গুৱাহাটী
মঙলবাৰ অৰ্থাৎ ২২ ছেপ্টেম্বৰৰ নিশাৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীয়ে অসমৰ কলিয়াবৰৰ বামুণীৰ ভাটাবাৰীৰ আৱাসিক অঞ্চলত বানৰ সৃষ্টি কৰাত ৫০টাতকৈ অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।
ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলৰ পৰা হঠাৎ পানীৰ সোঁত বৃদ্ধি পোৱাত অঞ্চলটোৰ কেইবাটাও ঘৰ আৰু কৃষিভূমি পানীত বুৰ যায়। কেইবাটাও ঘৰত বানপানী সোমাই পৰাৰ লগতে কোনো কোনো ঘৰৰ ভিতৰত আঁঠুলৈকে পানী জমা হোৱা বুলি জানিব পৰা গৈছে।
স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া মতে, পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত তেওঁলোকে নিজৰ ঘৰ এৰি পথ আৰু অন্যান্য ওখ ঠাইত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।
বানপানীৰ ফলত অঞ্চলটোৰ কৃষিভূমিও ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি কেইবাটাও পৰিয়ালৰ গৃহপালিত পশুধনো বানপানীৰ ফলত হেৰুৱাবলগীয়া হৈছে। ফলত বানপীড়িত লোকসকলৰ সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰিছে। স্থানীয় বাসিন্দাসকলৰ মতে, প্ৰায় ১৫ বছৰৰ পিছত অঞ্চলটোত পুনৰ এইদৰে বানপানীৰ সৃষ্টি হৈছে।
ইফালে, অঞ্চলটোৰ পৰিস্থিতিৰ ওপৰত কৰ্তৃপক্ষই নজৰ ৰাখিছে। বৰ্তমানো আৱাসিক আৰু কৃষি অঞ্চলসমূহত পানীৰ প্ৰভাৱ অব্যাহত থকাৰ বাবে পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে।