ধ্বংসৰ মাজত সৃষ্টিৰ ঠিকনাঃ বৰান ইজলালৰ অসাধাৰণ শিল্পযাত্ৰা

Story by  atv | Posted by  Munni Begum • 11 h ago
বাৰান ইজলাল
বাৰান ইজলাল
 
বিদুশী গৌৰ / নতুন দিল্লী
 
এটা শান্ত শীতৰ পুৱা বাৰান ইজলালৰ জন্ম হৈছিল এনে এখন চহৰত, যিখন চহৰৰ মানুহে ৰঙীন সপোন দেখিবলৈ পাহৰি গৈছিল। ঘৰবোৰত ধূসৰ ৰঙৰ প্ৰলেপ, ধূলিয়ৰি ৰাস্তা আৰু আনকি আকাশখনেও যেন সংকোচৰ এক স্থায়ী ছাঁ কঢ়িয়াই ফুৰিছিল। ইয়াৰ মানুহে কেৱল জীয়াই থকাৰ সংগ্ৰামতহে বিশ্বাস কৰিছিল, কল্পনাত নহয়। কিন্তু কোনেও গম পোৱা নাছিল যে বৰানে নিজৰ বুকুত ৰঙৰ এক ধুমুহা লৈ জন্মগ্ৰহণ কৰিছিল।
 
সৰুতে তেওঁ বৰ কম কথা কৈছিল। চোতালৰ দেৱালৰ ওচৰত বহি ঘণ্টাৰ পিছত ঘণ্টা ধৰি আঙুলিৰে অদৃশ্য আকৃতি আঁকি থকা দেখি তেওঁৰ মাতৃ প্ৰায়ে চিন্তিত হৈছিল। পাঁচ বছৰ বয়সত এদিন তেওঁ চৌকাৰ ওচৰত এটুকুৰা ভঙা এঙাৰ বিচাৰি পালে। সেইদিনাৰ পৰাই দেৱালখন সলনি হ’বলৈ ধৰিলে।
 
 
প্ৰথমতে সেইবোৰ আছিল কিছুমান কুণ্ঠিত, আঁকোৱা-পকোৱা ৰেখা আৰু অসমান বৃত্ত। কিন্তু সোনকালেই দেৱালখনে এক জীৱন্ত ৰূপ ল’লে। বিশাল ডেউকাৰ চৰাই, ফুচফুচনিৰ দৰে বৈ যোৱা নদী, আৰু উশাহ লোৱা যেন লগা কিছুমান মুখাৱয়ব। এদিন সন্ধিয়া তেওঁৰ মাতৃয়ে আচৰিত হৈ থিয় দি ৰৈছিল। সেয়া কেৱল চিত্ৰ নাছিল; সেইবোৰৰ মাজত আৱেগ, আনন্দ, দুখ, হাবিয়াস- সকলোবোৰ যেন সংমিশ্ৰিত হৈ আছিল।তেওঁৰ মাতৃয়ে লাহেকৈ সুধিলে, "তুমি এইবোৰ ক’ত দেখিলা?" বৰানে কান্ধ জোকাৰি উত্তৰ দিলে, "এইবোৰ তাতেই আছিল। মই মাথোঁ সেইবোৰক ওলাই অহাত সহায় কৰিলোঁ।"
 
বিদ্যালয়ৰ দিনবোৰ তেওঁৰ বাবে সংগ্ৰামপূৰ্ণ আছিল। শিক্ষকসকলে অভিযোগ কৰিছিল যে তেওঁ অমনোযোগী, পঢ়াত মন দিয়াৰ সলনি বহীৰ কাষত ছবি আঁকি থাকে। সংখ্যাবোৰে তেওঁক আমনি দিছিল, শব্দবোৰ গধুৰ যেন লাগিছিল, কিন্তু ছবিয়ে তেওঁৰ মনলৈ এক স্বাভাৱিক প্ৰবাহ কঢ়িয়াই আনিছিল। সহপাঠীসকলে তেওঁক অদ্ভুত বুলি জোকাইছিল। তেওঁলোকে কৈছিল, "তাই এক বেলেগ পৃথিৱীত বাস কৰে।" আৰু তেওঁলোকৰ কথা সঁচাই আছিল।
 
বাৰ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে এখন স্থানীয় চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিষয়বস্তু আছিল "ঘৰ"। বেছিভাগ শিশুৱেই ধুনীয়া চাল আৰু হাঁহিমুখীয়া পৰিয়ালৰ ছবি আঁকিছিল। কিন্তু বৰানে সম্পূৰ্ণ বেলেগ এটা বস্তু আঁকিলে- এক খণ্ডিত গঠন, যাৰ দেৱালবোৰ আকাশৰ লগত মিলি গৈছে আৰু তাৰ ভিতৰত থিয় হৈ থকা এক অকলশৰীয়া অৱয়ব, যাৰ হাতত থকা চাকিগছিয়ে সূৰ্যতকৈয়ো অধিক পোহৰ বিলাইছে। বিচাৰকসকলে সেয়া বুজি নাপালে। কিছুমানে ইয়াক অস্বস্তিকৰ বুলিও অনুভৱ কৰিলে। কিন্তু দৰ্শকৰ মাজত থকা এজন বৃদ্ধ লোকে সেয়া বুজি পাইছিল।
 
বৰান ইজলাল
 
ফলাফল ঘোষণা কৰাৰ পিছত (য’ত বৰানে একো জিকিব পৰা নাছিল), বৃদ্ধজন বৰানৰ ওচৰলৈ আহিল আৰু বহু সময় ধৰি ছবিখনলৈ চাই ৰ’ল। "তুমি যি দেখা, সেয়া আঁকি নোলোৱা," বৃদ্ধজনে ক’লে। "তুমি সেইটোৱেই আঁকা, যিটোৱে তোমাৰ মনৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে।" সেই বাক্যশাৰীয়ে বৰানৰ মনত চিৰদিনৰ বাবে সাঁচ বহুৱাই গ'ল।
 
বয়স বাঢ়ি অহাৰ লগে লগে তেওঁৰ পৃথিৱীখনৰ বিস্তাৰ ঘটিল, কিন্তু মানুহে আশা কৰা ধৰণে নহয়। তেওঁ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ বা দামী আৰ্ট গেলাৰীৰ পাছত দৌৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ পৰিত্যক্ত অট্টালিকা, জনবহুল বজাৰ আৰু নিস্তব্ধ নদীৰ পাৰত ঘূৰি ফুৰিছিল- জীৱনৰ খণ্ডবোৰক নিজৰ মাজত সামৰি লৈছিল। প্ৰতিখন মুখ, দেৱালৰ প্ৰতিটো ফাঁট, পোহৰৰ প্ৰতিটো তিৰবিৰণি তেওঁৰ অন্তৰ্নিহিত কেনভাছৰ অংশ হৈ পৰিছিল।
 
তেওঁ মামৰ, ছাই, ভঙা কাঁচ আৰু আনকি পেলনি যোৱা কাপোৰৰ দৰে সামগ্ৰীৰে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ বাবে শিল্পকলা কেৱল তুলিকা আৰু ৰঙৰ মাজতে আবদ্ধ নাছিল। ই আছিল পুনৰ্জীৱনৰ এক প্ৰক্ৰিয়া- যি পাহৰণিৰ গৰ্ভত জাহ গৈছিল, তাক তুলি আনি পুনৰ অৰ্থ প্ৰদান কৰা।
 
বৰান ইজলাল
 
তেওঁৰ কুৰিৰ দশকৰ আৰম্ভণিতে তেওঁৰ বিষয়ে মানুহৰ মাজত আলোচনা হ’বলৈ ধৰিলে। মানুহে এনে এজন যুৱ শিল্পীৰ কথা পাতিবলৈ ধৰিলে যাৰ কৰ্মৰাজিয়ে দৰ্শকক নিজৰ সত্তাক উপলব্ধি কৰিবলৈ বাধ্য কৰায়, আনকি তেওঁলোকে সেয়া নিবিচাৰিলেও। তেওঁৰ সৃষ্টিয়ে দেৱাল সজাই তোলা নাছিল, বৰং দেৱালবোৰক অস্থিৰ কৰি তুলিছিল।
 
তেওঁৰ আটাইতকৈ চৰ্চিত সৃষ্টিকৰ্মৰ ভিতৰত এটা আছিল "ইক’জ অৱ ছাইলেনছ" নামৰ এখন চিত্ৰশৃংখলা। ইয়াত স্তৰে স্তৰে অঁকা কিছুমান মুখাৱয়বহীন অবয়ব আছিল, যিবোৰ যেন নিজৰ মাজতেই বিলীন হৈ গৈছিল। দৰ্শকসকলে প্ৰায়ে অস্বস্তি অনুভৱ কৰিছিল আৰু ইয়াৰ পৰা চকু আঁতৰাব পৰা নাছিল। এখন সৰু প্ৰদৰ্শনীত এবাৰ এজনে তেওঁক সুধিছিল, "ইয়াত কাৰো মুখ কিয় নাই?" বৰানে উত্তৰ দিছিল, "কাৰণ আমি এখন মুখাৱয়ব থকাৰ ভাও ধৰোঁতেই আমাৰ বেছিভাগ সময় অতিবাহিত কৰোঁ।"
 
ক্ৰমাৎ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ পিছতো তেওঁ খ্যাতিৰ পৰা আঁতৰিয়েই আছিল। গেলাৰী, সংগ্ৰাহক আৰু আনকি আন্তঃৰাষ্ট্ৰীয় কিউৰেটৰৰ পৰাও আমন্ত্ৰণ আহিছিল, কিন্তু তেওঁ মাত্ৰ কেইটামানহে গ্ৰহণ কৰিছিল। তেওঁৰ ভয় আছিল যে অত্যধিক নীতি-নিয়মে তেওঁৰ স্বাভাৱিক প্ৰবৃত্তিক শ্বাসৰুদ্ধ কৰি পেলাব। বৰানৰ বাবে শিল্পকলা কোনো পেছা নাছিল। ই আছিল জীয়াই থকাৰ আহিলা। কিন্তু এটা সময়ত এক পটপৰিৱৰ্তন ঘটিল, যিটোৱে তেওঁৰ শিল্পকলাক নহয়, বৰং বিশ্বই তেওঁক চোৱাৰ দৃষ্টিভংগী সলনি কৰি দিলে।
 
বৰান ইজলাল
 
চহৰখনৰ এক অৱহেলিত প্ৰান্তত জুই লাগি কেইবাটাও ঘৰ জাহ গ’ল। ধ্বংসাৱশেষৰ মাজত বাৰানে এখন আধা পোৰা দুৱাৰ বিচাৰি পালে, যাৰ উপৰিভাগ আছিল ফাট মেলা আৰু ক’লা পৰা। তেওঁ সেইখন নিজৰ কৰ্মস্থানলৈ লৈ আহিল আৰু কেইবা সপ্তাহো ধৰি তাৰ ওপৰত কাম কৰিলে। যেতিয়া তেওঁ সেইখন দৰ্শকৰ আগত মুকলি কৰিলে, সকলোৱে হতবাক হৈ পৰিল।
 
সেই আধা পোৰা কাঠখিলা এক বিস্ময়কৰ শিল্পলৈ ৰূপান্তৰিত হৈছিল- পোৰা দাগবোৰৰ মাজত এটা শিশুৰ ছাঁ অংকিত কৰা হৈছিল, যাৰ চাৰিওফালে উজ্জ্বল, প্ৰায় বিদ্ৰোহী ৰঙৰ প্ৰলেপ আছিল। ই একেধাৰে ধ্বংস আৰু আশা, হেৰুৱাৰ বেদনা আৰু প্ৰতিবাদৰ প্ৰতীক আছিল। মানুহে কেৱল ইয়াক দেখা নাছিল— তেওঁলোকে ইয়াক অন্তৰেৰে অনুভৱ কৰিছিল।
 
সেই শিল্পকৰ্মটোৱে বহু ঠাই ভ্ৰমণ কৰিলে। ই এখন চহৰৰ পৰা আন এখন চহৰলৈ, এখন দেশৰ পৰা আন এখন দেশলৈ গৈ এখন ৰংহীন ঠাইৰ কাহিনী বিলাই ফুৰিলে। আৰু ইয়াৰ লগতে বাৰানৰ নামটো তেওঁৰ সেই নিস্তব্ধ চহৰখনৰ সীমা অতিক্ৰম কৰি বহুদূৰলৈ অনুৰণিত হ’বলৈ ধৰিলে।
 
বৰান ইজলালৰ শিল্পকৰ্ম
 
তথাপি, যদি আপুনি তেওঁক লগ পাবলৈ যায়, তেন্তে সেই একেজন মানুহকেই দেখিবলৈ পাব, যি মজিয়াত ভৰি দুখন কোঁচাই বহি থাকে, চাৰিওফালে সিঁচৰতি হৈ থকা সামগ্ৰীৰ মাজত হেৰাই গৈ শিল্প সৃষ্টিত মগ্ন হৈ থাকে। তেওঁ বৰ কম কথা কয়, কিন্তু তেওঁৰ চকুত সদায় সেই একেই অস্থিৰ শক্তি বিৰাজমান।
 
এবাৰ এজন সাংবাদিকে তেওঁক সুধিছিল, "আপুনি ভাবেনে যে আপোনাৰ শিল্পই পৃথিৱীখন সলনি কৰিব পাৰে?" বৰান অলপ ৰ’ল আৰু তাৰ পিছত মিচিকিয়াই হাঁহিলে। "নাই," তেওঁ ক’লে। "কিন্তু হয়তো ই মানুহক সোঁৱৰাই দিয়ে যে তেওঁলোকে পৃথিৱীখনক চোৱাৰ দৃষ্টিভংগী সলনি কৰিব পাৰে।"
 
বৰান ইজলাল কেৱল এগৰাকী শিল্পীয়েই নহয়, তেওঁ এজন অনুবাদক- যিয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা জটিল আৱেগবোৰক আৰু ক’বলৈ ভয় লগা নিচেই ঠুনুকা কাহিনীবোৰক তুলিকাৰে অনুবাদ কৰে। তেওঁ কাৰোবাক প্ৰভাৱিত কৰিবলৈ বা বুজাবলৈ ছবি অংকন নকৰে। তেওঁ আঁকে কাৰণ তেওঁৰ অন্তৰৰ কিবা এটাই  মনে মনে থাকিবলৈ অস্বীকাৰ কৰে। আৰু যিখন পৃথিৱীত মানুহে সত্যতকৈ আৰামদায়ক জীৱনক বেছি গুৰুত্ব দিয়ে, সেইখন পৃথিৱীত তেওঁৰ শিল্পকলা হৈ ৰ’য় এক নীৰৱ প্ৰতিবাদ- প্ৰতিটো তুলিকাৰ আঁচোৰত ফুটি উঠা এক বিপ্লৱ।


শেহতীয়া খবৰ