গুৱাহাটী
সীমান্তৰ সিপাৰৰ মাদকদ্ৰব্য সৰবৰাহকাৰী চক্ৰক যোগান ধৰিবলৈ কাছাৰ জিলাৰ পৰা চোৰাংকৈ নিয়াৰ অভিযোগত অসম আৰক্ষীয়ে সাৰ বুলি সন্দেহ কৰা ৩৫০ বস্তা সামগ্ৰী জব্দ কৰিছে। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, একেৰাহে দুদিনত জিলাখনত এইটো এনেধৰণৰ দ্বিতীয়টো জব্দৰ ঘটনা।
সামাজিক মাধ্যমত তেওঁ লিখিছে, “এয়া আমাৰ দ্বিতীয়টো ষ্ট্ৰাইক। সাৰ বুলি সন্দেহ কৰা ৩৫০ বস্তা সামগ্ৰী চোৰাংকৈ বাহিৰলৈ নিয়াৰ আগতেই কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে।”
তেওঁ অভিযোগ কৰে যে চোৰাং ব্যৱসায়ীসকলে কৃষকৰ বাবে আবণ্টিত সাৰ অন্য পথেৰে মাদকদ্ৰব্য সৰবৰাহকাৰী চক্ৰ আৰু সীমান্তৰ সিপাৰৰ চক্ৰসমূহক যোগান ধৰি আহিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত সাৰৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ ব্যাপক অভিযান আৰম্ভ কৰা হৈছে। কৰ্তৃপক্ষই চোৰাং সৰবৰাহৰ যোগান চক্ৰটোক লক্ষ্য কৰি এই অভিযান চলাইছে বুলিও তেওঁ জনায়।
এই ঘটনাৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই, সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ একো নক’লে।
শনিবাৰে ৰাজ্যৰ বাহিৰলৈ চোৰাংকৈ নিয়াৰ অভিযোগত কাছাৰ আৰক্ষীয়ে ২২ টন ৰাজসাহায্যপ্ৰাপ্ত সাৰ জব্দ কৰিছিল।