নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
বদৰুদ্দিন আজমল
বদৰুদ্দিন আজমল
গুৱাহাটী

অসমৰ বিৰোধী দল অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF)-এ মঙলবাৰে দলৰ সভাপতি তথা বৰ্তমানৰ বিধায়ক বদৰুদ্দিন আজমলক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

AIUDFৰ প্ৰশাসনিক সাধাৰণ সম্পাদক হাফিজ বশীৰ আহমেদে জনোৱা মতে, দলৰ ক’ৰ কমিটীৰ অনুমোদনৰ পিছত তিনিবাৰৰ প্ৰাক্তন সাংসদগৰাকীক দলীয় টিকট প্ৰদান কৰা হৈছে।

এক বিবৃতিত আহমেদে কয়, “AIUDFৰ ক’ৰ কমিটীয়ে অসমৰ নগাঁও সংসদীয় সমষ্টিত অনুষ্ঠিত হ’বলগীয়া লোকসভাৰ আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এম বদৰুদ্দিন আজমলক দলৰ প্ৰাৰ্থী হিচাপে অনুমোদন জনাইছে।”

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন ৬ অক্টোবৰত অনুষ্ঠিত হ’ব আৰু ইয়াৰ তিনিদিন পিছত, অৰ্থাৎ ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।

২০০৯ চনৰ পৰা ধুবুৰী লোকসভা সমষ্টিক একেৰাহে তিনিটা কাৰ্যকাল প্ৰতিনিধিত্ব কৰা সুগন্ধি ব্যৱসায়ী আজমল বৰ্তমান বিনাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক।

২০০৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ জৰিয়তে আজমলে সক্ৰিয় নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল। ইয়াৰ এবছৰ পূৰ্বে তেওঁ অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF) গঠন কৰিছিল। ২০০৬ চনৰ নিৰ্বাচনত তেওঁ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল।

চলিত বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ জৰিয়তে আজমল পুনৰ ৰাজ্যিক ৰাজনীতিলৈ উভতি আহে। তেওঁ হোজাই জিলাত নতুনকৈ গঠিত বিনাকান্দি বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰে।

কংগ্ৰেছৰ টিকটত নগাঁও লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰা প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰাৰ পিছতেই সমষ্টিটোত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা সৃষ্টি হয়। অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰদলৈয়ে বিজেপিত যোগদান কৰে আৰু পিছত দিছপুৰ বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰে।