অনিকা মহেশ্বৰী / নতুন দিল্লী
ৰাস্তাই-ঘাটে মলিয়ন-জধলা কাপোৰ পিন্ধি ঘূৰি ফুৰা এজন দৃষ্টিহীন ৮০ বছৰীয়া বৃদ্ধৰ মুখত যেতিয়া সলসলীয়াকৈ ইংৰাজী শুনিবলৈ পোৱা যায়, তেতিয়া স্বাভাৱিকতেই সকলোৰে চকু কপালত উঠে। তাতোকৈ ডাঙৰ কথাটো হ'ল, এই বাবাজনৰ দাবী- তেওঁ হেনো ইংৰাজীত PhD ডিগ্ৰীধাৰী আৰু এসময়ত NDA-ৰ দৰে সন্মানীয় প্ৰতিষ্ঠানত সেনা বিষয়াৰ প্ৰশিক্ষক আছিল!
“মই এজন পি এইচ ডি ডিগ্ৰীধাৰী, NDA-ত সেনা বিষয়াসকলক পাঠদান কৰিছিলোঁ আৰু আজি মোৰ পেঞ্চন ৮০ হাজাৰ টকা হ'লহেঁতেন...।” এই দাবী ৮০ বছৰীয়া সন্তোষ গোৱেলৰ। তেওঁ পুনৰবাৰ চৰ্চালৈ আহিছে। কিন্তু এইবাৰৰ কাৰণ কোনো মন্তব্যৰ বাবে নহয়, তেওঁ চৰ্চালৈ আহিছে ভাৰতীয় সেনাই তেওঁক চিকিৎসাৰ বাবে কমাণ্ড হাস্পতাললৈ নিয়াৰ বাবে। আগ্ৰাৰ নিউ আগ্ৰা অঞ্চলৰ নগলা পদীত বসবাস কৰা এই বাবাজনক মঙলবাৰে সেনাৰ জোৱানসকলে নিজৰ লগত লৈ যায়। জানিব পৰা মতে, সেনাই তেওঁৰ চকুৰ চিকিৎসা কৰাব, কাৰণ তেওঁৰ দুয়োটা চকু বেয়া আৰু তেওঁ একো নেদেখে। এই ঘটনাই পুনৰবাৰ তেওঁৰ জীৱন, দাবী আৰু ইয়াৰ সত্যতাক লৈ এক বিতৰ্কৰ সূত্ৰপাত কৰিছে।
চৰ্চাৰ মূল কাৰণ ২ এপ্ৰিলৰ ভাইৰেল ভিডিঅ'
সন্তোষ গোৱেল প্ৰথমবাৰৰ বাবে ২ এপ্ৰিলত চৰ্চালৈ আহিছিল, যেতিয়া ছ’চিয়েল মিডিয়াত তেওঁৰ এটা ভিডিঅ' পোহৰলৈ আহিছিল। এই ভিডিঅ'টো GST-ৰ অতিৰিক্ত আয়ুক্ত অজয় মিশ্ৰই ৰেকৰ্ড কৰিছিল। এই ভিডিঅ'টোত সন্তোষ গোৱেলে তেওঁৰ জীৱনৰ সৈতে জড়িত কেইবাটাও দাবী কৰিছিল। তেওঁ কৈছিল যে তেওঁ ১৯৭১ চনত ইংৰাজী বিষয়ত PhD কৰিছিল আৰু পুনেস্থিত নেচনেল ডিফেন্স একাডেমী খড়কৱাছলাত শিক্ষক হিচাপে পাঠদান কৰিছিল। তেওঁ লগতে দাবী কৰিছিল যে তেওঁ আৰ্মী এডুকেচন কৰ্পছত সেৱা আগবঢ়াইছিল আৰু তেওঁৰ ছাত্ৰসকলে আজি ভাৰতীয় সেনাত লেফটেনেণ্ট, কেপ্টেইন, মেজৰৰ পৰা আৰম্ভ কৰি জেনেৰেল পৰ্যায়ৰ পদত অধিষ্ঠিত হৈ দেশৰ সেৱা কৰি আছে।
"১৫ বছৰ চাকৰি কৰা হ'লে ৮০ হাজাৰ টকা পেঞ্চন পালোঁহেঁতেন"
ভিডিঅ'টোত সন্তোষ গোৱেলে এই কথাও কৈছিল যে যদিহে তেওঁৰ চাকৰি জীৱন ১৫ বছৰ সম্পূৰ্ণ হ'লহেঁতেন, তেন্তে আজি তেওঁ প্ৰায় ৮০ হাজাৰ টকাৰ মাহিলী পেঞ্চন লাভ কৰিলেহেঁতেন। কিন্তু চকুৰ দৃষ্টিশক্তি হেৰুওৱাৰ বাবে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। তেওঁ জনোৱা মতে, NDAত প্ৰায় ৩ বছৰ সেৱা আগবঢ়োৱাৰ পিছত তেওঁৰ চকুৰ দৃষ্টিশক্তি নোহোৱা হৈছিল, যাৰ পিছত তেওঁক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল।
খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দাবী
ভিডিঅ'টোত সন্তোষ গোৱেলে তেওঁৰ জীৱনশৈলীৰ বিষয়েও কয়। তেওঁ কৈছিল যে তেওঁৰ দাঁত নাই, সেয়েহে তেওঁ ৰুটি খাব নোৱাৰে। তেওঁ জনায় যে তেওঁ ওচৰতে থকা দেৱীৰাম মিষ্টান্ন ভাণ্ডাৰৰ পৰা লাভ কৰা ভোগ, যেনে ঢোকলা আৰু লাডু খাই নিজৰ পেট ভৰায়। তেওঁৰ এই মন্তব্যও ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল।
NDA-ৰ বাবা সন্তোষ গোৱেল
বিষয়টোত সেনাৰ গুৰুত্ব, আৰম্ভ কৰিছে তেওঁৰ চিকিৎসা
ভিডিঅ'টো ভাইৰেল হোৱাৰ আৰু চৰ্চা বৃদ্ধি পোৱাৰ পিছত এতিয়া ভাৰতীয় সেনাই এই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। মঙলবাৰে সেনাৰ জোৱান তেওঁৰ ঘৰত উপস্থিত হয় আৰু তেওঁক কমাণ্ড হাস্পতাললৈ লৈ যায়। সূত্ৰ অনুসৰি, সেনাই তেওঁৰ চকুৰ পৰীক্ষা আৰু চিকিৎসা কৰাব। ইয়াৰ লগতে তেওঁ কৰা দাবীসমূহৰ কিমান যুক্তি-যুক্ততা আছে পৰীক্ষা কৰা হ’ব, যাতে প্ৰকৃত সত্য পোহৰলৈ আহে। সেনাৰ এই পদক্ষেপৰ পিছত সমগ্ৰ বিষয়টোৱে আৰু অধিক চৰ্চা লাভ কৰিছে।
চুবুৰীয়াৰ নাই তেওঁৰ দাবীৰ ওপৰত বিশ্বাস
এফালে সন্তোষ গোৱেলে তেওঁৰ জীৱনক লৈ বিভিন্ন দাবী কৰিছে, আনফালে স্থানীয় লোক আৰু চুবুৰীয়াসকলে এই দাবীসমূহ বিশ্বাস কৰা নাই। নগলা পদী অঞ্চলৰ লোকে জনায় যে তেওঁলোকে যোৱা কেইবাবছৰ ধৰি তেওঁক দেখি আহিছে, কিন্তু কেতিয়াও তেওঁক সেনাৰ পোছাকত বা কোনো চাকৰিলৈ যোৱা দেখা নাই। ৰামবাবু নামৰ এজন চুবুৰীয়াই জানিবলৈ দিয়ে যে তেওঁ প্ৰায় ১৫ বছৰ ধৰি এই অঞ্চলত বসবাস কৰি আহিছে, কিন্তু তেওঁ কেতিয়াও সন্তোষ গোৱেলক কোনো সামৰিক বা শৈক্ষিক পদত কাম কৰা দেখা নাই। তেওঁৰ মতে, বৃদ্ধগৰাকী প্ৰায়ে পুৱা ঘৰৰ পৰা ওলাই যায় আৰু সন্ধিয়া ঘূৰি আহে। কেইবাবাৰো তেওঁক কাৰোবাৰ লগত ইংৰাজীত কথা পতা দেখা গৈছে, যাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ শিক্ষিত, কিন্তু তেওঁৰ চাকৰিৰ বিষয়ে নিশ্চিত নহয়।
ঘৰ আৰু আত্মীয়ক লৈয়ো আছে অনিশ্চয়তা
সন্তোষ গোৱেল নিউ আগ্ৰাৰ নগলা পদী অঞ্চলৰ যিটো ঘৰত থাকে, সেইটো ঘাইপথৰ পৰা প্ৰায় ১৫০ মিটাৰ ভিতৰত এটা গলিৰ শেষত অৱস্থিত। স্থানীয় লোকৰ মতে, এই ঘৰটো তেওঁৰ কোনোবা আত্মীয়ৰ, কিন্তু ঘৰটোত থকা লোকসকলে তেওঁৰ সৈতে কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে। পৰিয়ালটোৱে কয় যে সন্তোষ গোৱেল কেতিয়াবা তালৈ আহি ৰাতিটো কটায়, কিন্তু তেওঁলোকে তেওঁৰ বিষয়ে বিশেষ একো নাজানে। যেতিয়া সংবাদ মাধ্যমৰ লোকে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল, তেতিয়া কিছুসময় কথা পতাৰ পিছতে ঘৰৰ মানুহখিনি ভিতৰলৈ সোমাই গৈ গেট বন্ধ কৰি দিয়ে।
স্থানীয় দোকানীসকলৰ মতামত ভিন্ন
এই বিষয়ত অঞ্চলটোৰ দোকানীসকলৰ মতামত ভিন্ন। গলিটোৰ মূৰত থকা এখন দোকানৰ গৰাকী ছোনি বাৰ্মাই জনায় যে তেওঁ যোৱা প্ৰায় ৪৮ বছৰ ধৰি এই বৃদ্ধজনক দেখি আহিছে। তেওঁ কয় যে তেওঁ কেতিয়াও সন্তোষ গোৱেলক চাকৰি কৰা বা সামৰিক জীৱন যাপন কৰা দেখা নাই। তেওঁক প্ৰায়েই লেতেৰা আৰু মলিয়ন-জধলা কাপোৰ পিন্ধি থকাহে দেখা যায়। শেখৰ নামৰ আন এজন দোকানীয়ে জনায় যে যেতিয়াৰে পৰা তেওঁৰ ভিডিঅ'টো ভাইৰেল হৈছে, তেতিয়াৰে পৰা তেওঁৰ ঘৰৰ আশে-পাশে ইউটিউবাৰ আৰু সংবাদ মাধ্যমৰ ভিৰ বাঢ়ি গৈছিল। অৱশ্যে, সেনাই তেওঁক লৈ যোৱাৰ পিছৰ পৰা তালৈ এতিয়া মানুহৰ ভিৰ কমিছে।
ছ’চিয়েল মিডিয়াত চৰ্চাৰ উত্থান
ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত সন্তোষ গোৱেল হঠাতে ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। বহুতো ইউটিউবাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁৰ ঘৰলৈ গৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কাহিনীটোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। একাংশই তেওঁৰ দাবীসমূহ সঁচা বুলি বিশ্বাস কৰে, আনহাতে আন একাংশই ইয়াক সম্পূৰ্ণ সন্দেহজনক সন্দেহজনক বুলি ভাবে।
এয়া সঁচা নে মনে সজা সাধুকথা?
এই সমগ্ৰ বিষয়টোত আটাইতকৈ ডাঙৰ প্ৰশ্নটো এয়াই যে, সন্তোষ গোৱেল সঁচাকৈয়ে NDAৰ শিক্ষক আছিল নে এয়া কেৱল মনে সজা সাধুকথা? স্থানীয় লোকৰ অভিজ্ঞতা, চুবুৰীয়াৰ মন্তব্য আৰু তেওঁৰ পৰিয়ালৰ মৌনতাই এই কাহিনীটোক আৰু অধিক ৰহস্যময় কৰি তুলিছে।
আনহাতে, তেওঁৰ শিক্ষাগত অৰ্হতা আৰু সলসলীয়াকৈ ইংৰাজী ক'ব পৰা দক্ষতাই তেওঁৰ দাবীসমূহক সম্পূৰ্ণৰূপে নাকচ কৰাটোও কঠিন কৰি তোলে। সন্তোষ গোৱেলৰ কাহিনীটো আজি এক ৰহস্যত পৰিণত হৈছে, য'ত এফালে তেওঁ নিজকে NDAৰ প্ৰাক্তন শিক্ষক আৰু PhD ডিগ্ৰীধাৰী বুলি কয়, আনফালে স্থানীয় লোক আৰু পৰিস্থিতিয়ে তেওঁৰ কথাত প্ৰশ্নৰ অৱতাড়না কৰে।
এতিয়া সেনাই তেওঁক চিকিৎসাৰ বাবে লৈ যোৱাৰ পিছত এই বিষয়টোৱে এক নতুন মোৰ লৈছে। অনাগত সময়ত তেওঁৰ স্বাস্থ্য পৰীক্ষা আৰু অনুসন্ধানৰ জৰিয়তে হয়তো এই ৰহস্য উন্মোচিত হ’ব পাৰে। বৰ্তমানৰ বাবে, আগ্ৰাৰ এই "সলসলীয়াকৈ ইংৰাজী কোৱা বাবা" সমগ্ৰ দেশজুৰি এক চৰ্চাৰ বিষয় হৈ পৰিছে।