স্বাস্থ্যসেৱাত জীৱাণুমুক্তকৰণৰ নিৰীক্ষণৰ গুৰুত্ব বিষয়ক আলোচনাচক্ৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
স্বাস্থ্যসেৱাত জীৱাণুমুক্তকৰণৰ নিৰীক্ষণৰ গুৰুত্ব বিষয়ক আলোচনাচক্ৰ
স্বাস্থ্যসেৱাত জীৱাণুমুক্তকৰণৰ নিৰীক্ষণৰ গুৰুত্ব বিষয়ক আলোচনাচক্ৰ
 
গুৱাহাটী
 
স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জীৱাণুমুক্তকৰণ প্ৰক্ৰিয়াৰ সঠিক নিৰীক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বুধবাৰে গুৱাহাটীৰ জিএমচিএইচৰ চিএন চেণ্টাৰ প্ৰেক্ষাগৃহত এখন একদিনীয়া আলোচনা সভা অনুষ্ঠিত হয়। প্ৰজ্ঞ্যোতিষপুৰ মেডিকেল কলেজ এণ্ড হস্পিতাল (পিএমচিএইচ)ৰ মাইক্ৰ'বায়'লজি বিভাগে মেড’ভেচন ইনকৰ্পৰেশ্যন, মেছা জিকেই আৰু আইএএমএম অসম শাখাৰ সহযোগত এই আলোচনা সভাৰ আয়োজন কৰা হয়। 
 
এই কাৰ্যসূচীত স্বাস্থ্যসেৱাৰ পেছাদাৰী, অণুজীৱবিজ্ঞানী, সংক্ৰমণ নিয়ন্ত্ৰণ বিশেষজ্ঞ আৰু চি এছ এছ ডিৰ কৰ্মীসকলক একত্ৰিত কৰি স্বাস্থ্যসেৱাৰ পৰিৱেশত চাফাই, বন্ধ্যাকৰণ আৰু সংক্ৰমণ প্ৰতিৰোধৰ উত্তম পদ্ধতিৰ ওপৰত আলোচনা কৰা হয়।
 
অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত প্ৰজ্ঞ্যোতিষপুৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক অধ্যাপক (ডাঃ) বি কে বৈশ্য, চিকিৎসা অধীক্ষক অধ্যাপক (ডাঃ) পূৰ্ণিমা বৰুৱা, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতালৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক অধ্যাপক (ডাঃ) বাবুল কুমাৰ বেজবৰুৱা আৰু পিএমচিএইচৰ মাইক্ৰ'বায়'লজি বিভাগৰ মুৰব্বী অধ্যাপক (ডাঃ) ছৈয়দ তানৱীৰ আলম উপস্থিত থাকে। 
 
বৈজ্ঞানিক অধিৱেশনত দেশ-বিদেশৰ কেইবাজনো বিশিষ্ট বিশেষজ্ঞই বক্তব্য আগবঢ়ায়। তেওঁলোকৰ ভিতৰত মেছা জাৰ্মান জিএমবিএইচৰ জোৱাচিম ছেবাষ্টিয়ান মেটজিং, ব্ৰিচ কেণ্ডি হাস্পতালৰ জ্যেষ্ঠ চিএছএছডি ব্যৱস্থাপক ভান প্ৰতাপ সিং, মেছালেবচ জেকেইৰ ক্ৰিছ বাৰ্ড আৰু মেড’ভেচন ইনকৰ্পৰেশ্যনৰ সঞ্চালক শৈলেশ মেহতা অন্যতম। 
 
তেওঁলোকে পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰক্ৰিয়াৰ বৈজ্ঞানিক বৈধতা, জীৱাণুমুক্তকৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান, বেক্টেৰিয়াৰোধী ব্যৱস্থা, বাষ্প আৰু নিম্ন-তাপমাত্ৰাৰ জীৱাণুমুক্তকৰণ, পানীৰ ৰাসায়নিক গুণাগুণ আৰু জীৱাণুমুক্তকৰণ প্ৰক্ৰিয়াৰ নিয়মীয়া নিৰীক্ষণ আদি বিষয়ত বিশদভাৱে আলোচনা কৰে।
 
বক্তাসকলে উল্লেখ কৰে যে, স্বাস্থ্যসেৱা প্ৰতিষ্ঠানত ফলপ্ৰসূ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জীৱাণুমুক্তকৰণ প্ৰক্ৰিয়াৰ নিয়মীয়া নিৰীক্ষণ ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে স্বাস্থ্যসেৱাৰ মান উন্নত কৰাত আৰু চিকিৎসালয়-সম্পৰ্কীয় সংক্রমণ প্ৰতিৰোধ কৰাত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনুষ্ঠানৰ অন্তত এক মুক্ত আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পিছত অংশগ্ৰহণকাৰীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।