গুৱাহাটী
অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত বাঘৰ সংখ্যা ২০২২ চনত মাত্ৰ ৩টাৰ পৰা বৃদ্ধি পাই ২০২৫ চনৰ শেষলৈ ১২টালৈ উন্নীত হৈছে। এই তথ্য শুকুৰবাৰে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে।
মন্ত্ৰী বৰুৱাই কয় যে, এই বৃদ্ধি ৰাজ্যৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা। এক্সত দিয়া এটা পোষ্টত তেওঁ লিখিছে, "২০২২ চনত মাত্ৰ ৩টা বাঘ থকা নামেৰী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত ২০২৫ চনৰ শেষলৈ বাঘৰ সংখ্যা ১২টালৈ বৃদ্ধি পাইছে। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (Wildlife Institute of India)য়ে এই সাফল্যৰ সত্যতা নিশ্চিত কৰিছে।"
তেওঁ লগতে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিশ-নিৰ্দেশনাত ৰাজ্যৰ বন সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহে উল্লেখযোগ্য ফলাফল দাঙি ধৰিছে।”
ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, নামেৰী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ উপ-কেন্দ্ৰ হিচাপে পৰিচিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বহু দশকৰ পিছত পুনৰ দুটা বাঘৰ উপস্থিতি ধৰা পৰিছে। তেওঁ কয়, এই ঘটনাই অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে।
উল্লেখযোগ্য যে, নামেৰী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ অন্তৰ্গত হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য, লগতে নদুৱাৰ আৰু বালিপাৰা সংৰক্ষিত বনাঞ্চল।
প্ৰায় ২০০ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত নামেৰী ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলটোৰ মূল (Core) অংশ, আনহাতে প্ৰায় ১২০ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যই ইয়াৰ উপ-কেন্দ্ৰ হিচাপে কাম কৰে।