WHO-ৰ প্ৰতিবেদনত জিলিকিল উত্তৰ-পূবঃ সৰ্বনিম্ন প্ৰদূষণেৰে দেশৰ শীৰ্ষত মেঘালয়ৰ তুৰা আৰু মিজোৰামৰ লুংলেই
গুৱাহাটী
যিসময়ত সময়ত সমগ্ৰ দেশেই বায়ু প্ৰদূষণৰ ভয়াৱহ সমস্যাক লৈ চিন্তিত, তেনে সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আহিছে এক অতি আনন্দদায়ক তথা গৌৰৱৰ খবৰ। প্ৰদূষিত ধোঁৱা-ধূলিৰ বিপৰীতে উত্তৰ-পূবৰ সেউজ প্ৰকৃতিয়ে এতিয়াও যে বিশুদ্ধ বতাহ কঢ়িয়াই আনিছে, তাক পুনৰ প্ৰমাণ কৰিছে শেহতীয়া এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষাই। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি ভাৰতৰ আটাইতকৈ বিশুদ্ধ বায়ু থকা স্থানসমূহৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামে।
বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া বায়ু-মান ডাটাবেছত ভাৰতৰ যিকেইখন স্থানত বাৰ্ষিক PM2.5-ৰ মাত্ৰা আটাইতকৈ কম বুলি প্ৰকাশ পাইছে, তাৰে শীৰ্ষ পাঁচখনৰ ভিতৰত চাৰিখনেই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ। এই আটাইকেইখন স্থান মেঘালয় আৰু মিজোৰামৰ অন্তৰ্গত।
২০২৬ চনৰ জুন মাহত প্ৰকাশিত এই ৮.০ সংস্কৰণৰ তথ্য অনুসৰি, ভাৰতৰ ভিতৰতে সৰ্বনিম্ন বাৰ্ষিক গড় PM2.5 ৰ মাত্ৰা আছিল মিজোৰামৰ লুংলেই আৰু মেঘালয়ৰ তুৰাত। এই দুয়োখন ঠাইত প্ৰতি ঘন মিটাৰত PM2.5 ৰ পৰিমাণ মাত্ৰ ৬ মাইক্ৰ'গ্ৰাম পঞ্জীয়ন কৰা হৈছে।
শীৰ্ষস্থানৰ ঠিক পিছতেই আছে মেঘালয়ৰ নংষ্টইন, য'ত প্ৰতি ঘন মিটাৰত ৭ মাইক্ৰ'গ্ৰাম PM2.5 পোৱা গৈছে। ইয়াৰ উপৰি, মেঘালয়ৰ ডাউকি আৰু মিজোৰামৰ কোলাশিবত প্ৰতি ঘন মিটাৰত ৮ মাইক্ৰ'গ্ৰাম মাত্ৰা পোৱা গৈছে। ১২৭খন দেশৰ ৮,০২৩ খন জনবসতিপূৰ্ণ অঞ্চলৰ ভূমি-স্তৰৰ জোখ-মাখৰ পৰা সংগ্ৰহ কৰা তথ্যৰে বিশ্ব স্বাস্থ্য সংস্থাই এই ডাটাবেছ প্ৰস্তুত কৰিছে।
লুংলেই মিজোৰামৰ লুংলেই জিলাৰ সদৰ ঠাই। পাহাৰীয়া এই অঞ্চলটোৱে বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ-বতৰা কৰে। তুৰা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ। গাৰো পাহাৰেৰে আৱৰা এই চহৰখন তুৰা ৰেঞ্জৰ পাদদেশত অৱস্থিত। নংষ্টইন মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ সদৰ ঠাই। ডাউকি মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত অৱস্থিত এখন অতি পৰিচিত ঠাই। বাংলাদেশ সীমান্তৰ সমীপৱৰ্তী এই অঞ্চলটো নগৰীয়া ব্যস্ততাতকৈ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু উমংগট নদীৰ বাবেহে বেছি বিখ্যাত। কোলাশিব অসমৰ সীমান্তৱৰ্তী, উত্তৰ মিজোৰামৰ কোলাশিব জিলাৰ সদৰ ঠাই।
অৱশ্যে, এই পৰিসংখ্যাখিনি ২০২৬ চনৰ নহয়। বিশ্ব স্বাস্থ্য সংস্থাৰ এই ডাটাবেছত উল্লেখ কৰা ভাৰতৰ এই আটাইকেইখন স্থানৰ তথ্য ২০২১ চনৰহে। সংস্থাই লগতে সতৰ্ক কৰি দিছে যে এই ডাটাবেছ সম্পূৰ্ণ সৰ্বাংগীন নহয়, কাৰণ বিভিন্ন স্থানত বায়ুৰ মান নিৰীক্ষণৰ পৰিসৰ আৰু জোখ-মাখৰ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। সেয়েহে, ইয়াক বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা ভাৰতৰ 'আটাইতকৈ পৰিষ্কাৰ চহৰ'ৰ কোনো আনুষ্ঠানিক ৰেংকিং বুলি ধৰি ল'ব নালাগে।
উল্লেখ্য যে, PM2.5 হ'ল ২.৫ মাইক্ৰ'মিটাৰ বা তাতকৈ কম ব্যাসৰ অতি ক্ষুদ্ৰ কণা। জীৱাশ্ম ইন্ধন দহন কৰা আৰু মানুহৰ অন্যান্য কাৰ্যকলাপৰ বাবে এনে কণাৰ সৃষ্টি হয়।
ভাৰতৰ অন্যান্য বৃহৎ মহানগৰসমূহৰ তুলনাত মেঘালয় আৰু মিজোৰামৰ পাহাৰীয়া ভূ-প্ৰকৃতি আৰু তুলনামূলকভাৱে সৰু নগৰীয়া অঞ্চলসমূহৰ বাবেই এই ৰাজ্য দুখনত প্ৰদূষণৰ মাত্ৰা ইমান কম বুলি সাধাৰণতে ধাৰণা কৰা হয়। অৱশ্যে কেৱল পাহাৰ বা অৰণ্যৰ অৱস্থিতিয়েই যে ইয়াৰ একমাত্ৰ কাৰণ, হাতত থকা তথ্যই সেই কথা সম্পূৰ্ণৰূপে নিশ্চিত নকৰে।
বায়ুত থকা এই ধূলিকণাবোৰৰ বাৰ্ষিক মাত্ৰা বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত স্থানীয় নিৰ্গমন, পৰিবহণ, উদ্যোগিক কাৰ্যকলাপ, ইন্ধনৰ ব্যৱহাৰ, বতৰ, ভূ-প্ৰকৃতি আদি প্ৰধান। লগতে এই কথাও সঁচা যে বাৰ্ষিক গড় মাত্ৰা কম হোৱা মানেই গোটেই বছৰটোত তাত একেবাৰেই প্ৰদূষণ নহয়, তেনে নহয়। কম বাৰ্ষিক PM2.5 থকা ঠাইতো কেতিয়াবা হ্ৰস্বম্যাদী প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
তথাপি, বিশ্ব স্বাস্থ্য সংস্থাৰ এই তথ্যই উত্তৰ-পূৰ্বাঞ্চলৰ বায়ুৰ মানদণ্ডৰ এক সুন্দৰ চিত্ৰ দাঙি ধৰিছে।
যি সময়ত বিশ্বৰ প্ৰান্তই প্ৰান্তই বায়ু প্ৰদূষণ এক নীৰৱ ঘাটকৰূপে থিয় দিছে, সেই সময়ত মেঘালয় আৰু মিজোৰামৰ এই স্বস্তিদায়ক বায়ু সঁচাকৈয়ে এক আশাপ্ৰদ খবৰ। প্ৰকৃতিৰ বুকুত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যকেইখনে সমগ্ৰ দেশৰ বাবেই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।