সংবাদমেলত ফেষ্টিভেলৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰয়াসী বৰুৱা আৰু সহ-প্ৰতিষ্ঠাপক তথা যুটীয়া সঞ্চালক জ্যোৎস্না নেওগ
গুৱাহাটী
২৮ আৰু ২৯ নৱেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব অসম লিটআৰ্ট ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণ। লিটআৰ্ট ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এই দুদিনীয়া উৎসৱে লেখক, চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, সংগীতজ্ঞ আৰু শিল্পীসকলক একেখন মঞ্চত একত্ৰিত কৰিব।
গুৱাহাটীত এখন সংবাদমেলত ফেষ্টিভেলৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰয়াসী বৰুৱাই জনায় যে সাহিত্য অকাদেমি বঁটাপ্ৰাপক লেখক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই উদ্বোধন কৰিব এই ফেষ্টিভেল। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, কবি তথা বঁটাপ্ৰাপক চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থসাৰথি মহন্ত।
বৰুৱাই কয় যে কিতাপ, সুসংগীত, চলচ্চিত্ৰ আৰু বিভিন্ন ধাৰাৰ কলা-কাৰুশিল্পৰ সৈতে নিবিড় সম্পৰ্কই দীৰ্ঘম্যাদীভাৱে সমাজৰ বহু কুপ্ৰথা হ্ৰাস কৰাত সহায় কৰিব পাৰে। এই কথাকে এই ফেষ্টিভেলে পুনৰ দাঙি ধৰিব বিচাৰে। সৃষ্টিশীল কামত অংশ ল’লে আৰু তাৰ কদৰ কৰিবলৈ শিকিলে জীৱন আৰু সমাজত মিলিজুলি থকাৰ প্ৰতি মানুহৰ দৃষ্টিভংগী ইতিবাচক হয়। অধিক সহমৰ্মী, পৰিণত আৰু অন্তৰ্ভুক্তিমূলক সমাজ গঢ়াৰ দিশত এই উৎসৱ এক বিনম্ৰ প্ৰয়াস বুলি তেওঁ কয়।
গুৱাহাটীত ইতিমধ্যে বহু মহোৎসৱ থকাৰ পাছতো আন এখন মহোৎসৱ কিয় আৰম্ভ কৰা হ’ল, সেই প্ৰশ্নৰ উত্তৰত সহ-প্ৰতিষ্ঠাপক তথা যুটীয়া সঞ্চালক জ্যোৎস্না নেওগে কয় যে সকলো কলাৰ বাবে এখন উমৈহতীয়া মঞ্চ গঢ়াই উদ্দেশ্য। ইয়াত সৃষ্টিশীল লোকসকলে মিলিত হৈ আলোচনা কৰিব, পৰস্পৰৰ পৰা শিকিব, ভাব বিনিময় কৰিব আৰু একেলগে কাম কৰিব পাৰিব। তেওঁৰ মতে, চলচ্চিত্ৰ নিৰ্মাণ, সাহিত্য, সংগীত আৰু কলা-কাৰুশিল্প পৰস্পৰ সম্পৰ্কিত। পাঠক, শ্ৰোতা আৰু দৰ্শকক এক সুন্দৰ, যুগমীয়া অভিজ্ঞতা দিয়াৰ লগতে সমাজলৈ অৰ্থপূৰ্ণ বাৰ্তা পঠিয়াবলৈ এই ক্ষেত্ৰসমূহৰ মাজত সংলাপ অতি গুৰুত্বপূৰ্ণ।
উৎসৱৰ অন্যতম মুখ্য আকৰ্ষণ হ’ব প্ৰশংসিত ভাৰতীয় অভিনেতা-চিত্ৰনাট্যকাৰ ইনামুল হক। বিভিন্ন আলোচনাচক্ৰত অংশ ল’ব নেটফ্লিক্সৰ ধাৰাবাহিক ‘অপাৰেচন ছফেদ সাগৰ’ৰ প্ৰযোজক তথা ‘ভডকা ডায়েৰীজ’ৰ পৰিচালক কুশল শ্ৰীৱাস্তৱ, ‘অপাৰেচন ছফেদ সাগৰ’ আৰু ‘ভুজ’ৰ মুখ্য পৰামৰ্শদাতা অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন তৰুণ কুমাৰ সিংহ আৰু ‘অপাৰেচন ছফেদ সাগৰ’ আৰু ‘লাষ্ট ছেল্যুট’ৰ গৱেষক তথা কথক অন্তৰা শ্ৰীৱাস্তৱে। স্মিতা বৰুৱা সান্যালৰ সৈতে প্ৰয়াসী বৰুৱাই ‘মানসিক স্বাস্থ্য আৰু সৃষ্টিশীলতা’ বিষয়ক বিশেষ অধিৱেশন চলাব।
আলোচনাচক্ৰসমূহৰ বিষয় হ’ব শিক্ষাত নাট্যকলাৰ অন্তৰ্ভুক্তি, কপিৰাইট, অনুবাদ, চিত্ৰনাট্য ৰচনা, আঞ্চলিক সাহিত্য আৰু সামাজিক-ৰাজনৈতিক আখ্যান, প্ৰচাৰধৰ্মী চলচ্চিত্ৰ, অসমীয়া চলচ্চিত্ৰ আৰু উদ্যমিতা। আন আকৰ্ষণৰ ভিতৰত আছে চুটিছবি প্ৰদৰ্শন, কথক নৃত্য, একক অভিনয়, ষ্টেণ্ড-আপ কমেডী আৰু পোনপটীয়া সংগীত পৰিৱেশন।