শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ
জীৱনে কেতিয়াবা আমাক এনে কিছুমান নিৰ্মম আৰু কঠিন পৰীক্ষাৰ সন্মুখীন কৰায়, য'ত সাধাৰণতে বহুতেই নিৰাশাত ভাগি পৰে। কিন্তু এনে কিছুমান মানুহ আছে, যিসকলে সকলো বাধা আৰু প্ৰতিকূলতাক নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰি সমাজৰ বাবে এক আশা আৰু অনুপ্ৰেৰণাৰ বন্তি হৈ জিলিকি উঠে। প্ৰবীণ বলিউড অভিনেত্ৰী নাফিছা আলীও ঠিক তেনে এগৰাকী বিৰল আৰু সাহসী ব্যক্তিত্বৰ অধিকাৰী।
পেৰিটোনিয়েল আৰু অভাৰিয়ান কেন্সাৰ (ডিম্বাশয়ৰ কৰ্কট ৰোগ)ৰ পুনৰাবৃত্তিৰ সৈতে তেওঁ দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে। অস্ত্ৰোপচাৰ, ইটোৰ পাছত সিটোকৈ কেম'থেৰাপী আৰু শাৰীৰিক দুৰ্বলতাৰ দৰে কঠিন বাস্তৱৰ মাজেৰে পাৰ হৈয়ো তেওঁ জীৱনৰ প্ৰতি থকা আস্থা হেৰুওৱা নাই। ইয়াৰ বিপৰীতে তেওঁ প্ৰমাণ কৰি দিছে যে মানুহৰ ইচ্ছাশক্তিয়ে বহু সময়ত শাৰীৰিক সীমাবদ্ধতাকো অতিক্ৰম কৰিব পাৰে।
শেহতীয়াকৈ নাফিছা আলীয়ে হিমাচল প্ৰদেশৰ মনোৰম পাহাৰীয়া অঞ্চলত সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১১ হাজাৰ ফুট উচ্চতাত উপনীত হৈ এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে। ৰোহটাং পাছৰ ওচৰৰ এই ভ্ৰমণ কেৱল এক সাধাৰণ পাহাৰীয়া ভ্ৰমণ নাছিল; ই আছিল সাহস, আত্মবিশ্বাস আৰু জীৱনটোক নতুনকৈ আৱিষ্কাৰ কৰাৰ এক অসাধাৰণ যাত্ৰা।
দুৰ্গম পাহাৰীয়া পথৰে আগবাঢ়ি যোৱাৰ সময়ত তেওঁ পৰিয়ালৰ সদস্যসকলৰ সহায় ল'বলগীয়া হৈছিল। বিশেষকৈ জোঁৱায়েক আৰু নাতিয়েকৰ সহায়ত তেওঁ প্ৰতিটো খোজতে আগবাঢ়ি গৈছিল। কিন্তু সেই সহায়ৰ আঁৰত লুকাই আছিল তেওঁৰ অদম্য মানসিক শক্তি। শাৰীৰিক ক্লান্তি বা অসুস্থতাই তেওঁৰ মুখৰ হাঁহি ম্লান কৰিব পৰা নাছিল। বৰং প্ৰকৃতিৰ অপাৰ সৌন্দৰ্যৰ মাজত তেওঁ যেন বিচাৰি পাইছিল নতুনকৈ জীয়াই থকাৰ আনন্দ।
নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি নাফিছাই কয় যে অস্ত্ৰোপচাৰ আৰু অসংখ্য কেম'থেৰাপীৰ পাছত এই পাহাৰীয়া ভ্ৰমণে তেওঁক যেন এক নতুন জীৱনৰ সোৱাদ দিছে। অটল সুৰংগৰ মাজেৰে ছিছু অঞ্চলত পৰিয়ালৰ সৈতে কটোৱা সময়খিনি তেওঁৰ বাবে হৈ পৰিছে এক অমূল্য স্মৃতি। প্ৰকৃতিৰ সান্নিধ্যত কটোৱা সেই মুহূৰ্তবোৰে তেওঁক মানসিকভাবে আৰু অধিক শক্তিশালী কৰি তুলিছে।
নাফিছা আলী তেওঁৰ স্বামীৰ সৈতে
তেওঁৰ এই যাত্ৰাৰ আঁৰত আছে এক দীৰ্ঘদিনীয়া সংগ্ৰামৰ ইতিহাস। ২০১৮ চনত তেওঁৰ শৰীৰত প্ৰথম ধৰা পৰিছিল পেৰিটোনিয়েল আৰু অভাৰিয়ান কেন্সাৰ। দীৰ্ঘদিনীয়া চিকিৎসা আৰু কঠোৰ যুঁজৰ অন্তত তেওঁ সুস্থতাৰ পথলৈ ঘূৰি আহিছিল। কিন্তু পাছত পুনৰ উভতি আহে সেই মাৰাত্মক ৰোগটো। এনে পৰিস্থিতিত হয়তো বহুতেই আশা এৰি দিলেহেঁতেন। কিন্তু নাফিছা আলীয়ে এক সুকীয়া পথ বাছি লৈছে। তেওঁ অসুস্থতাক জীৱনৰ শেষ অধ্যায় হিচাপে নহয়, নতুনকৈ যুঁজ আৰম্ভ কৰাৰ এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে।
এক সাক্ষাৎকাৰত তেওঁ কয় যে প্ৰথম অৱস্থাত চিকিৎসকসকলে তেওঁৰ সমস্যাৰ প্ৰকৃত কাৰণ ধৰা পেলাব পৰা নাছিল। কিন্তু তেওঁ নিজৰ শৰীৰৰ সংকেতক গুৰুত্ব দিছিল আৰু বাৰে বাৰে চিকিৎসকসকলৰ আগত নিজৰ শংকাৰ কথা প্ৰকাশ কৰিছিল। তেওঁৰ সচেতনতা, ধৈৰ্য আৰু দৃঢ় মনোভাৱেই শেষলৈ সঠিক ৰোগ নিৰ্ণয়ত সহায়ক হৈছিল। এই অভিজ্ঞতাই আমাৰ সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা কঢ়িয়াই আনিছে যে নিজৰ শৰীৰৰ পৰিৱৰ্তনক আওকাণ নকৰি সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী।
আজিও কেন্সাৰৰ বিৰুদ্ধে তেওঁৰ যুঁজ অব্যাহত আছে। কিন্তু সেই যুঁজৰ মাজতো তেওঁ প্ৰমাণ কৰিছে যে, জীৱন কেৱল ৰোগৰ নাম নহয়; জীৱন মানে হ'ল আশা, সাহস, মৰম আৰু সন্মুখলৈ আগবাঢ়ি যোৱাৰ অদম্য ইচ্ছা। ১১ হাজাৰ ফুট উচ্চতাত থিয় দি তেওঁ যেন সকলোৰে উদ্দেশ্যি এটাই বাৰ্তা দিছে যে পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, মনোবল অটুট থাকিলে কোনো বাধাই অজেয় নহয়।
নাফিছা আলীৰ এই সংগ্ৰাম কেৱল এগৰাকী অভিনেত্ৰীৰ ব্যক্তিগত জীৱন-গাঁথাতেই আৱদ্ধ নহয়; ই হৈছে হেজাৰ হেজাৰ কেন্সাৰ যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক উজ্জ্বল আশাৰ ৰেঙনি। তেওঁৰ এই অনুপ্ৰেৰণাদায়ক যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে ৰোগত শৰীৰ হয়তো কেতিয়াবা দুৰ্বল হ'ব পাৰে, কিন্তু মনৰ সপোন, বুকুৰ সাহস আৰু অদম্য ইচ্ছাশক্তি যদি জীৱন্ত হৈ থাকে, তেন্তে জীৱনৰ আটাইতকৈ ওখ আৰু দুৰ্গম পাহাৰখনো অনায়াসে জয় কৰাটো সম্ভৱ।