱা এবছৰত তেওঁলোকৰ প্ৰকৃত সফলতাৰ হাৰ কিমান।
 
প্ৰশ্নঃ IVF-ৰ সময়ত ৰোগীয়ে কি কি কথাৰ প্ৰতি লক্ষ্য ৰখা উচিত?
 
ডাঃ শ্বাহিদা নাগমাঃ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল স্বামী-স্ত্ৰীয়ে ইজনে সিজনক আৱেগিকভাৱে সহায় কৰিব লাগে। ইয়াৰ উপৰিঃ
 
- সকলো ঔষধ আৰু বেজী সময়মতে ল'ব লাগে।
- কোনো এটা বেজীও মিছ কৰিব নালাগে।
- চিকিৎসকে নিৰ্ধাৰণ কৰি দিয়া সময়তহে বেজী ল'ব লাগে।
- পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে।
- চিকিৎসকে দিয়া ডায়েট (খাদ্যাভ্যাস) মানি চলিব লাগে।
- সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ শৰীৰটো সুস্থ কৰি ৰাখিব লাগে।
 
প্ৰশ্নঃ মহিলাসকলে নিজৰ প্ৰজনন ক্ষমতা কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰে?
 
ডাঃ শ্বাহিদা নাগমাঃ মহিলাসকলে এক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগে।
 
- প্ৰতিদিনে ৭–৮ ঘণ্টা শুব লাগে।
- মানসিক চাপ কম কৰিব লাগে।
- ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে।
- নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে।
- প্ৰটিনযুক্ত সন্তুলিত আহাৰ গ্ৰহণ কৰিব লাগে।
- ড্ৰাই ফ্ৰুইটছ, আখৰোট আৰু স্বাস্থ্যকৰ চৰ্বি গ্ৰহণ কৰিব লাগে।
- ধূমপান আৰু মদ্যপানৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগে, বিশেষকৈ যদি গৰ্ভধাৰণৰ পৰিকল্পনা কৰি আছে।
 
প্ৰশ্নঃ আপুনি চিকিৎসক হোৱাৰ সিদ্ধান্ত কিয় ল'লে?
 
ডাঃ শ্বাহিদা নাগমাঃ মই চিকিৎসক হোৱাৰ প্ৰেৰণা মোৰ ককাদেউতাৰ পৰা পাইছিলোঁ। তেওঁ যুক্তৰাজ্য (UK)-ত শিশুৰোগ বিশেষজ্ঞ আছিল। যেতিয়াই তেওঁ ভাৰতলৈ আহিছিল, মই তেওঁৰ কাষত বহি তেওঁৰ অভিজ্ঞতা আৰু চিকিৎসক হোৱাৰ যাত্ৰাৰ বিষয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰশ্ন সুধিছিলোঁ। তেওঁৰ কাহিনীয়ে মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল আৰু তেতিয়াই মই ঠিক কৰিছিলোঁ যে ময়ো এগৰাকী চিকিৎসক হ'ম।
 
ডাঃ শ্বাহিদা নাগমা
 
প্ৰশ্নঃ আপুনি ক’ৰ পৰা শিক্ষাগ্ৰহণ কৰিছিল?
 
ডাঃ শ্বাহিদা নাগমাঃ মোৰ প্ৰাথমিক শিক্ষা ধানবাদৰ কমল কনভেণ্ট স্কুলত হৈছিল। ইয়াৰ পিছত মই দিল্লীৰ আৰ্মী পাব্লিক স্কুল, ধৌলা কুঁৱাৰ পৰা পৰৱৰ্তী শিক্ষা সম্পূৰ্ণ কৰোঁ। মই আৰ্মী কলেজ অফ মেডিকেল ছায়েন্সছ (ACMS), MBBS, VMMC আৰু ছফদৰজং চিকিৎসালয়, নতুন দিল্লীৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ।
 
আৰু তাৰ পৰাই ইণ্টাৰ্নশ্বিপো সম্পূৰ্ণ কৰিছিলোঁ। ইয়াৰ পিছত ২০১৫ চনত মই নতুন দিল্লীৰ VMMC আৰু সুচেতা কৃপালানী চিকিৎসালয়ৰ পৰা এম এছ (স্ত্ৰী আৰু প্ৰসূতি ৰোগ) ত নামভৰ্তি কৰোঁ আৰু তিনি বছৰৰ অধ্যয়ন সম্পূৰ্ণ কৰোঁ। ২০১৮ চনৰ পৰা ২০২১ চনলৈকে তাতেই ছিনিয়ৰ ৰেছিডেন্সী কৰোঁ। তাৰ পিছত মই ছাৰ গংগাৰাম চিকিৎসালয়ত ডাঃ আভাৰ তত্ত্বাৱধানত এবছৰৰ IVF ফেল'শ্বিপ কৰোঁ। বৰ্তমান মই মোৰ নিজা প্ৰেকটিছ কৰি আছোঁ। VMMC আৰু ছফদৰজং চিকিৎসালয়ৰ পৰা ৩ বছৰৰ ছিনিয়ৰ ৰেছিডেন্সী কৰিছোঁ।
 
প্ৰশ্নঃ আপোনাৰ চেণ্টাৰটোৰ নাম কি?
 
ডাঃ শ্বাহিদা নাগমাঃ মোৰ চেণ্টাৰটোৰ নাম 'ৰেডিয়েন্স লাইফলাইন এণ্ড ফ্ৰাৰ্টিলিটী চেণ্টাৰ'।
 
প্ৰশ্নঃ এই পেছাত আপুনি কেতিয়াবা কোনো ধৰণৰ সামাজিক কু-সংস্কাৰৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি?
 
ডাঃ শ্বাহিদা নাগমাঃ নাই, মই ব্যক্তিগতভাৱে কোনো ধৰণৰ সামাজিক কু-সংস্কাৰৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। অৱশ্যে চৰকাৰী চিকিৎসালয়ত কাম কৰাৰ সময়ত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল অত্যাধিক ৰোগীৰ হেঁচা। তাত ৰোগীৰ সংখ্যা বহুত বেছি থাকে, কিন্তু সেই অনুপাতে চিকিৎসকৰ সংখ্যা আপেক্ষিকভাৱে কম।
 
এনে পৰিৱেশত চিকিৎসকে সদায় অত্যাধিক কৰ্মভাৰ আৰু মানসিক চাপৰ মাজেৰে যাবলগীয়া হয়। মই ভাবোঁ যে এই পেছাত সফল হ'বলৈ নিজৰ সিদ্ধান্তত অটল থকাটো খুবেই প্ৰয়োজনীয়। অত্যাধিক কৰ্মভাৰ আৰু চাপৰ বাবে বহুতো চিকিৎসক আধাতে ভাগি পৰে, সেয়েহে ধৈৰ্য, সমৰ্পণ আৰু সেৱাৰ মনোভাৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ।
 
সাধাৰণতে সোধা প্ৰশ্ন (FAQs)
 
ডাঃ শ্বাহিদা নাগমাই ক্লাউডনাইনৰ (Cloudnine) কোনখন চহৰ আৰু কোনটো চেণ্টাৰত প্ৰেকটিছ কৰে?
ডাঃ শ্বাহিদা নাগমাই নতুন দিল্লীৰ কৈলাশ কলনীত প্ৰেকটিছ কৰে।
 
মই ডাঃ শ্বাহিদা নাগমাৰ পৰা এপইণ্টমেণ্ট কেনেকৈ বুক কৰিব পাৰোঁ?
আপুনি 'Cloudnine এপ', Cloudnine-ৰ ৱেবছাইট, কাষ্টমাৰ কেয়াৰ নম্বৰত ফোন কৰি বা পোনে পোনে চিকিৎসালয়লৈ গৈ ডাঃ শ্বাহিদা নাগমাৰ সৈতে পৰামৰ্শৰ বাবে বুকিং কৰিব পাৰে।
 
মানুহে ডাঃ শ্বাহিদা নাগমাৰ পৰা পৰামৰ্শ কিয় লয়?
ৰোগীসকলে প্ৰায়েই ফ্ৰাৰ্টিলিটী আৰু IVF-ৰ সৈতে জড়িত সমস্যাৰ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে ডাঃ শ্বাহিদা নাগমাৰ ওচৰলৈ আহে।
 
মই এপইণ্টমেণ্ট কেতিয়া বুক কৰিব পাৰোঁ?
'Cloudnine এপ' বা Cloudnine-ৰ ৱেবছাইটৰ জৰিয়তে যিকোনো সময়তে।
 
ডাঃ শ্বাহিদা নাগমাৰ শিক্ষাগত অৰ্হতা?
ডাঃ শ্বাহিদা নাগমাৰ শিক্ষাগত অৰ্হতাঃ MBBS, MS, FRM।
 
ডাঃ শ্বাহিদা নাগমা কিহৰ বিশেষজ্ঞ?
ডাঃ শ্বাহিদা নাগমা ফ্ৰাৰ্টিলিটী আৰু IVF বিশেষজ্ঞ।
 
(চিকিৎসক দিৱস বিশেষ)