ৰে’লত মোবাইলৰ স্পীকাৰত গান বা ভিডিঅ’ বজালে হ’ব পাৰে জৰিমনা, ছমাহ পৰ্যন্ত কাৰাদণ্ডৰো ব্যৱস্থা

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
ৰে'লযাত্ৰাৰ সময়ত মোবাইল ফোনৰ স্পীকাৰত উচ্চস্বৰত গান শুনা, ভিডিঅ' চোৱা অথবা ডাঙৰ শব্দৰে ফোনত কথা পতা যাত্ৰীসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে পূব ৰে’লৱেই। দক্ষিণ ৰে’লৱেৰ পিছত এইবাৰ পূব ৰে’লৱেয়েও ৰে’ল আৰু ৰে’লৱে চৌহদত মোবাইল ফোনৰ ব্যৱহাৰ সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।  
 
ৰে’লযাত্ৰাৰ সময়ত মোবাইল ফোনৰ জৰিয়তে আন যাত্ৰীক অসুবিধাত পেলোৱা কাৰ্যকলাপ ৰাজহুৱা উপদ্ৰৱ হিচাপে গণ্য হ’লে সংশ্লিষ্ট যাত্ৰীয়ে ১,০০০ টকা পৰ্যন্ত জৰিমনা অথবা ছমাহ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। কিছুমান ক্ষেত্ৰত জৰিমনা আৰু কাৰাদণ্ড দুয়োটাই হ’ব পাৰে। 
 
শুকুৰবাৰে পূব ৰে’লৱেৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, ৰে’লৱে ব’ৰ্ডৰ পৰামৰ্শৰ ভিত্তিত কলকাতাস্থিত মুখ্য কাৰ্যালয়ৰ অধীনৰ চাৰিওটা সংমণ্ডললৈ এই সন্দৰ্ভত নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ৰে’ল ষ্টেচন আৰু ৰে’লৰ ভিতৰত মোবাইল ফোনৰ দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে অপ্ৰয়োজনীয় শব্দৰ ফলত সৃষ্টি হোৱা অসুবিধা ৰোধ কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য।
 
পূব ৰে’লৱেই প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে, ১৯৮৯ চনৰ ৰে’লৱে আইনৰ ১৪৫ নং ধাৰাৰ অধীনত ৰাজহুৱা উপদ্ৰৱ সৃষ্টি কৰা ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এই ধাৰাৰ অধীনত সৰ্বাধিক ১,০০০ টকা জৰিমনা অথবা ছমাহ পৰ্যন্ত কাৰাদণ্ডৰ লগতে উভয় শাস্তিৰো ব্যৱস্থা আছে। 
 
ৰে’ল কৰ্তৃপক্ষই লগতে স্পষ্ট কৰি দিছে যে, ৰে’লযাত্ৰাৰ সময়ত এনে কাৰ্যকলাপত লিপ্ত হৈ আন যাত্ৰীক অসুবিধাত পেলোৱা ব্যক্তিৰ বিৰুদ্ধে টিকট পৰীক্ষকেও আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ উদ্যোগ ল’ব পাৰিব।
 
নতুন নিৰ্দেশনা অনুসৰি, যাত্ৰীসকলক মোবাইল ফোনৰ লাউডস্পীকাৰ ব্যৱহাৰ কৰি উচ্চস্বৰত গান শুনা বা ভিডিঅ' চোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। একেদৰে ডাঙৰ মাতেৰে বা দীৰ্ঘসময় ধৰি ফোনত কথা পতা আৰু মোবাইল ফোনত উচ্চস্বৰৰ ৰিংট’ন ব্যৱহাৰ নকৰিবলৈও আহ্বান জনোৱা হৈছে।
 
ৰে’লৱেৰ বিষয়াসকলৰ মতে, এনে আচৰণে প্ৰায়ে সহযাত্ৰীসকলক অসুবিধাত পেলায় আৰু ৰে’লৰ ডবাৰ ভিতৰৰ শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰে। বিশেষকৈ শীতাতপ নিয়ন্ত্ৰিত ডবাত উচ্চস্বৰৰ শব্দই যাত্ৰীসকলক অধিক অসুবিধাত পেলাব পাৰে।
 
এই সন্দৰ্ভত যাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পূব ৰে’লৱেই। ৰে’ল ষ্টেচনসমূহত থকা ৰাজহুৱা ঘোষণা ব্যৱস্থাৰ জৰিয়তে আঞ্চলিক ভাষা, হিন্দী আৰু ইংৰাজীত নিয়মীয়াকৈ সজাগতামূলক ঘোষণা কৰা হ’ব। সম্ভৱ হোৱা ক্ষেত্ৰত ৰে’লৰ ভিতৰতো এনে ঘোষণা কৰাৰ ব্যৱস্থা কৰা হ’ব।
 
এই ঘোষণাসমূহৰ জৰিয়তে যাত্ৰীসকলক গান শুনা বা ভিডিঅ’ চোৱাৰ সময়ত ইয়াৰফোন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হ’ব। লগতে মোবাইল ফোন ছাইলেণ্ট বা ভাইব্ৰেচন ম’ডত ৰখা অথবা ৰিংট’নৰ শব্দ কমাই ৰাখিবলৈ আহ্বান জনোৱা হ’ব।
 
পূব ৰে’লৱেৰ মতে, এই পদক্ষেপৰ মূল লক্ষ্য হৈছে যাত্ৰীসকলৰ বাবে অধিক শান্তিপূৰ্ণ, আৰামদায়ক আৰু সুবিধাজনক ৰে’লযাত্ৰা নিশ্চিত কৰা। একে সময়তে আন যাত্ৰীৰ অসুবিধাৰ কাৰণ হোৱা অপ্ৰয়োজনীয় শব্দ আৰু আচৰণ নিয়ন্ত্ৰণ কৰাতো গুৰুত্ব দিয়া হৈছে।