ৰে'ল যাত্ৰীৰ পৰা লুণ্ঠন কৰা আন্তঃৰাজ্য ডকাইত চক্ৰৰ ৬ সদস্য গ্ৰেপ্তাৰ গুৱাহাটীত

Story by  atv | Posted by  Munni Begum • 1 Months ago
ৰে'ল যাত্ৰীৰ পৰা লুণ্ঠন কৰা আন্তঃৰাজ্য ডকাইত চক্ৰৰ ৬ সদস্য গ্ৰেপ্তাৰ গুৱাহাটীত
ৰে'ল যাত্ৰীৰ পৰা লুণ্ঠন কৰা আন্তঃৰাজ্য ডকাইত চক্ৰৰ ৬ সদস্য গ্ৰেপ্তাৰ গুৱাহাটীত
 
 
গুৱাহাটী
 
গুৱাহাটী আৰক্ষীয়ে ৰে'ল যাত্ৰীক লক্ষ্য কৰি লুণ্ঠন চলোৱাৰ অভিযোগ থকা এটা কথিত আন্তঃৰাজ্য ডকাইত চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আদাবাৰী অঞ্চলৰ এখন হোটেলত চলোৱা এক বিশেষ অভিযানত এই সফলতা লাভ কৰে আৰক্ষীয়ে।
 
নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত জালুকবাৰী থানাৰ আৰক্ষীৰ এটা দলে আদাবাৰীৰ হোটেল অৱিসাৰিকাত অভিযান চলাই ছয়জন সন্দেহজনক ব্যক্তিক আটক কৰে।
 
গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হৈছে সোনু (ৰোহতক), কৃষ্ণ ৰাণা (ভিৱানী), কুলদীপ (ৰোহতক), প্ৰবীণ কুমাৰ (ভিৱানী), সত্যৱান (ভিৱানী) আৰু সঞ্জয় কুমাৰ (হিছাৰ)। আটাইকেইজনেই হাৰিয়ানা ৰাজ্যৰ বাসিন্দা।
 
গুৱাহাটী আৰক্ষীৰ তথ্য অনুসৰি, এই চক্ৰটোৱে বিভিন্ন ৰে'লত যাত্ৰা কৰা যাত্ৰীসকলক লক্ষ্য কৰি লুণ্ঠন সংঘটিত কৰাৰ অভিযোগ আছে। বিভিন্ন স্থানত এনে অপৰাধমূলক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
 
ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অভিযুক্তসকল আন কোনো লুণ্ঠন বা অপৰাধমূলক ঘটনাৰ সৈতে জড়িত নেকি, লগতে এই চক্ৰটোৰ আন সদস্য বা সহযোগী আছে নেকি, সেই দিশতো তদন্ত চলি আছে।