নগাঁও উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ দেবাশীষ শৰ্মা, কংগ্ৰেছৰ শিবামণি বৰা, এআইইউডিএফৰ আজমলৰ মনোনয়ন দাখিল

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
দেবাশীষ শৰ্মা, শিবামণি বৰা আৰু বদৰুদ্দিন আজমল
দেবাশীষ শৰ্মা, শিবামণি বৰা আৰু বদৰুদ্দিন আজমল
নগাঁও

৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বুধবাৰে বিজেপিৰ দেবাশীষ শৰ্মা, কংগ্ৰেছৰ শিবামণি বৰা আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলসহ ২৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে বুলি বিষয়াসকলে জনায়।

প্ৰাক্তন আইএএছ বিষয়া শৰ্মাই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত আৰু পীযূষ হাজৰিকা, নগাঁওৰ বিধায়ক ৰূপক শৰ্মা আৰু প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰে।

প্ৰাক্তন বিধায়ক বৰাৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু কেইবাগৰাকীও দলীয় বিধায়ক আছিল। মনোনয়ন দাখিলৰ পূৰ্বে বৰাই দলীয় কাৰ্যালয়ৰ পৰা উলিওৱা এক সমদলতো অংশগ্ৰহণ কৰে।

ধুবুৰী লোকসভা সমষ্টিৰ পৰা তিনিবাৰ সাংসদ নিৰ্বাচিত হোৱা আজমলৰ সৈতেও দলৰ জ্যেষ্ঠ নেতাসকল আৰু কৰ্মীসকল উপস্থিত আছিল।

সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ আব্দুল ছালামেও বুধবাৰে মনোনয়ন-পত্ৰ দাখিল কৰে।

কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লোকসভাৰ আসনখন আৰু দলৰ পৰা পদত্যাগ কৰি বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছপুৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছতেই এই উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা সৃষ্টি হয়।

মনোনয়ন দাখিলৰ সময়ত নিজৰ পূৰ্বৰ দায়িত্বৰ কথা স্মৰণ কৰি শৰ্মাই কয় যে তেওঁ আবেগিক হৈ পৰিছিল। কিয়নো, এগৰাকী বিষয়া হিচাপে তেওঁ পূৰ্বে প্ৰাৰ্থীসকলৰ পৰা মনোনয়ন-পত্ৰ গ্ৰহণ কৰিছিল, কিন্তু এতিয়া তেওঁ নিজেই এই প্ৰক্ৰিয়াৰ আনটো দিশত অৱস্থান কৰিছে।

তেওঁ কয়, “মোৰ ভাগ্যই মোক এই পৰ্যায়লৈ লৈ আহিছে। কিন্তু এই প্ৰতিদ্বন্দ্বিতা ব্যক্তিগত নহয়। এই যুঁজ বিজেপি চৰকাৰৰ নীতি আৰু জনসাধাৰণৰ জীৱন সলনি কৰা কল্যাণমূলক আঁচনিসমূহক লৈ।”

শৰ্মাই কয় যে তেওঁ সকলো প্ৰতিদ্বন্দ্বীকে গুৰুত্বসহকাৰে লৈছে। অৱশ্যে, সমষ্টিবাসীৰ সমৰ্থনত তেওঁ সফল হ’ব বুলি আশা প্ৰকাশ কৰে।

বৰাৰ সৈতে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থকা গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয় যে ৰাজ্যৰ জনসাধাৰণ বিজেপি চৰকাৰৰ প্ৰতি “বিতুষ্ট” হৈ পৰিছে আৰু কংগ্ৰেছেই এই আসনখন অক্ষুণ্ণ ৰাখিব বুলি তেওঁলোকে নিশ্চিত।

বৰাইও আসনখনত জয়লাভ কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাসী বুলি মন্তব্য কৰে।

বৰ্তমান বিধানসভাৰ বিন্নাকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰা আজমলে অভিযোগ কৰে যে কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। তেওঁ লগতে দাবী কৰে যে বিৰোধী প্ৰাৰ্থী হিচাপে বৰা মুখ্যমন্ত্ৰীৰ পছন্দৰ প্ৰাৰ্থী।

আজমলে দাবী কৰে যে উপ-নিৰ্বাচনত এআইইউডিএফে শক্তিশালী যুঁজ আগবঢ়াব আৰু বিজয়ী হ’ব।

মুঠ ২২গৰাকী প্ৰাৰ্থীয়ে মধ্য অসমস্থিত এই লোকসভা সমষ্টিটোৰ বাবে বুধবাৰে মনোনয়ন দাখিল কৰে।

বুধবাৰেই মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন আছিল। বৃহস্পতিবাৰে মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব, আনহাতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ১৯ ছেপ্টেম্বৰ।

৬ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।