অসমৰ ৪ জিলাত ৯ পৰা ৩০ আগষ্টলৈ ঘৰে ঘৰে গৈ বানৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন চলাব ৰাজ্য চৰকাৰেঃ মুখ্যমন্ত্ৰী

Story by  PTI | Posted by   Imtiaz Ahmed • 3 h ago
শিৱসাগৰ জিলাৰ এটা বানে বিধ্বস্ত কৰা ঘৰ
শিৱসাগৰ জিলাৰ এটা বানে বিধ্বস্ত কৰা ঘৰ
 
যোৰহাট

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে, ৰাজ্য চৰকাৰে ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বানপীড়িত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চাৰিখন জিলাত ঘৰেঘৰে গৈ বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন চলাব।

তেওঁ দৃঢ়তাৰে কয় যে, ক্ষতিগ্ৰস্ত কোনো এটা পৰিয়ালকো বাদ দিয়া নহ’ব আৰু প্ৰচলিত নীতি-নিয়ম অনুসৰি চৰকাৰে সম্ভৱপৰ সৰ্বাধিক সাহায্য আগবঢ়াব।

এইবাৰৰ বানত কমেও ৯৭ জন লোকৰ মৃত্যু হৈছে আৰু এতিয়াও ১.৬৮ লাখতকৈ অধিক লোক বানৰ প্ৰভাৱত আছে। ইয়াৰে পূব অসমৰ চাৰিখন জিলাই সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে।

যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ সভাপতিত্ব কৰাৰ পিছত সামাজিক মাধ্যমত দিয়া এক পোষ্টত শৰ্মাই কয়, “#AssamFloods-ত ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ বিষয়াসকলৰ সৈতে এক বিস্তৃত প্ৰশিক্ষণমূলক বৈঠক সম্পন্ন কৰিলোঁ। ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ আমাৰ দলসমূহে ঘৰেঘৰে গৈ ক্ষয়-ক্ষতিৰ মূল্যায়ন চলাব।”
তেওঁ কয় যে, জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াসকলে মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰি নিশ্চিত কৰিব লাগিব যাতে কোনো ক্ষতিগ্ৰস্ত পৰিয়াল বাদ নপৰে।

“সংশ্লিষ্ট বিষয়াসকলে ক্ষয়-ক্ষতিৰ ছবি এখন নিৰ্দিষ্ট মোবাইল এপত আপলোড কৰিব। তাৰ পিছত ৩০ আগষ্টৰ ভিতৰত মূল্যায়ন সম্পন্ন কৰা হ’ব আৰু তাৰ পিছত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে পুনৰ সত্যাপন কৰা হ’ব,” বুলি শৰ্মাই কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “আমাৰ মূল নীতি একেবাৰে স্পষ্ট — প্ৰকৃততে হোৱা প্ৰতিটো ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি প্ৰচলিত নীতি-নিয়ম অনুসৰি সম্ভৱপৰ সৰ্বাধিক সাহায্য প্ৰদান কৰা।”

ইয়াৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপত শৰ্মাই কয় যে, বৈঠকত চাৰিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ উপৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকল, কেইবাজনো মন্ত্ৰী আৰু বিধায়কো উপস্থিত আছিল।

তেওঁ জনায় যে, শনিবাৰৰ পৰা জিলাসমূহত সমীক্ষকসকলক (surveyor) প্ৰশিক্ষণ প্ৰদান আৰম্ভ হ’ব। এই প্ৰশিক্ষণৰ পিছতে ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ প্ৰথম পৰ্যায়ৰ মূল্যায়ন কাৰ্যসূচী আৰম্ভ কৰা হ’ব।

“আমাৰ সমীক্ষকসকলে আলোকচিত্ৰ আদি সংগ্ৰহ কৰিব আৰু তথ্য আপলোড কৰাৰ বাবে এটা মোবাইল এপ বিকশিত কৰা হৈছে,” বুলি শৰ্মাই কয়।

তেওঁ কয় যে, প্ৰথম পৰ্যায়ৰ মূল্যায়নৰ তালিকা প্ৰস্তুত হোৱাৰ পিছত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে পুনৰ সত্যাপন কৰা হ’ব। ১০ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ্বাসনৰ বাবে কিমান ধনৰ প্ৰয়োজন হ’ব তাৰ এক আনুমানিক হিচাপ চৰকাৰৰ হাতত থাকিব বুলি আশা কৰা হৈছে।

“প্ৰয়োজনীয় ধনৰ পৰিমাণ নিৰ্ধাৰিত হোৱাৰ পিছতে স্থায়ী পুনৰ্বাসনৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিম,” বুলি তেওঁ লগতে কয়।

শৰ্মাই আৰু জনায় যে, ১০ আগষ্টৰ পৰা বিদ্যালয়সমূহ পুনৰ মুকলি হ’ব। যিবোৰ বিদ্যালয় বানত অধিক ক্ষতিগ্ৰস্ত হৈছে, সেই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সাময়িকভাৱে ওচৰৰ আন বিদ্যালয়সমূহৰ সৈতে সংযুক্ত কৰি পাঠদানৰ ব্যৱস্থা কৰা হ’ব।

তেওঁ কয় যে, সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাসমূহৰ প্ৰভাৱিত প্ৰতিখন বিদ্যালয়লৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মেৰামতিৰ কাম চলোৱাৰ বাবে ইতিমধ্যে ২ লাখ টকাকৈ মুকলি কৰি দিয়া হৈছে।

ইয়াৰ উপৰি, বিনামূলীয়া বিদ্যালয় ইউনিফৰ্ম আৰু কিতাপ অনুদান প্ৰদানৰ বাবে ঘোষণা কৰা ধনো ইতিমধ্যে মুকলি কৰি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়।