নতুন দিল্লী
ভাৰতীয় নিৰ্বাচন আয়োগে মঙলবাৰে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগত ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচন আৰু এটা উপ-নিৰ্বাচনৰ সূচী ঘোষণা কৰে। ইয়াৰ লগতে বিহাৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ বিধান পৰিষদৰ স্নাতক আৰু শিক্ষক সমষ্টিৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ সূচীও ঘোষণা কৰা হয়।
ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা চৰকাৰী জাননী অনুসৰি, ৰাজ্যসভাৰ ১১খন আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে ১০খন আসন উত্তৰ প্ৰদেশৰ আৰু এখন আসন উত্তৰাখণ্ডৰ। বৰ্তমানৰ সদস্যসকলৰ কাৰ্যকাল শেষ হোৱাৰ পিছত নৱেম্বৰ মাহত এই আসনসমূহ খালী হ’ব। ইয়াৰ সমান্তৰালভাৱে পশ্চিম বংগত ৰাজ্যসভাৰ এখন খালী আসনৰ বাবেও উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। তৃণমূল কংগ্ৰেছৰ সাংসদ ৰুক্মিণী মালিকৰ পদত্যাগৰ ফলত এই আসনখন খালী হৈছিল।
ৰাজ্যসভা নিৰ্বাচনৰ বাবে ছেপ্টেম্বৰৰ ২৯ তাৰিখে জাননী জাৰি কৰা হ’ব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৬ অক্টোবৰ। ৭ অক্টোবৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আৰু প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ ৯ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে। ১৬ অক্টোবৰ তাৰিখে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সেইদিনাই সন্ধিয়া ৫ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব।
উত্তৰ প্ৰদেশৰ কাৰ্যকাল শেষ হ’বলগীয়া ৰাজ্যসভাৰ সদস্যসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, অৰুণ সিং, ব্ৰিজলাল, বি এল বাৰ্মা, ৰাম গোপাল যাদৱ, নীৰজা শেখৰ, গীতা ওৰফে চন্দ্ৰপ্ৰভা, ৰামজী, সীমা আৰু ড° দিনেশ শৰ্মা। আনহাতে, উত্তৰাখণ্ডৰ একমাত্ৰ অৱসৰ গ্ৰহণ কৰিবলগীয়া ৰাজ্যসভাৰ সদস্যজন হৈছে নৰেশ বাঞ্চাল।
নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে যে, বেলট পেপাৰত প্ৰাৰ্থীৰ প্ৰতি পছন্দৰ ক্ৰম চিহ্নিত কৰাৰ বাবে নিৰ্বাচনী বিষয়াসকলে প্ৰদান কৰা নিৰ্দিষ্ট মানদণ্ডৰ বেঙুনীয়া ৰঙৰ স্কেচ পেনহে ব্যৱহাৰ কৰিব লাগিব। আন এটা নিৰ্দেশৰ জৰিয়তে নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্যৰ বিধান পৰিষদৰ মুঠ ২৮খন আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে।
ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১১খন আসন আছে। ইয়াৰে পাঁচখন স্নাতক সমষ্টি আৰু ছয়খন শিক্ষক সমষ্টিৰ আসন। বিহাৰৰ ৮খন আসনৰ ভিতৰত চাৰিখন স্নাতক সমষ্টি আৰু চাৰিখন শিক্ষক সমষ্টিৰ আসন আছে। মহাৰাষ্ট্ৰৰ ৫খন আসনৰ ভিতৰত তিনিখন স্নাতক সমষ্টি আৰু দুখন শিক্ষক সমষ্টিৰ আসন আছে। আনহাতে, কৰ্ণাটকৰ ৪খন আসনৰ ভিতৰত দুখন স্নাতক সমষ্টি আৰু দুখন শিক্ষক সমষ্টিৰ আসন আছে।
এই আসনসমূহৰ বৰ্তমানৰ সদস্যসকলৰ কাৰ্যকাল শেষ হ’বলগীয়া হোৱাৰ বাবেই এই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। বিধান পৰিষদৰ নিৰ্বাচনৰ বাবেও ছেপ্টেম্বৰৰ ২৯ তাৰিখে জাননী জাৰি কৰা হ’ব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৬ অক্টোবৰ। ৭ অক্টোবৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আৰু ৯ অক্টোবৰলৈ প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।
বিধান পৰিষদৰ ২৮খন আসনৰ বাবে ২৩ অক্টোবৰত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগণনা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে লগতে জনায় যে, চাৰিওখন ৰাজ্যৰ সংশ্লিষ্ট স্নাতক আৰু শিক্ষক সমষ্টিসমূহত আদৰ্শ আচৰণ বিধি তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে।