বৰ্ষাকালতো অৰণ্যত পৰ্যটকৰ ৰোমাঞ্চকৰ ছাফাৰী; জুলাই মাহতো ভ্ৰমণ কৰিব পৰা কেইখনমান ৰাষ্ট্ৰীয় উদ্যান

Story by  atv | Posted by  Munni Begum • 17 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে দেশৰ অধিকাংশ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ হৈ যায়। কিন্তু ইয়াৰ অৰ্থ এইয়া নহয় যে, বন্যপ্ৰাণীপ্ৰেমীসকলে নিজৰ ছাফাৰী পৰিকল্পনা স্থগিত ৰাখিব লাগিব। ভাৰতৰ কেইবাখনো ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানৰ নিৰ্বাচিত পৰ্যটন অঞ্চল তথা বাফাৰ জ'ন জুলাই মাহতো খোলা থাকে। য'ত পৰ্যটকসকলে সেউজীয়া আৰু জীৱন্ত ৰূপত সজীৱ হৈ উঠা অৰণ্যৰ অনন্য সৌন্দৰ্য উপভোগ কৰিব পাৰে।
 
কুঁৱলীৰে আৱৰা বনাঞ্চল, সেউজীয়া প্ৰাকৃতিক দৃশ্য আৰু বন্যপ্ৰাণীৰ বিশেষ অভিজ্ঞতাই এই স্থানসমূহক বৰ্ষাকালীন পৰ্যটনৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান হিচাপে গঢ়ি তুলিছে। জুলাই মাহত দৰ্শনাৰ্থীৰ বাবে মুকলি হৈ থকা কেইখনমান ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণীৰ গন্তব্যস্থানৰ তালিকা তলত উল্লেখ কৰা হ'ল:  
 
তাডোবা আন্ধেৰী টাইগাৰ ৰিজাৰ্ভ
 
তাডোবা আন্ধেৰী টাইগাৰ ৰিজাৰ্ভ, মহাৰাষ্ট্ৰ 
 
মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাত অৱস্থিত তাডোবা আন্ধেৰী টাইগাৰ ৰিজাৰ্ভ জুলাই মাহত বন্যপ্ৰাণীপ্ৰেমীসকলৰ বাবে অন্যতম শ্ৰেষ্ঠ এক গন্তব্যস্থান। বৰ্ষাকালতো নাভেগাঁও, মোহৰলি আৰু কোলাৰা জ'ন পৰ্যটকৰ বাবে খোলা থাকে। ইয়াত ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, মিঠুয়া, বন কুকুৰ আৰু গৌৰ আদি বন্যপ্ৰাণী দেখা পোৱা যায়। বৰষুণৰ পিছত ঘন বনাঞ্চল কিছু পৰিষ্কাৰ হোৱাৰ লগে লগে বন্যপ্ৰাণীবোৰ দেখা পোৱাৰ সম্ভাৱনাও অধিক বৃদ্ধি পায়। 
 
পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান
 
পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ  
 
বিখ্যাত সাহিত্যিক ৰুডইয়াৰ্ড কিপলিঙৰ ‘দ্য জাংগল বুক’য়ে জনপ্ৰিয় কৰি তোলা পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত বিস্তৃত এলেকা সামৰি লৈছে। বৰ্ষাকালত তুৰিয়া আৰু খাৱাছাকে ধৰি ইয়াৰ বাফাৰ জ'ন পৰ্যটকৰ বাবে মুকলি হৈ থাকে। ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, বনৰীয়া গাহৰি, শৰপহু আৰু জহামাল আদি প্ৰাণীৰ বাসস্থান হৈছে এই উদ্যানখন। কুঁৱলীয়ে আৱৰা বনাঞ্চল আৰু ফুলে-ফলে ভৰা উদ্যানখনৰ প্ৰাকৃতিক পৰিৱেশে ফটোগ্ৰাফাৰসকলক বিশেষভাৱে আকৰ্ষিত কৰি আহিছে।     
 
সতপুৰা ৰাষ্ট্ৰীয় উদ্যান
 
সতপুৰা ৰাষ্ট্ৰীয় উদ্যান, মধ্যপ্ৰদেশ
 
অন্য উদ্যানসমূহতকৈ কিছু পৃথক অভিজ্ঞতা প্ৰদান কৰা সতপুৰা ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ অপেক্ষাকৃত জনবহুল ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত গণ্য কৰা হয়। বৰ্ষাকালত ইয়াৰ মাধাই বাফাৰ জ'ন পৰ্যটকৰ বাবে মুকলি হৈ থাকে। ইয়াত মিঠুয়া, ঘৰিয়াল, বৃহৎ মালয় কেৰ্কেটুৱা, হৰ্ণবিল আৰু কেতিয়াবা বাঘো দেখা পোৱা যায়। প্ৰকৃতিৰ মাজত শান্ত আৰু নিবিড় সময় কটাব বিচৰা পৰ্যটকৰ বাবে এই উদ্যানখন হৈছে এক উৎকৃষ্ট বিকল্প।
 
দুধৱা ৰাষ্ট্ৰীয় উদ্যান
 
দুধৱা ৰাষ্ট্ৰীয় উদ্যান, উত্তৰ প্ৰদেশ
 
ভাৰত-নেপাল সীমান্তৰ ওচৰত অৱস্থিত দুধৱা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষাৰ সময়ত ইয়াৰ কিষাণপুৰৰ দৰে সীমিত বাফাৰ এলেকালৈ আংশিকভাৱে পৰ্যটকক প্ৰৱেশৰ বাবে অনুমতি দিয়া হয়। ইকো-টুৰিজম, প্ৰকৃতি ভ্ৰমণ আৰু স্থানীয় গাঁওসমূহ পৰিদৰ্শন কৰাৰ বাবে এই উদ্যানখন বিশেষভাৱে জনপ্ৰিয়। একে সময়তে বাঘ, হাতী, দল-হৰিণা আৰু বিভিন্ন প্ৰজাতিৰ চৰাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকে।   
 
নাগাৰহোল ৰাষ্ট্ৰীয় উদ্যান
 
নাগাৰহোল ৰাষ্ট্ৰীয় উদ্যান, কৰ্ণাটক
 
কৰ্ণাটকৰ নীলগিৰি বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত নাগাৰহোল ৰাষ্ট্ৰীয় উদ্যানৰ কাবিনী আৰু নেঞ্চি গেট এলেকা বাৰিষাৰ সময়তো পৰ্যটকৰ বাবে খোলা থাকে। ইয়াত বাঘ, হাতী, নাহৰফুটুকী আৰু দুৰ্লভ ঘোং দেখা পোৱাৰ সম্ভাৱনা থাকে। বৰষুণে বনাঞ্চলক অধিক সেউজীয়া আৰু মনোমোহা ৰূপ দিয়াৰ ফলত এই সময়ছোৱাত উদ্যানখনৰ সৌন্দৰ্য আৰু বৃদ্ধি পায়।   
 
বৰ্ষাকালত সাধাৰণতে বন্যপ্ৰাণী উদ্যানসমূহ বন্ধ হৈ থাকিলেও এইকেইখন সংৰক্ষিত বনাঞ্চলে পৰ্যটকক এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদান কৰি আহিছে। সেউজীয়া অৰণ্য, মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু বন্যপ্ৰাণীৰ সান্নিধ্য লাভৰ সুযোগে জুলাই মাহত এই স্থানসমূহক প্ৰকৃতিপ্ৰেমী আৰু ছাফাৰী অনুৰাগীসকলৰ বাবে বিশেষ আকৰ্ষণীয় গন্তব্যস্থান হিচাপে গঢ়ি তুলিছে।