গুৱাহাটী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত অসম কেবিনেট বৈঠকত ৰাজ্যখনৰ নগৰ উন্নয়ন, যুৱ কল্যাণ, নিযুক্তি, কৃষি, প্ৰশাসন, কাৰাগাৰ সংস্কাৰ আৰু নবীকৰণযোগ্য শক্তি খণ্ডত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্যতম উল্লেখযোগ্য সিদ্ধান্ত হিচাপে গুৱাহাটীৰ এৰ’ট্ৰ’পলিছ ছেটেলাইট চিটি প্ৰকল্পৰ ভূমি অধিগ্ৰহণ আৰু উন্নয়নৰ বাবে ২,১০০ কোটি টকাৰ প্ৰশাসনিক অনুমোদন দিয়া হয়।
কেবিনেটে একে সময়তে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ State-Owned Priority Development (SOPD-G) পুঁজিৰ প্ৰথম কিস্তি হিচাপে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)-লৈ ৪৫০ কোটি টকা মুকলি কৰাৰ সিদ্ধান্ত লয়। যুৱ কল্যাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ‘জীৱন প্ৰেৰণা’ আঁচনি ৰূপায়ণৰ বাবে চলিত বিত্তীয় বৰ্ষত ১১৮.৫৮ কোটি টকাৰ বাজেট আৱণ্টনো অনুমোদিত হৈছে।
চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতো কেবিনেটে নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ চৰিত্ৰ, পূৰ্বপৰিচয়, জাতীয়তা আৰু দাখিল কৰা নথিপত্ৰৰ সত্যতা পৰীক্ষাৰ বাবে আৰক্ষীৰ সত্যাপন বাধ্যতামূলক কৰা হৈছে। এই সত্যাপন ছয় মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা। অৱশ্যে নিযুক্তি প্ৰক্ৰিয়াত বিলম্ব নহ’বলৈ প্ৰাৰ্থীয়ে নটাৰী কৰা শপতনামা দাখিল কৰি যাব লাগিব। ইয়াৰ লগতে ৰাজ্যিক OBC তালিকাত থকা কিন্তু অসমৰ বাবে কেন্দ্ৰীয় OBC তালিকাত নথকা ছয়টা সম্প্ৰদায়ৰ যোগ্য লোকক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত OBC Non-Creamy Layer প্ৰমাণপত্ৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
CM-FLIGHT আঁচনিৰ অধীনত বিদেশী ভাষা প্ৰশিক্ষণৰ বাবেও নতুন ধন প্ৰদানৰ কাঠামো অনুমোদন দিয়া হয়। তিনিমাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে ৩০,০০০ টকা, ছয় মাহ সম্পূৰ্ণ কৰিলে অতিৰিক্ত ৩০,০০০ টকা আৰু প্ৰশিক্ষণ সমাপ্ত কৰি ভাষা দক্ষতাৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ পিছত ৪০,০০০ টকা প্ৰদান কৰা হ’ব। নিযুক্তিৰ পিছত সহায় হিচাপে ৫০,০০০ টকাৰ ব্যৱস্থাও কৰা হৈছে।
ইফালে, কাৰাগাৰ ব্যৱস্থাত জাতি আৰু গেংভিত্তিক বৈষম্য তথা পৃথকীকৰণ বন্ধ কৰাৰ লক্ষ্যৰে Assam Jail Manual আৰু Assam Superintendence and Management of Jails (Supplementary Provisions) Rules, 2022-ৰ সংশোধনত কেবিনেটে অনুমোদন জনায়। সংশোধিত ব্যৱস্থাত বন্দীৰ মাজত কামৰ ন্যায্য বণ্টন, কাৰাগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নিৰাপত্তা ব্যৱস্থাৰ আধুনিকীকৰণৰ লগতে কাৰাগাৰ পৰিচালনাত একে মানদণ্ড নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি APDCL আৰু APGCL OIL Green Power Limitedৰ মাজত ২৫ মেগাৱাট ক্ষমতাৰ সৌৰ ফটোভল্টেইক প্ৰকল্পৰ পৰা বিদ্যুৎ ক্ৰয়ৰ বাবে ২৫ বছৰীয়া Power Purchase Agreement (PPA) সম্পাদনৰ অনুমোদন দিয়া হয়। চুক্তি অনুসৰি প্ৰতি ইউনিট বিদ্যুৎ ৩.৪৫ টকা দৰত ক্ৰয় কৰা হ’ব।
ইয়াৰ উপৰি জাগীৰোডৰ পূৰ্বৰ HPCL চৌহদত Taj Gateway হোটেল নিৰ্মাণৰ বাবে AIDC আৰু Indian Hotels Company Limited-ৰ মাজত প্ৰস্তাৱিত লীজ ডীডত অনুমোদন জনোৱা হয়। মৰাণ আৰু মটক সম্প্ৰদায়ৰ ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ নতুন আধাৰ নামভৰ্তিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ পৰা ৩১ মাৰ্চ ২০২৭ পৰ্যন্ত ৰেহাই দিয়াৰ সিদ্ধান্তও লোৱা হৈছে। কৃষিক্ষেত্ৰত বছৰি নেট কৃষি আয় ১০ লাখ টকা পৰ্যন্ত হোৱা কৃষকৰ বাবে শূন্য কৃষি আয়কৰৰ ব্যৱস্থাও অনুমোদন কৰা হৈছে।