মলিক আছগৰ হাছমী
পুৰণি দিল্লীৰ সৰু সৰু গলিবোৰৰ নিজা এক সুকীয়া সোৱাদ আছে। বতাহত কাবাবৰ সুগন্ধিৰ লগতে ভাঁহি ফুৰে উৰ্দু ভাষাৰ মিঠা সুৰ। এই গলিবোৰৰ মাজতেই, জামা মছজিদৰ চিৰিত এসময়ত দাস্তাংগোই অৰ্থাৎ গল্প কোৱাৰ ঐতিহ্যবাহী সমাৱেশবোৰ বহিছিল। সময়ৰ সোঁতত সেই সমাৱেশবোৰ যেন নিস্তব্ধ হৈ পৰিছিল। কিন্তু আজি সেই নীৰৱতা নিজৰ কণ্ঠেৰে ভংগ কৰিছে ফৌজিয়া দাস্তাংগো। তেওঁ কেৱল ভাৰতৰ প্ৰথমগৰাকী মহিলা দাস্তাংগো নহয়, তেওঁ শতাব্দী প্ৰাচীন এই শিল্পক পুনৰ জীৱন্ত কৰি তোলা এগৰাকী নিষ্ঠাৱান শিল্পীও।
পুৰণি দিল্লীৰ পাহাৰী ভোজালা অঞ্চলত ফৌজিয়াৰ জন্ম হৈছিল। এইটো কেৱল কাকতালীয় ঘটনা নাছিল। এই একেটা অঞ্চলতেই বাস কৰিছিল দাস্তাংগোই পৰম্পৰাৰ শেষ মহান ওস্তাদ মীৰ বাকৰ আলীয়ে। ফৌজিয়াই কয়, যেতিয়া তেওঁ পুৰণি দিল্লীৰ আকাশলৈ চায়, তেতিয়া তেওঁৰ অনুভৱ হয় যেন এই শিল্পৰ সৈতে তেওঁৰ সম্পৰ্ক সৃষ্টিকৰ্তাই আগতেই নিৰ্ধাৰণ কৰি থৈছিল। যি মাটিত এই শিল্পৰ অন্ত পৰিছিল, সেই মাটিৰেই জীয়ৰী হিচাপে ইয়াক পুনৰ জীয়াই তোলাৰ দায়িত্বও যেন তেওঁৰ ওপৰতে আহি পৰিছিল।
ফৌজিয়া দাস্তাংগো
শৈশৱৰ পৰাই গল্পই আছিল তেওঁৰ জীৱনৰ অবিচ্ছেদ্য অংশ। তেওঁৰ পিতৃ এজন মটৰচাইকেল মেৰামতি কৰা কাৰিকৰ আছিল। ঘৰলৈ যি কিতাপেই আনিছিল, কণমানি ফৌজিয়াই আগ্ৰহেৰে পঢ়ি শেষ কৰিছিল। আনহাতে, মাকে উৰ্দু সাহিত্যৰ গল্প শুনালে তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি একে থিৰে শুনি আছিল। দেওবাৰৰ দিনা মাকৰ সৈতে কিতাপৰ বজাৰলৈ গৈ 'নন্দন', 'চম্পা' আৰু 'খিলৌনা' আদি আলোচনী কিনাটো তেওঁৰ বাবে আছিল এক বিশেষ আনন্দ। বিদ্যালয়ত গৈ তেওঁ সেই গল্পবোৰ সহপাঠীসকলক এনেদৰে কৈ শুনাইছিল যে সকলোৱে মুগ্ধ হৈ পৰিছিল। বন্ধুসকলে প্ৰায়েই কৈছিল ফৌজিয়াই গল্প ক'লে যেন সেই গল্পবোৰ চকুৰ সন্মুখতে জীৱন্ত হৈ উঠে।
অৱশ্যে তেওঁৰ এই যাত্ৰা সহজ নাছিল। প্ৰথমে তেওঁ শিক্ষা ক্ষেত্ৰত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে আৰু এছচিইআৰটিত প্ৰবক্তা হিচাপে কৰ্মৰত আছিল। কিন্তু শিল্পৰ প্ৰতি থকা তেওঁৰ গভীৰ টান কেতিয়াও তেওঁৰ অন্তৰৰ পৰা হেৰাই যোৱা নাছিল।
২০০৬ চনত তেওঁৰ জীৱনলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে। সেই বছৰ তেওঁ দয়াল সিং কলেজত ডেনিছ হুছেইন আৰু মাহমুদ ফাৰুকীৰ দাস্তাংগোই অনুষ্ঠান চোৱাৰ সুযোগ লাভ কৰিছিল। সেই এক সন্ধিয়াই তেওঁৰ অন্তৰত সুপ্ত হৈ থকা শিল্পীসত্তাক জগাই তুলিছিল। তেওঁ উপলব্ধি কৰিছিল যে, এইটোৱেই তেওঁৰ জীৱনৰ প্ৰকৃত পথ।
ইয়াৰ পিছত তেওঁ চৰকাৰী চাকৰিৰ নিৰাপদ জীৱন ত্যাগ কৰিছিল। এই সিদ্ধান্তটো তেওঁৰ বাবে ইমানো সহজ নাছিল, কিন্তু শিল্পৰ প্ৰতি থকা ভালপোৱাই এই সকলোবোৰতকৈও অধিক শক্তিশালী আছিল। তেওঁ ডেনিছ হুছেইন আৰু মাহমুদ ফাৰুকীক নিজৰ গুৰু হিচাপে গ্ৰহণ কৰি দাস্তাংগোইৰ সূক্ষ্ম কলা শিকিবলৈ আৰম্ভ কৰে।
দাস্তাংগোই কেৱল মাত্ৰ গল্প কোৱা নহয়। ই হৈছে শব্দ, কণ্ঠস্বৰ, দেহভংগী আৰু অনুভূতিৰ এক অপূৰ্ব সংমিশ্ৰণ। এজন শিল্পীয়ে এঠাইতে বহি কেৱল নিজৰ কণ্ঠ আৰু অভিনয়ৰ জৰিয়তে সম্পূৰ্ণ এখন পৃথিৱী শ্ৰোতাৰ সন্মুখত সৃষ্টি কৰিব লাগে।
ফৌজিয়া দাস্তাংগো
এগৰাকী মহিলাৰ বাবে এই ক্ষেত্ৰখনত খোজ দিয়া সহজ কথা নাছিল। ষোড়শ শতিকাত মোগল ৰাজদৰবাৰত বিকশিত হোৱা এই শিল্পকলা যুগ যুগ ধৰি পুৰুষৰ আধিপত্যত আছিল। সমাজৰ বহু লোকৰ দৃষ্টিত এগৰাকী মহিলাই মঞ্চত বহি উচ্চস্বৰে গল্প কোৱা আৰু ভাৱ-ভংগীৰে অনুভূতি প্ৰকাশ কৰাটো অস্বাভাৱিক যেন লাগিছিল। আৰম্ভণিতে ফৌজিয়াই বহু সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁৰ অনুষ্ঠানলৈ বহু মানুহ অহা নাছিল আৰু বহুতেই তেওঁক এই পথ এৰি দিবলৈও পৰামৰ্শ দিছিল।
কিন্তু তেওঁ কেতিয়াও হতাশ হৈ পৰা নাছিল। তেওঁৰ মতে, নাৰী স্বভাৱগতভাৱেই এগৰাকী উৎকৃষ্ট গল্পকাৰ। যুগ যুগ ধৰি আইতাসকলে ঘৰ-চোতালত বহি নাতি-নাতিনীক গল্প শুনাই আহিছে। তেওঁ কেৱল সেই ঘৰুৱা পৰম্পৰাক মঞ্চলৈ লৈ আহিছে। পুৰুষপ্ৰধান এই ক্ষেত্ৰখনত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলি তেওঁ প্ৰমাণ কৰিছে যে, শিল্পৰ কোনো লিংগ নাই।
এটা অনুষ্ঠানৰ বাবে তেওঁ মাহৰ পিছত মাহ ধৰি প্ৰস্তুতি চলাইছিল। তেওঁৰ গল্প কেৱল ৰজা-ৰাণীৰ মাজতে সীমাবদ্ধ নহয়; সাধাৰণ মানুহৰ জীৱন, তেওঁলোকৰ সুখ-দুখ, সৰু সৰু অনুভূতি আৰু সংগ্ৰামো তেওঁৰ গল্পৰ মূল বিষয় হয়।
ফৌজিয়াৰ শিল্পত পুৰণি দিল্লীৰ আত্মাই কথা কয়। তেওঁ কথা ক'লে শ্বাহজাহানাবাদৰ কাৰিকৰ, কচাই আৰু সাধাৰণ জনতাই ব্যৱহাৰ কৰা ভাষাৰ সোৱাদ অনুভৱ কৰিব পাৰি। সেই ভাষাৰ নিজা এক ছন্দ আৰু সংগীত আছে। 'ঘুম্মী কাবাব'ৰ দৰে তেওঁ গল্প বৰ্ণনা কৰিলে শ্ৰোতাসকলে যেন পুৰণি দিল্লীৰ ব্যস্ত গলি, কাবাবৰ দোকান আৰু মানুহৰ কথোপকথন নিজ চকুৰে দেখা যেন অনুভৱ কৰে।
ফৌজিয়াৰ বাবে পুৰণি দিল্লী কেৱল এখন ঠাই নহয়; ই এক জীৱন্ত সভ্যতা হয়। আজিও তেওঁ ৰোশনপুৰাৰ সৰু গলি আৰু পুৰণি ঘৰবোৰৰ চোতালত এক বিশেষ মানসিক শান্তি বিচাৰি পায়।
ফৌজিয়া দাস্তাংগো
তেওঁৰ বিশ্বাস, আজিৰ যুগত মানুহে এজনে আনজনৰ কথা মন দি শুনাৰ অভ্যাস হেৰুৱাই পেলাইছে। সকলোৱে সামাজিক মাধ্যম আৰু মোবাইল ফোনত ব্যস্ত হৈ থাকে। এনে সময়ত দাস্তাংগোইয়ে মানুহক পুনৰ ইজনে সিজনৰ কাষলৈ লৈ আনে। ই মানুহক আনৰ দুখ-বেদনাৰ লগতে সুখ-আনন্দো অনুভৱ কৰিবলৈ শিকায়।
বৰ্তমান ফৌজিয়া দাস্তাংগো ভাৰতৰ লগতে বিদেশতো এক পৰিচিত নাম। তেওঁ ৪০০ৰো অধিক অনুষ্ঠান পৰিৱেশন কৰিছে। কেৱল প্ৰাচীন কাহিনীয়ে নহয়, মানসিক স্বাস্থ্য, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু নাৰীবাদৰ দৰে আধুনিক বিষয়ো তেওঁ নিজৰ দাস্তাংগোইত সাফল্যেৰে স্থান দিছে।
তেওঁৰ এই অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৮ চনত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে তেওঁক 'ভাৰতৰ প্ৰথমগৰাকী মহিলা দাস্তাংগো' হিচাপে সন্মানিত কৰিছিল। লগতে বিভিন্ন ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰা দেশৰ বিশিষ্ট মহিলাসকলৰ 'ফাৰ্ষ্ট লেডিজ' তালিকাতো তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়
ইয়াৰ উপৰিও তেওঁ টেগোৰ ভেটেৰান আৰ্টিষ্ট এৱাৰ্ড আৰু কৰ্মবীৰ চক্ৰৰ দৰে সন্মান লাভ কৰিছে। কিন্তু ফৌজিয়াৰ মতে, তেওঁৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ হৈছে শ্ৰোতাসকলৰ চকুত জিলিকি উঠা আনন্দ আৰু তেওঁলোকে প্ৰশংসাৰে দিয়া হাতচাপৰিহে।
বৰ্তমান তেওঁ জামিয়া মিলিয়া ইছলামিয়া আৰু অশোকা বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানত নতুন প্ৰজন্মক দাস্তাংগোই শিকাই আছে। তেওঁৰ একমাত্ৰ ইচ্ছা হৈছে যে, এই অমূল্য সাংস্কৃতিক ঐতিহ্য কেতিয়াও হেৰাই নাযাওঁক।
ফৌজিয়া দাস্তাংগো
ফৌজিয়াই নিজৰ সমগ্ৰ জীৱন এই শিল্পক উৎসৰ্গা কৰিছে। তেওঁ বিবাহ নকৰাকৈ এই সাধনাত নিজকে সম্পূৰ্ণভাৱে নিয়োজিত কৰিছে। তেওঁৰ মতে, আজিৰ সংস্কৃতি কেৱল ঐতিহাসিক স্মৃতিসৌধ দৰ্শন বা দামী চিত্ৰকৰ্ম উপভোগ কৰাত সীমাবদ্ধ হৈ পৰিছে। কিন্তু প্ৰকৃত সংস্কৃতি মানুহৰ ভাষা, উপভাষা আৰু জীৱন-যাপনৰ মাজতেই বাস কৰে। যদি আমি নিজৰ ভাষা আৰু গল্প হেৰুৱাওঁ, তেন্তে আমি নিজৰ পৰিচয়ো হেৰুৱাম।
আজিও তেওঁ মাজে মাজে জামা মছজিদৰ চিৰিত বহি থাকে, য'ৰ পৰা তেওঁৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল। চাৰিওফালৰ কোলাহেও যেন তেওঁৰ মন বিচলিত কৰা নাছিল। সেই কোলাহলৰ মাজতো তেওঁ নতুন নতুন গল্প শুনিবলৈ পাইছিল। তেওঁৰ সপোন, যেন এদিন পুনৰ প্ৰতিটো ঘৰ, প্ৰতিখন চোতাল গল্পৰ সুৰেৰে মুখৰিত হৈ উঠক। তেওঁৰ দাস্তাংগোই কেৱল এক মঞ্চ পৰিৱেশন নহয়, বিলুপ্তপ্ৰায় এক সভ্যতাক জীয়াই ৰখাৰ এক আন্তৰিক প্ৰয়াস।
ফৌজিয়াৰ জীৱনগাথা সমাজৰ বান্ধোন ভাঙি নিজৰ সপোনৰ পথ বাছি ল'ব বিচৰা প্ৰতিগৰাকী নাৰীৰ বাবে এক অনুপ্ৰেৰণা। তেওঁ প্ৰমাণ কৰিছে যদি কণ্ঠত সত্য আৰু হৃদয়ত আবেগ থাকে, তেন্তে পৃথিৱীৰ কোনো বাধাই আপোনাক নিজৰ কাহিনী কোৱাৰ পৰা বিৰত ৰাখিব নোৱাৰে।
আজিও যেতিয়া তেওঁ বগা পোছাক পৰিধান কৰি মঞ্চত বহি গল্প আৰম্ভ কৰে, তেতিয়া যেন সময় থমকি ৰয়। শ্ৰোতাসকলে মুগ্ধ হৈ শুনি থাকে, কিয়নো তেওঁলোকে কেৱল এটা গল্পই নুশুনে নিজৰ ইতিহাস, নিজৰ সংস্কৃতি আৰু নিজৰ পৰিচয়ৰ সন্মুখীন হয়। ফৌজিয়া দাস্তাংগোৰ এই যাত্ৰা আজিও অব্যাহত আছে, আৰু তেওঁৰ কাহিনী এতিয়াও শেষ হোৱা নাই।