গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে তেওঁৰ চৰকাৰে পথ সুৰক্ষাৰ বাবে ১২ দফীয়া কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চসমূহ সক্ৰিয় কৰাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত আছে। নিয়ম উলংঘনকাৰীৰ প্ৰতি কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
১৩ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এখন মিনিবাছ আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ২৬ জন লোকৰ মৃত্যুৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
সোমবাৰে এক্সত দিয়া এটা প’ষ্টত শৰ্মাই কয়, “যোৱানিশা পলমকৈ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত আমি পথ সুৰক্ষাৰ বাবে ১২ দফীয়া কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আমাৰ পথ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই পৰিকল্পনা কঠোৰভাৱে কাৰ্যকৰী কৰা হ’ব আৰু নিয়ম উলংঘনকাৰীৰ প্ৰতি কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহ’ব।”
এই কাৰ্যপৰিকল্পনাত “অত্যধিক গতিত, বেপৰোৱাভাৱে আৰু সুৰাপান কৰি বাহন চলোৱাৰ বিৰুদ্ধে বিয়লি ৩ বজাৰ পৰা নিশা ৯ বজাৰ ভিতৰত তদাৰকী অভিযান জোৰদাৰ কৰা, সকলো বাণিজ্যিক বাহনত গতি সীমিত কৰা যন্ত্ৰ বাধ্যতামূলক কৰা আৰু এই যন্ত্ৰত অনধিকাৰ হস্তক্ষেপ বা কাৰচাজি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা”ৰ কথা উল্লেখ আছে।
বাহন চালনাৰ দক্ষতা আৰু পথ সুৰক্ষা সম্পৰ্কীয় সজাগতাৰ যথাযথ মূল্যায়ন নিশ্চিত কৰিবলৈ ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষা অধিক কঠোৰ কৰাৰ প্ৰস্তাৱো এই পৰিকল্পনাত ৰখা হৈছে।
তেওঁ কয় যে স্পষ্ট লক্ষ্য, সময়সীমা আৰু জবাবদিহিতা নিৰ্ধাৰণ কৰি পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা শূন্যলৈ নমাই অনাৰ উদ্দেশ্যে জিলাভিত্তিক কাৰ্যসূচী আৰম্ভ কৰাও এই ১২ দফীয়া পৰিকল্পনাৰ অংশ। লগতে দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ চিনাক্ত কৰি তাত পথচাৰীৰ বাবে পথ পাৰ হোৱাৰ ব্যৱস্থা, সংকেতবাতি আৰু পোহৰৰ ব্যৱস্থা কৰাৰ লগতে পথ বিভাজকসমূহ মেৰামতি কৰি সেই স্থানসমূহ সুৰক্ষিত কৰা হ’ব।
প্ৰযোজ্য বিধান অনুসৰি সঘনাই যান-বাহনৰ নিয়ম উলংঘন কৰা চালকসকলৰ ড্ৰাইভিং লাইচেঞ্চ নিলম্বন কৰা হ’ব। দুচকীয়া বাহনৰ পিছৰ আসনত উঠা মহিলা আৰু শিশুসহ সকলোৰে ক্ষেত্ৰত কোনো ব্যতিক্ৰম নোহোৱাকৈ হেলমেট পৰিধানৰ নিয়ম বলৱৎ কৰা হ’ব বুলিও তেওঁ কয়।
প্ৰতিটো পথ দুৰ্ঘটনা বিশ্লেষণ কৰি ইয়াৰ কাৰণ চিনাক্ত কৰা হ’ব আৰু পুনৰাবৃত্তি ৰোধৰ বাবে সংশোধনমূলক ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব বুলি তেওঁ জনায়।
বাৰে বাৰে নিয়ম উলংঘন কৰা বাণিজ্যিক বাহনৰ পাৰ্মিট বাতিল কৰাৰ ব্যৱস্থাও এই পৰিকল্পনাত অন্তৰ্ভুক্ত আছে বুলি শৰ্মাই কয়।
ঘাইপথৰ কাষৰ চিকিৎসালয়সমূহত পৰ্যাপ্তসংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী নিয়োগ কৰাৰ লগতে পৰ্যাপ্ত ঔষধ আৰু জৰুৰীকালীন সঁজুলিৰ ব্যৱস্থা কৰি সেইসমূহৰ সক্ষমতা বৃদ্ধি কৰাৰ সিদ্ধান্তও লোৱা হৈছে।
পথৰ কাষৰ হোটেল আৰু ধাবাৰ কৰ্মচাৰীসকলকে ধৰি পথ সুৰক্ষাৰ স্বেচ্ছাসেৱকসকলক প্ৰাথমিক চিকিৎসা আৰু জৰুৰীকালীন পৰিস্থিতিত সঁহাৰি জনোৱাৰ প্ৰশিক্ষণ দিয়া হ’ব। তেওঁলোকৰ অৱদানক প্ৰতি বছৰে স্বীকৃতি প্ৰদান কৰা হ’ব।
গোলাঘাটৰ জিলা পৰিবহণ বিষয়া নিলম্বিত
কাজিৰঙাৰ মৰ্মান্তিক পথ দুৰ্ঘটনাটোৰ পৰিপ্ৰেক্ষিতত গোলাঘাটৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক নিলম্বন কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা জাননীত উল্লেখ কৰা অনুসৰি, কাৰ্যকৰী প্ৰশাসনিক তদাৰকী আৰু নিয়ম বলৱৎকৰণৰ ক্ষেত্ৰত আপাতদৃষ্টিত পৰিলক্ষিত ঘাটিৰ বাবে তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ঘটনা সন্দৰ্ভত প্ৰকৃত তথ্য উদ্ঘাটনৰ বাবে এক তদন্তও আৰম্ভ কৰা হৈছে। অতিৰিক্ত মুখ্য সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কে চি সামৰিয়াই এই তদন্ত পৰিচালনা কৰিব। তেওঁ ত্ৰুটি আৰু অৱহেলাৰ বাবে দায়িত্ব নিৰ্ধাৰণ কৰি দুসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব।