নতুন দিল্লী
নীট পিজি পৰীক্ষাক পৰীক্ষাৰ্থীৰ বাবে অধিক সহজ কৰি তুলিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সংশোধনীৰ ঘোষণা কৰিছে। এই সংশোধনীৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে নিজৰ বাসস্থানৰ ওচৰত পৰীক্ষা কেন্দ্ৰ লাভ কৰাৰ সুবিধা লাভ কৰাৰ লগতে পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া চহৰৰ তথ্য পৰীক্ষাৰ প্ৰায় তিনি সপ্তাহ পূৰ্বেই জানিব পাৰিব।
মন্ত্ৰালয়ৰ মতে, সংশোধিত ব্যৱস্থাত পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ বাবে তিনিখন ৰাজ্য পচন্দ কৰিব লাগিব। ইয়াৰ ভিতৰত তেওঁলোকৰ যোগাযোগৰ ঠিকনাত উল্লেখ থকা ৰাজ্যখন প্ৰথম পচন্দ হিচাপে দিয়াটো বাধ্যতামূলক হ'ব। ইয়াৰ ফলত বাসস্থানৰ ওচৰত পৰীক্ষা কেন্দ্ৰ আবণ্টন দিয়াটো অধিক সহজ হ'ব।
এইবাৰ ৩০ আগষ্টত অনুষ্ঠিত হ'বলগীয়া NEET-PG পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলক পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া চহৰৰ তথ্য প্ৰায় তিনি সপ্তাহ পূৰ্বেই জনোৱা হ'ব। ফলত তেওঁলোকে যাত্ৰা আৰু থকাৰ ব্যৱস্থা আগতীয়াকৈ সুচাৰুৰূপে পৰিকল্পনা কৰিব পাৰিব।
একেসময়তে, এনবিইএমএছ য়েও পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিছে। নতুন ব্যৱস্থাত ১৮০টা প্ৰশ্নৰ উত্তৰ ২১০ মিনিটৰ ভিতৰত দিব লাগিব । পৰীক্ষাৰ মুঠ সময় অপৰিৱৰ্তিত থাকিলেও প্ৰতিটো প্ৰশ্নৰ বাবে অধিক সময় লাভ কৰিব পৰীক্ষাৰ্থীয়ে।
পৰীক্ষাৰ স্বচ্ছতা আৰু সুৰক্ষা অধিক শক্তিশালী কৰিবলৈ আবেদন প্ৰক্ৰিয়া আৰু পৰীক্ষাৰ দিনা আধাৰ-ভিত্তিক প্ৰমাণীকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। আঙুলিৰ ছাপ মিল নাখালে আইৰিছ-ভিত্তিক বায়'মেট্ৰিক পৰীক্ষাৰ ব্যৱস্থাও থাকিব।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই শনিবাৰে নীট পিজি ২০২৬ৰ প্ৰস্তুতি পৰ্যালোচনা কৰি সকলো সংশ্লিষ্ট সংস্থাক পৰীক্ষা সুকলমে, নিৰাপদ, স্বচ্ছ আৰু প্ৰযুক্তি-সক্ষমভাৱে অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ এনবিইএমএছ, প্ৰযুক্তি অংশীদাৰ আৰু অন্যান্য সংশ্লিষ্ট পক্ষৰ প্ৰস্তুতিৰ বুজ লয় আৰু ন্যায্য তথা পৰীক্ষাৰ্থীৰ বাবে সুবিধাজনক পৰীক্ষা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এইবাৰ নীট পিজি ২০২৬ৰ বাবে মুঠ ২,৭৩,১৮৩গৰাকী পৰীক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে, যি বিগত বছৰৰ তুলনাত প্ৰায় ১২.৫ শতাংশ অধিক। পৰীক্ষা দেশজুৰি প্ৰায় ৩৪০খন চহৰ আৰু ১,৩০০ৰো অধিক পৰীক্ষা কেন্দ্ৰত একেটা শ্বিফ্টত অনুষ্ঠিত হ'ব।
পৰীক্ষাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ পৰীক্ষা কেন্দ্ৰ আগতীয়াকৈ ছিল-মোহৰ, চিচিটিভিৰ ব্যৱস্থা, বায়'মেট্ৰিক প্ৰমাণীকৰণ, পৰীক্ষাৰ্থীৰ ফ্ৰিস্কিং, চিগনেল জেমাৰ স্থাপন, কম্পিউটাৰ ব্যৱস্থাৰ গতিশীল সুৰক্ষা, কেন্দ্ৰীয় আৰু আঞ্চলিক কমাণ্ড চেণ্টাৰৰ জৰিয়তে লাইভ মনিটৰিং আৰু স্বতন্ত্ৰ পৰ্যবেক্ষক নিয়োগকে ধৰি বিস্তৃত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৬০ হাজাৰৰো অধিক কৰ্মচাৰীক নিয়োগ কৰা হ'ব।
ইয়াৰ উপৰি, প্ৰশ্নকাকত প্ৰস্তুতকৰণ আৰু বিতৰণ প্ৰক্ৰিয়াত বহুস্তৰীয় এনক্ৰিপচন, অফলাইনভাৱে সুৰক্ষিত প্ৰস্তুতি, পৰীক্ষাৰ ঠিক পূৰ্বে সময়সীমাৰ ভিতৰত চূড়ান্তকৰণ আৰু নিৰ্ধাৰিত সময়তহে ডিজিটেল ডিক্ৰিপচনৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে, ভুৱা পৰীক্ষাৰ্থী, দালালি বা আন যিকোনো অনিয়মৰ অভিযোগ দাখিলৰ বাবে এনবিইএমএছ-এ এটা বিশেষ ই-মেইল ঠিকনাও আৰম্ভ কৰিছে। একে সময়তে পৰীক্ষাৰ্থীসকলক সজাগ আৰু সচেতন কৰি তুলিবলৈ নিয়মীয়াকৈ পৰামৰ্শমূলক বিজ্ঞপ্তিও জাৰি কৰি আহিছে।