২১ মে'ত দিছপুৰৰ বিধানসভা চেম্বাৰত আৰম্ভ হ'ব ১৬ নং অসম বিধানসভাৰ প্ৰথম অধিৱেশন

Story by  atv | Posted by  Munni Begum • 12 h ago
অসম বিধানসভা
অসম বিধানসভা
 
গুৱাহাটী 
 
বিধানসভাৰ সচিবালয়ে জাৰি কৰা এক চৰকাৰী অধিসূচনা অনুসৰি, নৱনিৰ্বাচিত ১৬ নং অসম বিধানসভাৰ প্ৰথম অধিৱেশন ২১ মে'ত দিছপুৰৰ বিধানসভা চেম্বাৰত আৰম্ভ হ'ব। লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নিৰ্দেশত জাৰি কৰা জাননীত কোৱা হৈছে যে, এই অধিবেশন পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব। 
 
জাননীখনত উল্লেখ কৰা হৈছে, "ভাৰতীয় সংবিধানৰ ১৭৪ নং অনুচ্ছেদৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অসমৰ ৰাজ্যপালে ২১ মে'ত দিছপুৰৰ বিধানসভা ভৱনত  ১৬ নং অসম বিধানসভাৰ প্ৰথম অধিৱেশন আহ্বান কৰিছে।" 
 
আনহাতে, বিজেপিৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰীয়ে শুকুৰবাৰে ৰাজ্যপালৰ দ্বাৰা অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। অস্থায়ী অধ্যক্ষ হিচাপে তেওঁ প্ৰথম অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰাব। 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে কৈছিল যে, বিধানসভাৰ চাৰিদিনীয়া অধিৱেশন ২৬ মে'লৈকে চলিব। অধিৱেশনৰ আৰম্ভণিতে নৱনিৰ্বাচিত বিধায়কে শপত গ্ৰহণ কৰিব আৰু অধিৱেশনৰ সময়তে নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। 
 
শাসকীয় এনডিএয়ে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। ২০১৬ চনত ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পিছত দাসে পূৰ্বতে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অধিৱেশনৰ প্ৰথম দিনা ৰাজ্যপালগৰাকীয়ে সদনত ভাষণ প্ৰদান কৰিব।
 
সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত এনডিএ দলে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি অসমত ক্ৰমাগতভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে ক্ষমতাত আছে। ভাৰতীয় জনতা পাৰ্টিয়ে ৮২খন আসন লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ১২৬জনীয়া সদনত ১০খনকৈ আসন লাভ কৰে।