অংক শিকাবলৈ শিক্ষকৰ চমৎকাৰ বুদ্ধি! পাচলি বজাৰ ৰূপান্তৰ কৰিলে শ্ৰেণীকোঠালৈ, ৫০ টকীয়া নোটেৰে ধূপগুৰিত অংকৰ ‘লাইভ’ পৰীক্ষা

Story by  atv | Posted by  Nikunja Nath • 7 h ago
অংক শিকাবলৈ শিক্ষকৰ চমৎকাৰ বুদ্ধি! পাচলি বজাৰ ৰূপান্তৰ কৰিলে শ্ৰেণীকোঠালৈ, ৫০ টকীয়া নোটেৰে ধূপগুৰিত অংকৰ ‘লাইভ’ পৰীক্ষা
অংক শিকাবলৈ শিক্ষকৰ চমৎকাৰ বুদ্ধি! পাচলি বজাৰ ৰূপান্তৰ কৰিলে শ্ৰেণীকোঠালৈ, ৫০ টকীয়া নোটেৰে ধূপগুৰিত অংকৰ ‘লাইভ’ পৰীক্ষা
 
তৰুণ নন্দী / কলকাতা
 
বহু বছৰ আগতেই সুকুমাৰ ৰায়ে ‘বিদ্যে বোঝাই বাবুমশাই’-ৰ বিষয়ে লিখিছিল। ইয়াৰ মূল সাৰাংশ আছিল যে পুথিগত বিদ্যাৰে ষোল্ল অনা সম্পূৰ্ণ হ’লেও জীৱনৰ আচল হিচাপত তেওঁলোক একপ্ৰকাৰ শূন্য। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱৰ মুখামুখি কৰাবলৈ অংক শিকোৱাৰ ক্লাছটো পোনে পোনে লৈ যোৱা হৈছিল এখন পাচলি বজাৰলৈ। শিক্ষাদানৰ সেই চিনাকি গণ্ডী পাৰ হৈ উত্তৰ বংগৰ এখন বাংলা মাধ্যমৰ বিদ্যালয়ে বাস্তৱোপযোগী এক পাঠশালা গঢ়ি তুলিলে। চাৰিবেৰৰ ব্লেকবৰ্ডখন পাহৰি জলপাইগুৰিৰ ধূপগুৰিৰ শ্ৰী শ্ৰী নিত্যকমলানন্দ সাৰদা শিশু মন্দিৰৰ শ্ৰেণীকোঠা পোনে পোনে গৈ উপস্থিত হ’ল কোলাহলপূৰ্ণ পাচলি বজাৰত। হাতে-কামে অংক শিকোৱাৰ এই অভিনৱ পদক্ষেপে সমগ্ৰ অঞ্চলটোতে ব্যাপক চৰ্চা লাভ কৰিছে।
 
বিদ্যালয় সূত্ৰে জানিব পৰা মতে, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ২৪ জন ছাত্ৰ-ছাত্ৰীক লৈ এই অভিনৱ ‘গণিত বজাৰ’-ৰ আয়োজন কৰা হৈছিল। উদ্দেশ্য আছিল কেৱল এটাই যে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ বুদ্ধিৰ এক কঠিন পৰীক্ষাত অৱতীৰ্ণ কৰোৱা। শিক্ষকসকলৰ সুপৰিকল্পিত চিন্তাৰ ফচল হিচাপে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত নগদ ৫০ টকা আৰু বজাৰৰ মোনা তুলি দিয়া হৈছিল। তেওঁলোকৰ বাবে নিৰ্ধাৰিত কাম আছিল এটাই, হাতত থকা এই নিৰ্দিষ্ট বাজেটৰ ভিতৰতে নিজৰ বুদ্ধি খটুৱাই হিচাপ কৰি পছন্দৰ পাচলি কিনিব লাগিব।
 
শিক্ষকৰ অনুমতি পোৱাৰ লগে লগেই মোনা হাতত লৈ বজাৰৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি দৰ-দামৰ হিচাপ কৰাত ব্যস্ত হৈ পৰিল ছাত্ৰ-ছাত্ৰীৰ দল। প্ৰতি কিলোগ্ৰামৰ দামৰ ওপৰত ভিত্তি কৰি ১০০ গ্ৰাম পটল বা ২৫০ গ্ৰাম আলুৰ দাম কিমান হ’ব, হিচাপ কৰি বিক্ৰেতাক টকা দিয়াৰ পিছত ঠিক কিমান ঘূৰাই পোৱা উচিত- এই সকলোবোৰৰ ওপৰত শিক্ষকসকলে তীক্ষ্ণ নজৰ ৰাখিছিল।
 

কোনো ধৰণৰ কেলকুলেটৰ বা বহী-পেঞ্চিলৰ সহায় নোলোৱাকৈয়ে বজাৰৰ দৰ-দামৰ সেই জটিল হিচাপ মুখে মুখেই কৰি পেলোৱা দেখা গ'ল ছাত্ৰ-ছাত্ৰীসকলক। সীমিত বাজেটৰ ভিতৰত কেনেকৈ সৰ্বাধিক লাভজনক উপায়েৰে বজাৰ কৰিব পাৰি, সেয়া যেন মুহূৰ্তৰ ভিতৰতে তেওঁলোকে শিকি পেলালে।
 
পাচলি কিনাৰ শেষত ছাত্ৰ-ছাত্ৰীসকলৰ চকুত-মুখত যেন এক কঠিন যুদ্ধ জয় কৰাৰ আনন্দ বিৰাজ কৰিছিল। অংক শিকাৰ এনে পাঠশালাত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলে জনালে যে, বহী-কলমেৰে হিচাপ কৰিবলৈ গৈ বহু সময়ত মগজু বিভ্ৰান্ত হৈ পৰিছিল, কিন্তু বজাৰলৈ আহি পাচলিৰ দৰ-দাম কৰি কিনাৰ সময়ত সেই যোগ-বিয়োগবোৰ যেন মেজিকৰ দৰে সহজ হৈ পৰিল। এই অভিনৱ গণিত বজাৰৰ সন্দৰ্ভত শিক্ষকসকলৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ, "আমাৰ মূল লক্ষ্য আছিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ পৰা অংকৰ চিৰন্তন ভয়টো দূৰ কৰা। সঁচা কথা ক’বলৈ গ’লে, কিতাপৰ প্ৰথাগত জ্যামিতি-বীজগণিত বহু সময়তে বাস্তৱ জীৱনৰ দৰ-দাম বা লেনদেনত কামত নাহে। এই জড়তা আঁতৰাবলৈকে আমি শ্ৰেণীকোঠাটোক স্থানীয় বজাৰলৈ লৈ আহিছোঁ। দৰ-দাম কৰি বয়-বস্তু কিনাৰ এই অভিজ্ঞতাই হয়তো তেওঁলোকৰ অংকৰ ভয় দূৰ কৰি ভৱিষ্যতৰ বাবে আত্মবিশ্বাসী কৰি তুলিব।"
 
বিদ্যালয়খনৰ এই যুগান্তকাৰী পদক্ষেপ দেখি অভিভাৱকসকলো সঁচাকৈয়ে আপ্লুত হৈ পৰিছে। তেওঁলোকৰ মতে, এই শিক্ষাই তেওঁলোকৰ সন্তানক জীৱনৰ কঠিন বাস্তৱত পোন হৈ থিয় দিয়াৰ সমল যোগাব। ধূপগুৰিৰ এই বিদ্যালয়খনে দেখুৱাই দিলে যে, শিক্ষাক যদি বাস্তৱমুখী কৰি তোলা যায়, তেন্তে যিকোনো কঠিন বিষয়ো স্বাভাৱিক হৈ পৰিব। পুথিগত বিদ্যাৰ বোজা একাষৰীয়া কৰি জীৱনমুখী এই পাঠশালাই শিক্ষাজগতত সঁচাকৈয়ে এক অনন্য দৃষ্টান্ত স্থাপন কৰিলে।