২০০০ টকাৰ ওপৰৰ ইউপিআই পেমেণ্ট গ্ৰহণ নকৰে বুলি সকীয়নি দেশৰ পেট্ৰ’ল পাম্পৰ ব্যৱসায়ীসকলৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
মধ্যপ্ৰদেশকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পেট্ৰ’ল পাম্পৰ ব্যৱসায়ীসকলে ইউপিআই (UPI) লেনদেনৰ ওপৰত প্ৰস্তাৱিত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (MDR)ক লৈ উদ্বেগ প্ৰকাশ কৰিছে। একাংশ ডিলাৰে জনাইছে যে, ১৫ অক্টোবৰৰ পৰা ২,০০০ টকাৰ ওপৰৰ ইউপিআই পেমেণ্ট গ্ৰহণ কৰা বন্ধ কৰিব পাৰে।
 
এক প্ৰতিবেদন অনুসৰি, প্ৰস্তাৱিত ০.৪ শতাংশ মাৰ্চেণ্ট ডিছকাউণ্ট ৰেটৰ পৰা ইন্ধন বিক্ৰেতাসকলক ৰেহাই নিদিলে পেট্ৰ’ল পাম্পৰ ডিলাৰসকলে অধিক মূল্যৰ ইউপিআই পেমেণ্ট গ্ৰহণ বন্ধ কৰাৰ হুংকাৰ দিছে। এনে পদক্ষেপ কাৰ্যকৰী হ’লে অধিক পৰিমাণৰ ইন্ধন ক্ৰয়ৰ বাবে নিয়মীয়াকৈ ইউপিআই ব্যৱহাৰ কৰা গ্ৰাহকসকল প্ৰভাৱিত হ’ব পাৰে। 
 
ডিলাৰসকলে পেট্ৰ’ল পাম্পত কৰা ইউপিআই লেনদেনৰ ওপৰত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ দাবী জনাইছে। তেওঁলোকৰ মতে, ইন্ধনৰ কমিছন অপৰিৱৰ্তিত থকাৰ বিপৰীতে পৰিচালন ব্যয় বৃদ্ধি পাইছে। এনে পৰিস্থিতিত অতিৰিক্ত লেনদেন মাচুলৰ বোজা বহন কৰাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰিছে।
 
এ এন আইৰ এক প্ৰতিবেদন অনুসৰি, অল ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচনেও পেট্ৰ’ল পাম্পত কৰা ইউপিআই পেমেণ্টৰ ওপৰত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ দাবী জনাইছে।
 
ইফালে, আই এ এন এছে প্ৰকাশ কৰা অনুসৰি, মধ্যপ্ৰদেশৰ পেট্ৰ’লিয়াম ডিলাৰসকলে প্ৰস্তাৱিত ইউপিআই কৰ প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে ইন্ধন বিক্ৰীক মাৰ্চেণ্ট ডিছকাউণ্ট ৰেটৰ আওতাৰ পৰা ৰেহাই দিয়াৰ আহ্বান জনাইছে।
 
এই বিষয়টোক লৈ কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (CAIT)-য়েও উদ্বেগ প্ৰকাশ কৰিছে।  প্ৰস্তাৱিত এই সীমা কাৰ্যকৰী হ’লে বৃহৎ পৰিমাণৰ ইন্ধন ক্ৰয়ৰ ক্ষেত্ৰত গ্ৰাহকসকলৰ বাবে ইউপিআইৰ জৰিয়তে পেমেণ্ট কৰাটো অধিক কঠিন হৈ পৰিব পাৰে, বিশেষকৈ যিসমূহ পেট্ৰ’ল পাম্পে এই সীমা কাৰ্যকৰী কৰিব।