গুৱাহাটী
গ্ৰামাঞ্চলৰ থলুৱা শিপিনীসকলৰ পৰম্পৰাগত বয়নশিল্পৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে অগ্ৰণী জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ পূব অসমৰ শিৱসাগৰ, মাজুলী আৰু ডিব্ৰুগড় জিলাত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ ১৪৯ গৰাকী থলুৱা শিপিনীয়ে অংশগ্ৰহণ কৰে।
গ্ৰামাঞ্চলৰ মহিলাসকলৰ পৰম্পৰাগত বয়নশিল্পৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে আৰণ্যকে ৫ নৱেম্বৰত শিৱসাগৰ জিলাৰ গেলাপথাৰ গাঁৱত, ৬ নৱেম্বৰত মাজুলীৰ গায়ন গাঁৱত আৰু ৭ নৱেম্বৰত ডিব্ৰুগড় জিলাৰ বৰদৈবাম গাঁৱত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলৰ অধিকাংশই আছিল মহিলা।
গেলাপথাৰত অনুষ্ঠিত প্ৰশিক্ষণত ৩৫ গৰাকী আৰু মাজুলীৰ গায়ন গাঁৱত ৫১ গৰাকী মহিলাই অংশগ্ৰহণ কৰে। আনহাতে, ডিব্ৰুগড়ৰ বৰদৈবামত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত ৬৩ গৰাকী মহিলা আৰু তিনিগৰাকী পুৰুষসহ মুঠ ৬৬ গৰাকী লোকে প্ৰশিক্ষণ গ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলৰ প্ৰায় আটাইখিনিয়েই আৰণ্যকৰ প্ৰকল্পৰ হিতাধিকাৰী।
প্ৰশিক্ষণত অংশগ্ৰহণ কৰা ডিব্ৰুগড়ৰ বৰদৈবামৰ দীপানিতা পাত্ৰ ফুকনে কয়, "এই হস্ততাঁত বয়নৰ প্ৰশিক্ষণ কাৰ্যসূচী মোৰ বাবে অত্যন্ত উপযোগী আৰু জ্ঞানবৰ্ধক আছিল। ইয়াৰ জৰিয়তে মই বয়নৰ নতুন কৌশল, আৰ্হি আৰু নক্সা শিকিবলৈ সুযোগ পাইছোঁ। এই নতুন জ্ঞানে মোক উন্নত মানৰ বস্ত্ৰ প্ৰস্তুত কৰাত সহায় কৰিব।"
তেওঁ লগতে উল্লেখ কৰে যে, বয়নশিল্প কেৱল এক পৰম্পৰাগত দক্ষতাই নহয়, ই স্থানীয় সমাজৰ লগতে বহু গ্ৰাম্য মহিলাৰ উপাৰ্জনৰো এক গুৰুত্বপূৰ্ণ উৎস। এই প্ৰশিক্ষণে তেওঁৰ দক্ষতা অধিক বিকশিত কৰাত সহায় কৰাৰ উপৰি বয়নশিল্পৰ জৰিয়তে অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰিবলৈও অনুপ্ৰাণিত কৰিছে। একেদৰে এই কাৰ্যসূচীয়ে পৰম্পৰাগত বয়নশিল্প সংৰক্ষণৰ প্ৰতিও তেওঁলোকক উৎসাহিত কৰিছে।
দীপানিতা পাত্ৰ ফুকনৰ বক্তব্যৰ সৈতে সহমত প্ৰকাশ কৰি জীৱিকা সখী তেজীমলা দেউৰীয়েও কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে হস্ততাঁত শিল্পৰ নতুন কৌশল আৰু বিভিন্ন পদ্ধতিৰ বিষয়ে শিকাৰ সুযোগ লাভ কৰিছে। ফলত তেওঁলোকৰ কামৰ প্ৰতি আগ্ৰহ আৰু আত্মবিশ্বাস দুয়োটাই বৃদ্ধি পাইছে।
আন এগৰাকী প্ৰশিক্ষাৰ্থী তুতুমণি দেউৰীয়ে কয়, "আমি বহু দিনৰ পৰাই ঘৰত হস্ততাঁতৰ কাম কৰি আহিছোঁ। এই প্ৰশিক্ষণত শিকিবলৈ পোৱা নতুন পদ্ধতিসমূহে আমাৰ পৰম্পৰাগত বয়নশিল্পক অধিক উন্নত কৰাত সহায় কৰিব।"
একেদৰে যুৱ প্ৰশিক্ষাৰ্থী পূজা দেউৰীয়ে কয়, "তাঁতশালৰ কাম দেউৰী জনগোষ্ঠীৰ সংস্কৃতি আৰু পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ। এনে প্ৰশিক্ষণে পৰম্পৰাগত বয়নশিল্পক জীয়াই ৰখাৰ লগতে নতুন প্ৰজন্মকো এই শিল্পৰ প্ৰতি আকৰ্ষিত আৰু উৎসাহিত কৰিব।"
প্ৰশিক্ষণ কাৰ্যসূচীৰ শলাগ লৈ আন এগৰাকী প্ৰশিক্ষাৰ্থী সোণালী দেউৰীয়ে কয় যে, কাৰিকৰী প্ৰশিক্ষণৰ সমান্তৰালভাৱে প্ৰয়োজনীয় কেঁচামালৰ যোগান আৰু উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰৰ সৈতে সংযোগ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিলে আৰণ্যকৰ এই প্ৰচেষ্টা অধিক ফলপ্ৰসূ হৈ উঠিব।
এই প্ৰশিক্ষণ কাৰ্যসূচীত অভিজ্ঞ প্ৰশিক্ষক নন্দেশ্বৰ ডেকাই অংশগ্ৰহণকাৰীসকলক হস্ততাঁত বয়নৰ বিভিন্ন কৌশল আৰু ব্যৱহাৰিক দিশসমূহৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ জৰিয়তে মহিলাসকলে বয়নশিল্পৰ নতুন কৌশল আৰু পদ্ধতি আয়ত্ত কৰাৰ লগতে নিজৰ দক্ষতা বৃদ্ধি আৰু পৰম্পৰাগত হস্ততাঁত খণ্ডৰ বিভিন্ন দিশ সম্পৰ্কে জ্ঞান আহৰণৰ সুযোগ লাভ কৰে।
প্ৰশিক্ষণৰ সময়ছোৱাত নন্দেশ্বৰ ডেকাই মহিলাসকলৰ ব্যৱহাৰিক জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে তেওঁ মহিলাসকলক স্বাৱলম্বী হ’বলৈ উৎসাহিত কৰা আৰু পৰম্পৰাগত বয়নশিল্পৰ জৰিয়তে উপাৰ্জনৰ নতুন সুযোগ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।