জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্ত সঠিক দিশত আগবাঢ়িছে, ইতিবাচক ফলাফলৰ আশাবাদী পৰিয়ালঃ পত্নী গৰিমা গাৰ্গ

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
গৰিমা শইকীয়া গাৰ্গ
গৰিমা শইকীয়া গাৰ্গ
গুৱাহাটী

গায়ক-সুৰকাৰ জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্ত আৰু আদালতৰ কাৰ্যবিধি সঠিক দিশত আগবাঢ়ি থকা যেন লাগিছে আৰু পৰিয়ালটো ইতিবাচক ফলাফলৰ আশাত আছে বুলি শনিবাৰে গুৱাহাটীত কয় প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

তেওঁ লগতে আশা প্ৰকাশ কৰে যে নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শ আগুৱাই লৈ যাব। তেওঁৰ নামত গঠন কৰিবলগীয়া ট্ৰাষ্টেও সেই লক্ষ্যৰে কাম কৰিব বুলি তেওঁ উল্লেখ কৰে।

স্বামীৰ মৃত্যুৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত পিটিআই ভিডিঅ’ছৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা শইকীয়া গাৰ্গে কয়, “প্ৰক্ৰিয়াটো চলি আছে। বৰ্তমান বিষয়টো আদালতৰ বিবেচনাধীন, সেয়ে তদন্ত সঠিক দিশত আগবাঢ়িছে নে নাই সেই বিষয়ে নিশ্চিতকৈ ক’ব নোৱাৰোঁ। কিন্তু এতিয়ালৈকে ই উপযুক্তভাৱে আগবাঢ়ি থকা যেন লাগিছে।”

উল্লেখ্য যে, ২০২৩ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰাছ দ্বীপৰ উপকূলত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। তাৰ পিছদিনাই তেওঁ উত্তৰ-পূব ভাৰত উৎসৱত সংগীতানুষ্ঠান পৰিবেশন কৰাৰ কথা আছিল।
অসম আৰক্ষীৰ চিআইডিৰ বিশেষ তদন্তকাৰী দলে ঘটনাটোৰ তদন্ত চলাই ডিচেম্বৰ মাহত গুৱাহাটীৰ এখন স্থানীয় আদালতত অভিযোগনামা দাখিল কৰে। অভিযোগনামাত সাতজন অভিযুক্তৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনা হৈছে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য বিধানসভাত কয় যে, জুবিন গাৰ্গৰ মৃত্যু “একেবাৰে স্পষ্ট হত্যাকাণ্ড”।

আনহাতে, পৃথকে তদন্ত চলোৱা ছিংগাপুৰ আৰক্ষীয়ে ঘটনাটোত কোনো ধৰণৰ অপৰাধমূলক ষড়যন্ত্ৰ বা হত্যা সংঘটিত হোৱাৰ প্ৰমাণ পোৱা নগ’ল বুলি মত প্ৰকাশ কৰিছে। তথাপিও অসমৰ কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে, ছিংগাপুৰ আৰক্ষীৰ তদন্তই অসমত চলি থকা গোচৰৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলাব।

গোচৰৰ দুজন মুখ্য অভিযুক্ত — উৎসৱৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ ব্যৱস্থাপক সিদ্ধাৰ্থ শৰ্মাই -- জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপা সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, “তেওঁলোকে এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। আইন অনুসৰি সেই অধিকাৰ তেওঁলোকৰ আছে। আমি দেশৰ আইন ব্যৱস্থা আৰু ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছোঁ। আমি আশা কৰোঁ যে ইতিবাচক ফলাফল লাভ কৰিম।”

বৰ্তমান গুৱাহাটীৰ এখন বিশেষ ফাষ্ট-ট্ৰেক আদালতত গোচৰটোৰ শুনানি চলি আছে।

এই বছৰৰ জানুৱাৰী মাহত পৰিয়ালৰ ফালৰ পৰা ঘোষণা কৰা জুবিন গাৰ্গৰ নামত গঠন কৰিবলগীয়া ট্ৰাষ্ট সম্পৰ্কে তেওঁ কয় যে, এই প্ৰক্ৰিয়া অতি সোনকালেই আৰম্ভ হ’ব।

তেওঁ কয়, “চেনিকুঠিত থকা আমাৰ সম্পত্তিত প্ৰথমে এটা ঘৰ নিৰ্মাণ কৰিব লাগিব। তাৰ পিছত কাৰ্যালয় স্থাপন কৰি সংগ্ৰহালয় গঢ়ি তোলা হ’ব। এই সকলো সম্পূৰ্ণ হ’বলৈ কিছু সময় লাগিব।”

গৰিমা শইকীয়া গাৰ্গে জনায় যে, পৰিকল্পনাসমূহ আগুৱাই নিয়াৰ বাবে উত্তৰাধিকাৰ প্ৰমাণপত্ৰ অতি গুৰুত্বপূৰ্ণ। যদিও আদালতে স্বামীৰ কিছুমান আৰ্থিক সম্পত্তিত তেওঁৰ প্ৰৱেশাধিকাৰ অনুমোদন কৰি আদেশ জাৰি কৰিছে, তথাপিও তেওঁ এতিয়াও আনুষ্ঠানিক প্ৰমাণপত্ৰখন লাভ কৰা নাই।

তেওঁ কয়, “উত্তৰাধিকাৰ প্ৰমাণপত্ৰৰ প্ৰক্ৰিয়া চলি আছে। আদালতে আদেশ দিছে যদিও নথিখন এতিয়াও মোৰ হাতত পোৱা হোৱা নাই।”

তেওঁ লগতে জনায় যে, ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত কাম কৰাৰ উদ্দেশ্যে জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰা ‘কলাগুৰু আৰ্টিষ্টছ ফাউণ্ডেশ্যন’ৰ জৰিয়তেও ইতিমধ্যে কিছু সামাজিক আৰু সাংস্কৃতিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

গুৱাহাটীৰ উপকণ্ঠৰ সোণাপুৰস্থিত জুবিন গাৰ্গৰ শ্মশানক্ষেত্ৰ উন্নয়নৰ পৰিকল্পনা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “চৰকাৰে কি কৰিব সেয়া আমাক এতিয়াও জনোৱা নাই। এই বিষয়ত সংবাদ মাধ্যমেই হয়তো মোতকৈ অধিক জানে।”

শেষত তেওঁ পুনৰ আশা ব্যক্ত কৰি কয় যে, নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সংগীতৰ লগতে তেওঁৰ আদৰ্শ, চিন্তাধাৰা আৰু জীৱনদৰ্শনকো আগুৱাই লৈ যাব। “কেৱল তেওঁৰ সংগীতেই নহয়, তেওঁ যি আদৰ্শ অনুসৰণ কৰিছিল, সেই সকলো নতুন প্ৰজন্মই বহন কৰি লৈ যাব আৰু তেওঁ চিৰস্মৰণীয় হৈ থাকিব,” বুলি তেওঁ কয়।