প্ৰথমটো ডেংগু ভেকচিন লাভ কৰিলে ভাৰতে

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰথমটো ডেংগু ভেকচিন লাভ কৰিলে ভাৰতে
প্ৰথমটো ডেংগু ভেকচিন লাভ কৰিলে ভাৰতে
 
নতুন দিল্লী
 
ডেংগু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য লাভ কৰিছে ভাৰতে। ড্ৰাগ কণ্ট্ৰ'লাৰ ৰাজ্যিক জেনেৰেল অব ইণ্ডিয়াই জাপানী ফাৰ্মাচিউটিকেল কোম্পানী 'টাকেডা'ৰ  ডেংগু ভেকচিন 'QDENGA'-ক বজাৰত ব্যৱহাৰৰ বাবে আনুষ্ঠানিক অনুমোদন প্ৰদান কৰিছে। ইয়াৰ লগে লগে এইটো হৈ পৰিল ভাৰতত অনুমোদন লাভ কৰা প্ৰথমটো ডেংগু ভেকচিন।
 
এই ভেকচিনবিধ ৪ ৰ পৰা ৬০ বছৰ বয়সৰ লোকৰ বাবে অনুমোদন জনোৱা হৈছে। এই ভেকচিনৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে,যে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে ব্যক্তিসকলে পূৰ্বতে ডেংগুত আক্ৰান্ত হৈছিল নে নাই, সেয়া পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নহ’ব। যোগ্য ব্যক্তিসকলে টিকাকৰণৰ পূৰ্বৰ স্ক্ৰীণিঙৰ অবিহনেই এই ভেকচিন গ্ৰহণ কৰিব পাৰিব।
 
বিশ্বজুৰি হোৱা মুঠ ডেংগু আক্ৰান্তৰ প্ৰায় এক-তৃতীয়াংশ ঘটনা ভাৰততেই সংঘটিত হয়। বিশেষকৈ বাৰিষাৰ সময়ত ইয়াৰ প্ৰাদুৰ্ভাৱ ব্যাপকভাৱে বৃদ্ধি পায়। টাকেডাই ভাৰতৰ জৈৱিক প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বৰে এই ভেকচিন স্থানীয়ভাৱে প্ৰস্তুত কৰি পর্যাপ্ত পৰিমাণে যোগান ধৰাৰ পৰিকল্পনা কৰিছে।  ইপিনে  টেকেডাৰ আন্তঃমহাদেশীয় বজাৰৰ মুৰব্বী মহেন্দ্ৰ নায়কে এই প্ৰসংগত উল্লেখ কৰে যে, ২০২২ চনত মুকলি হোৱাৰ পিছৰে পৰা ‘কিউডেংগা’ই ৪৩ খন দেশত অনুমোদন লাভ কৰিছে আৰু গোলকীয়ভাৱে ৩ কোটি ২০ লাখৰো অধিক পালি বিতৰণ কৰা হৈছে।
 
তেওঁ লগতে কয় যে, এই অনুমোদনে ভাৰতত ডেংগু প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰিব। প্ৰতিষ্ঠানটোৱে দাবী কৰা অনুসৰি, যোৱা সাত বছৰৰ দীৰ্ঘম্যাদী তথ্যই প্ৰমাণ কৰিছে যে এই ভেকচিনে ডেংগু ভাইৰাছৰ চাৰিওটা চেৰ’টাইপৰ বিৰুদ্ধে নিৰন্তৰ সুৰক্ষা প্ৰদান কৰে আৰু ৰোগীক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰা ৰক্ষা কৰে।
 
উল্লেখযোগ্য যে, এই ভেকচিনটো ডেংগু আগতে হোৱা আৰু নোহোৱা -উভয় ক্ষেত্ৰতেই সমানভাৱে কাৰ্যক্ষম হোৱাকৈ প্ৰস্তুত কৰা হৈছে। ভাৰতত ডেংগু প্ৰতিৰোধৰ সামগ্ৰিক কৌশল, যেনে মহ নিয়ন্ত্ৰণ, ৰোগ নিৰীক্ষণ, জনসচেতনতা আৰু জনস্বাস্থ্য ব্যৱস্থাক অধিক শক্তিশালী কৰাত এই অনুমোদনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।