নতুন দিল্লী
নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট চমুকৈ নীটৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা আৰু প্ৰশ্নকাকত ছপা কৰাৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰালৈকে নিৰাপত্তা নিশ্চিত কৰাৰ সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শপতনামা পৰীক্ষা কৰিবলৈ সাজু হৈছে উচ্চতম ন্যায়ালয়। নীট পৰীক্ষা পৰিচালনাত অধিক সুদৃঢ় সংস্কাৰ সাধন কৰা আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এৰ জবাবদিহিতা নিশ্চিত কৰাৰ দাবীৰে দাখিল কৰা ধাৰাবাহিক আবেদনসমূহৰ শুনানিৰ সময়তে আদালতে এই বিষয়টো পৰ্যালোচনা কৰিছে।
কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনায় যে, প্ৰশ্নকাকত সুৰক্ষিতভাৱে প্ৰস্তুত কৰা, ফাদিল ৰোধ কৰা আৰু পৰীক্ষাৰ অন্যান্য অনিয়ম ৰোধৰ বাবে গ্ৰহণ কৰা সমগ্ৰ প্ৰক্ৰিয়া আদালতৰ সন্মুখত দাখিল কৰা হ’ব। নীট-ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ আৰু এনটিএৰ কাৰ্য প্ৰণালীত আমূল সংস্কাৰৰ দাবী তুলি দাখিল কৰা কেইবাখনো আবেদনৰ পৰাই এই শুনানিৰ সূচনা হৈছে।
উল্লেখযোগ্য যে, ভাৰতৰ এই অন্যতম চিকিৎসা সংক্ৰান্তীয় প্ৰৱেশিকা পৰীক্ষাত স্বচ্ছতা, নিকা ভাবমুৰ্তি আৰু নিশ্চিত কৰিবলৈ আবেদনকাৰীসকলে কঠোৰ সুৰক্ষা ব্যৱস্থাৰ দাবী জনাইছে ন্যায়ালয়ক। শুনানিৰ সময়ত কেন্দ্ৰই প্ৰশ্নকাকত ছপা, পেকিং, সুৰক্ষিত পৰিবহণ আৰু পৰীক্ষাৰ্থীৰ হাতত পৰালৈকে সমগ্ৰ প্ৰক্ৰিয়াৰ বিশদ বিৱৰণ দি এখন শপতনামা দাখিল কৰিবলৈ সময় বিচাৰিছিল ন্যায়ালয়ে।