ছখন নতুন পৌৰসভা গঠনত অসম মন্ত্ৰীসভাৰ অনুমোদন; তিনিখন স্বায়ত্তশাসিত পৰিষদত হ’ব নিৰ্দলীয় ভিত্তিত নিৰ্বাচন

Story by  atv | Posted by   Imtiaz Ahmed • 11 m ago
বৃহস্পতিবাৰে অসম মন্ত্ৰীসভাৰ বৈঠক
বৃহস্পতিবাৰে অসম মন্ত্ৰীসভাৰ বৈঠক
গুৱাহাটী

অসম মন্ত্ৰীসভাই বৃহস্পতিবাৰে নগৰ প্ৰশাসন, ভূমি আবণ্টন, কৃষি, শিক্ষা, বিধিগত পৰিমাপ বিজ্ঞান আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ পাৰিতোষিক সম্পৰ্কীয় কেইবাটাও সিদ্ধান্তত অনুমোদন জনায়।

মন্ত্ৰীসভাৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ সংশোধনত অনুমোদন। এই সংশোধনৰ জৰিয়তে তিনিওখন স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ নিৰ্বাচন নিৰ্দলীয় ভিত্তিত অনুষ্ঠিত কৰিব পৰা যাব।

ছখন নতুন পৌৰসভা


লালুক, হাৰমতী-বান্দৰদেৱা, ঘিলামৰা, মাজুলী, উধাৰবন্দ আৰু মিৰ্জা-বিজয়নগৰত ছখন নতুন পৌৰসভা গঠনত মন্ত্ৰীসভাই অনুমোদন জনায়।
মন্ত্ৰীসভাই বৰ্তমানৰ ২৩খন পৌৰসভাৰ এলেকা সম্প্ৰসাৰণ আৰু ৱাৰ্ডৰ সীমা নিৰ্ধাৰণতো অনুমোদন দিয়ে। এই পৌৰসভাসমূহ হ’ল সোণাই, বদৰপুৰ, বৰপেটা, উত্তৰ লখিমপুৰ, পলাশবাৰী, ৰঙিয়া, বিশ্বনাথ চাৰিআলি, গহপুৰ, সোণাৰি, মৰাণ, পাটাছাৰকুছি, গোলাঘাট, সৰুপথাৰ, কামপুৰ, নলবাৰী, টিহু, শিৱসাগৰ, আমগুৰি, নাজিৰা, শিমলুগুৰি, ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ।

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাবে ভূমি


ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (আইএআৰআই) স্থাপনৰ বাবে ধেমাজিত ১,৫৬৮ বিঘা চৰকাৰী মাটি আবণ্টনত মন্ত্ৰীসভাই অনুমোদন জনায়। লগতে শোণিতপুৰত ৭৪ বিঘা মাটি প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ হস্তান্তৰতো অনুমোদন দিয়ে।

মিছন বসুন্ধৰা ৪.০ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীসমূহক অধিক পৰিমাণৰ মাটি আবণ্টন দিয়াৰ সুবিধাৰ্থে চহৰৰ সীমাৰ বাহিৰত কেৱল এক কিলোমিটাৰ পৰ্যন্ত এলেকাক নগৰাঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত এই সিদ্ধান্ত প্ৰযোজ্য নহ’ব।

৭৫ শতাংশ ৰাজসাহায্যত কৃষি যন্ত্ৰপাতি


কৃষিৰ বৈচিত্ৰ্যকৰণত উৎসাহ দিবলৈ সমগ্ৰ অসমত ৭৫ শতাংশ চৰকাৰী ৰাজসাহায্যত ২,৩১৩টা কৃষিযন্ত্ৰ বিতৰণত মন্ত্ৰীসভাই অনুমোদন জনায়।

উচ্চ শিক্ষানুষ্ঠানৰ বাবে উদ্ভাৱন আৰু ষ্টাৰ্টআপ নীতি


উচ্চ শিক্ষানুষ্ঠানসমূহত উদ্ভাৱন আৰু ষ্টাৰ্টআপ নীতি প্ৰৱৰ্তনত মন্ত্ৰীসভাই অনুমোদন জনায়। এই নীতিৰ লক্ষ্য হৈছে শিক্ষানুষ্ঠানসমূহক উৎকৰ্ষৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৰু শিক্ষাৰ্থী, শিক্ষক, প্ৰাক্তন শিক্ষাৰ্থী তথা ষ্টাৰ্টআপৰ সম্ভাব্য আবেদনকাৰীসকলৰ ধাৰণাক ব্যৱহাৰযোগ্য সামগ্ৰীলৈ ৰূপ দিয়াত সহায় কৰা।

কম বিপদাশংকাযুক্ত ওজন আৰু জোখ-মাপৰ বাবে স্ব-প্ৰমাণীকৰণ


মন্ত্ৰীসভাই অসম বিধিগত পৰিমাপ বিজ্ঞান (বলৱৎকৰণ) (দ্বিতীয় সংশোধনী) বিধি, ২০২৬ত অনুমোদন জনায়। এই বিধি অনুসৰি স্ব-প্ৰমাণীকৰণ পদ্ধতিৰ জৰিয়তে কম বিপদাশংকাযুক্ত ওজন আৰু জোখ-মাপৰ সঁজুলি পৰীক্ষা কৰি তাত মোহৰ মাৰিব পৰা যাব।

পঞ্চায়ত প্ৰতিনিধিৰ মাহিলি পাৰিতোষিক বৃদ্ধি


পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধিতো মন্ত্ৰীসভাই অনুমোদন জনায়। সংশোধিত হাৰ অনুসৰি বিভিন্ন পদৰ মাহিলি পাৰিতোষিক তলত দিয়া ধৰণৰ হ’ব।