কেন্সাৰৰ কেম'থেৰাপিৰ বিকল্প চিকিৎসা উদ্ভাৱন; গুৱাহাটী IIT আৰু IASST ৰ গৱেষকে তৈয়াৰ কৰিলে RK 251

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
আধুনিক চিকিৎসা বিজ্ঞানত কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে যথেষ্ট ঔষধৰ পয়োভৰ হৈছে। কিন্তু এই জটিল ৰোগৰ নিৰাময়ৰ বাবে কেম'থেৰাপি অথবা ৰেডিঅ'থেৰাপিৰ দৰে বিকল্প নাই। গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকন'লজি আৰু ইনষ্টিটিউট অব্ এডভান্সড স্টাডি ইন ছায়েন্স এণ্ড টেকন'লজিৰ এদল গবেষকে কৰ্কট ৰোগত ব্যৱহৃত কৰা এবিধ ঔষধ তৈয়াৰ কৰাৰ কামত ব্ৰতী হৈছে। এই ঔষধবিধ বৰ্তমান গৱেষণাৰ স্তৰতে আছে।
 
গৱেষকসকলে দাবী কৰিছে যে এই ঔষধবিধ সম্পূর্ণৰূপে তৈয়াৰ হ'লে ইয়াক কেম'থেৰাপিৰ বিকল্প ঔষধ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। গৱেষকে দাবী কৰা মতে এই ঔষধে শৰীৰৰ কোষে কোষে থকা কেন্সাৰৰ কোষক ধ্বংস কৰিব পৰা ক্ষমতা আছে। এনে পৰিপ্ৰেক্ষিতত এই ঔষধৰ জৰিয়তে কৰ্কট ৰোগৰ যন্ত্রণা যথেষ্টখিনি লাঘর হ'ব। উল্লেখযোগ্য যে শৰীৰত কেন্সাৰ কোষৰ বিভাজন খুউব সোনকালে দ্রুতগামী হয়।
 
উল্লেখযোগ্য যে, অতি শীঘ্রে শৰীৰৰ কোষে কোষে বিয়পিব পাৰে এই ৰোগ। গবেষকে দাবী কৰিছে- মানুহৰ শৰীৰত এনে কিছুমান প্র'টিন থাকে, যিয়ে কৰ্কট কোষৰ বৃদ্ধিত সহায় কৰে।