গুৱাহাটী
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতে বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰিব।
সূত্ৰ অনুসৰি, ৰাজ্যখন ভ্ৰমণৰ সময়ত ভাগৱতে আৰএছএছৰ শতবৰ্ষৰ কাৰ্যসূচীসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিব।
২০২৩ চনত জনগোষ্ঠীগত হিংসা আৰম্ভ হোৱাৰ পাছত এয়া হ’ব ভাগৱতৰ দ্বিতীয়টো মণিপুৰ ভ্ৰমণ।
ৰাজ্যখনত সংঘই চলোৱা সাহায্য আৰু পুনৰ্বাসনৰ কাম-কাজৰ আভ্যন্তৰীণ মূল্যায়নতো তেওঁ অংশগ্ৰহণ কৰিব।
সূত্ৰই জনোৱা মতে, ভাগৱতে ১৮ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰিব।