তথ্য-প্ৰযুক্তি খণ্ডত অশনি সংকেতঃ AI-ৰ বাবে চাকৰি হেৰুৱালে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে

Story by  Nikunja Nath | Posted by  Nikunja Nath • 2 h ago
তথ্য-প্ৰযুক্তি খণ্ডত অশনি সংকেতঃ AI-ৰ বাবে চাকৰি হেৰুৱালে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে
তথ্য-প্ৰযুক্তি খণ্ডত অশনি সংকেতঃ AI-ৰ বাবে চাকৰি হেৰুৱালে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে
 
নিকুঞ্জ নাথ / গুৱাহাটী
 
জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো যেতিয়া এক ভয়ংকৰ দুঃস্বপ্নলৈ পৰিণত হয়, তেতিয়া কেনে অনুভৱ হয়? আজিৰ পৰা মাত্ৰ কেইটামান বছৰ আগলৈকে Meta, Google বা LinkedIn-ৰ দৰে বিশ্বমানৰ প্ৰযুক্তি প্ৰতিষ্ঠানত এটা চাকৰি পোৱাটো প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে আছিল জীৱনৰ সৰ্বোচ্চ সফলতাৰ প্ৰতীক। আকাশলংঘী দৰমহা, বিলাসী সা-সুবিধা আৰু ভৱিষ্যতৰ সুনিশ্চিত নিৰাপত্তাই এই চাকৰিসমূহক সকলোৰে বাবে 'ড্ৰীম জব' বা সপোনৰ পেছা হিচাপে প্ৰতিষ্ঠা কৰিছিল। সমাজৰ চকুত এনে এটা চাকৰি মানেই আছিল জীৱনৰ সকলো যুঁজত জয়লাভ কৰা। কিন্তু সময়ৰ নিষ্ঠুৰ সোঁতত আৰু প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ ফলত সেই সোণালী দিনবোৰ এতিয়া যেন কেৱল অতীত।
 
বৰ্তমান এই নামী-দামী প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলৰ প্ৰতিটো পুৱা আৰম্ভ হয় এক অনামী ভয় আৰু তীব্ৰ শংকাৰে। যোৱা বুধবাৰে মেটাই প্ৰায় ৮,০০০ আৰু লিংকডইনে ৬০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ খবৰে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। অৱশ্যে, এই সংকট কেৱল চাকৰি যোৱাতেই আৱদ্ধ হৈ থকা নাই; বৰং এই অনিশ্চয়তাই কৰ্মচাৰীসকলৰ মানসিক জগতখনত কেনে এক ভয়াৱহ ধুমুহাৰ সৃষ্টি কৰিছে, সেয়াহে এতিয়া আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।
 

প্ৰতিষ্ঠানসমূহৰ ভিতৰচ'ৰাত এতিয়া কেৱল এক গভীৰ অস্থিৰতা আৰু নিৰাশাই বিৰাজ কৰিছে। চাৰিওফালে কেৱল উদ্বেগ, অবিশ্বাস আৰু পৰৱৰ্তী বলি হোৱাৰ এক নিৰন্তৰ আতংক। নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক মেটাৰ এগৰাকী পুৰণি কৰ্মচাৰীয়ে তেওঁলোকৰ বৰ্তমানৰ দৈনন্দিন জীৱনৰ এক মৰ্মান্তিক চিত্ৰ দাঙি ধৰিছেঃ "সপ্তাহৰ পাছত সপ্তাহ ধৰি মই প্ৰতিদিনে পুৱা শুই উঠিয়েই প্ৰথমে মোৰ অফিচৰ ইমেইলটো পৰীক্ষা কৰি লওঁ, কেৱল এইটো নিশ্চিত কৰিবলৈ যে আজি মোৰ চাকৰিটো বাচি আছে নে নাই আৰু মই অফিচলৈ যোৱাটো উচিত হ'বনে!"
 
কৰ্মচাৰীসকলে প্ৰকাশ কৰা মতে, অফিচৰ হোৱাটছএপ বা আন গ্ৰুপ চেটবোৰ এতিয়া মৰ্মান্তিক ধেমালি বা 'ডাৰ্ক হিউমাৰ'ৰে ভৰি পৰিছে। নাচি থকা জঁকাৰ মিম আৰু পৃথিৱী ধ্বংসৰ ধেমালিবোৰেৰে তেওঁলোকে আচলতে নিজৰ মানসিক যন্ত্ৰণা লুকুৱাবলৈহে চেষ্টা কৰিছে। যিটো কৃত্ৰিম বুদ্ধিমত্তা (AI)-ই এদিন তেওঁলোকৰ স্থান ল'ব পাৰে, সেই একেটা ব্যৱস্থাক প্ৰশিক্ষণ দিয়াৰ তীব্ৰ মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ এয়া তেওঁলোকৰ বাবে একমাত্ৰ উপায়।
 
প্ৰতিনিধিত্বমূলক ফটো
 
এজন কৰ্মচাৰীয়ে গভীৰ আক্ষেপৰে কয়, "আমি আমাৰ বিকল্পক নিজেই প্ৰশিক্ষণ দি আছোঁ, অথচ ইয়াৰ বাবে আমাক কোনো অতিৰিক্ত দৰমহাও দিয়া হোৱা নাই।" ইয়াৰ উপৰি, কোম্পানীৰ 'মডেল কেপেবিলিটী ইনিচিয়েটিভ'ৰ জৰিয়তে কৰ্মচাৰীসকলৰ প্ৰতিটো কম্পিউটাৰ ক্লিকৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে, যাৰ ফলত কাৰ্যালয়সমূহত একপ্ৰকাৰ নীৰৱ প্ৰতিবাদৰ সৃষ্টি হৈছে।
 
উল্লেখ্য যে, এই পৰিস্থিতি কেৱল মেটা বা লিংকডইনৰ মাজতেই আৱদ্ধ নহয়। সাম্প্ৰতিক তথ্য অনুসৰি, বিগত এটা বছৰত গুগলৰ মাতৃ প্ৰতিষ্ঠান Alphabet, Amazon, Microsoft আৰু Tesla-ৰ দৰে বৃহৎ প্ৰতিষ্ঠানসমূহেও হেজাৰ হেজাৰ কৰ্মচাৰীক ছাটাই কৰিছে। প্ৰযুক্তি জগতৰ বিশেষজ্ঞসকলৰ মতে, কোম্পানীসমূহে এতিয়া Generative AI নিৰ্মাণত বিলিয়ন বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে আৰু ইয়াৰ খৰচ উলিয়াবলৈকে মানৱ কৰ্মচাৰীৰ সংখ্যা দ্ৰুতগতাৰে হ্ৰাস কৰিছে। ইয়াক উদ্যোগটোত Tech Winter অৰ্থাৎ "প্ৰযুক্তিৰ শীতকাল" বুলি আখ্যা দিয়া হৈছে।
 
চাকৰিয়ে প্ৰদান কৰা পূৰ্বৰ নিৰাপত্তাৰ স্থান এতিয়া তীব্ৰ উদ্বেগে দখল কৰিছে। এজন কৰ্মচাৰীয়ে কয়, "মই সাধাৰণতে বাথৰুমত গা ধোৱাৰ সময়ত উচুপি উঠোঁ। কিন্তু অফিচত মই এক সাহসী মুখা পিন্ধি কাম কৰি থাকোঁ।"
 
মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ এতিয়া স্থগিত ৰাখিবলগীয়া হৈছে। নতুন ঘৰ কিনা, বিয়া পতা, সন্তান জন্ম দিয়া, বেংকৰ পৰা ঋণ লোৱা বা পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱা আদি সকলো পৰিকল্পনা এতিয়া অনিশ্চিত। কাৰণ পৰৱৰ্তী তিনিমাহৰ পাছত হাতত দৰমহা থাকিব নে নাই, সেয়া কোনেও নাজানে।
 
প্ৰতিনিধিত্বমূলক ফটো
 
এই সন্দৰ্ভত 'ইণ্ডিয়ান মেণ্টেল হেল্থ এণ্ড ৰিচাৰ্চ চেণ্টাৰ'ৰ সঞ্চালক তথা বিশিষ্ট ক্লিনিকেল চাইক'লজিষ্ট ডাঃ ছাজিদ কাজমিয়ে কয়, "হঠাৎ চাকৰি যোৱা বা চাকৰি যোৱাৰ ভয়টোৱেই জীৱনৰ এক ডাঙৰ মানসিক আঘাত। ইয়াৰ ফলত তীব্ৰ উদ্বেগ, হতাশা, আত্মবিশ্বাসহীনতা আৰু পৰিচয়ৰ সংকটৰ সৃষ্টি হয়।" একেদৰে ACLINIC-ৰ সঞ্চালক ডাঃ অজয়িতাই ইয়াৰ জৈৱিক দিশটো আঙুলিয়াই দি কয়, "দীৰ্ঘদিনীয়া অনিশ্চয়তাই শৰীৰত কৰ্টিছল নামৰ মানসিক চাপ বৃদ্ধিকাৰী হৰমনৰ মাত্ৰা বঢ়াই দিয়ে। আয়ুৰ্বেদত ইয়াক 'বাত বৈষম্য' আৰু আধুনিক চিকিৎসাবিজ্ঞানত 'ক্ৰনিক ষ্ট্ৰেছ ৰেছপনছ' বোলা হয়। ইয়াৰ ফলত শৰীৰ আৰু মনৰ যি ক্ষতি হয়, সেয়া সঁচাকৈয়ে বাস্তৱিক আৰু ভয়ংকৰ।"
 
মহাৰাষ্ট্ৰৰ এগৰাকী স্বতন্ত্ৰ চাইবাৰ নিৰাপত্তা গৱেষক আৰু মেটাৰ সৈতে জড়িত শুভম ভামাৰেয়ে কয়ঃ "মেটাই স্পষ্টভাৱে তেওঁলোকৰ সমগ্ৰ মনোযোগ AI-ৰ ফালে কেন্দ্ৰীভূত কৰিছে। আনকি তেওঁলোকৰ অতি উচ্চাকাংক্ষী ভাৰ্ছুৱেল ৰিয়েলিটী প্ৰকল্প 'মেটাভাৰ্ছ'কো পিছুৱাই দিয়া যেন অনুভৱ হৈছে। কোম্পানীটোৰ চাইবাৰ নিৰাপত্তা দলে আজিকালি সঁহাৰি জনাবলৈ অধিক সময় লৈছে। ইয়াৰ উপৰি তেওঁলোকে এক স্বয়ংক্ৰিয় উত্তৰ ব্যৱস্থাও কাৰ্যকৰী কৰিছে। গতিকে, এইটো এনে এক ক্ষেত্ৰ য'ত AI-এ মানৱ কৰ্মচাৰীৰ স্থান লৈছে।"
 
HR Anexi-ৰ Bots.ai-ৰ নিৰ্দেশক নিখিল অৰোৰাই ইয়াক এক গাঁথনিগত পৰিৱৰ্তন হিচাপে আখ্যা দি কয় যে, "AI-এ পাৰম্পৰিক চাকৰিৰ সংজ্ঞা সলনি কৰিছে। ভৱিষ্যতে কৰ্মচাৰীসকলে AI-ৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে ইয়াৰ সৈতে মিলি কাম কৰিবলৈ শিকিব লাগিব।" আনহাতে, উদ্যোগপতি ৰঘুনন্দন ছাৰাফৰ মতে, প্ৰযুক্তিয়ে কেতিয়াও মানৱীয় সৃজনশীলতা আৰু সহানুভূতিৰ স্থান ল'ব নোৱাৰে। কোম্পানীসমূহে AI ব্যৱহাৰ কৰাৰ লগতে দায়িত্বশীলভাৱে কৰ্মচাৰী পৰিকল্পনাৰ মাজত সমন্বয় ৰক্ষা কৰাটো জৰুৰী। তথাপি, কৰ্মচাৰীসকলে অনুভৱ কৰে যে চাকৰি যোৱাৰ আগতেই তেওঁলোকক একপ্ৰকাৰ মূল্যহীন সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা হৈছে। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
যিটো প্লেটফৰ্মত সমগ্ৰ বিশ্বৰ মানুহে চাকৰি বিচাৰে, সেই লিংকডইনৰ নিজা কৰ্মচাৰীসকলেও এতিয়া অনিশ্চয়তাৰ সন্মুখীন হৈছে। কোম্পানীটোৰ ৰাজহ দুটা অংকত বৃদ্ধি পোৱাৰ পিছতো কেলিফৰ্নিয়াত থকা ৬০০-ৰো অধিক কৰ্মচাৰীক ছাটাই কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বাতৰি অনুসৰি, এই ছাটাই লিংকডইনৰ বিশ্বব্যাপী কৰ্মচাৰীৰ প্ৰায় ৫ শতাংশ হ'ব পাৰে। এক আভ্যন্তৰীণ মেমোত মুখ্য কাৰ্যবাহী বিষয়া ডেনিয়েল শ্বেপিৰোৱে দীৰ্ঘম্যাদী বিনিয়োগৰ কথা উল্লেখ কৰিছে। কোম্পানীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে AI-ক কাৰণ হিচাপে দৰ্শোৱা হোৱা নাই যদিও, ছিলিকন ভেলীৰ চতুৰ কৰ্মচাৰীসকলে প্ৰকৃত সত্যটো ভালদৰেই বুজি উঠিছে।
 
বছৰ বছৰ ধৰি এই প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে কৰ্মচাৰীসকলক যি নিৰাপদ জীৱনৰ প্ৰতিশ্ৰুতি দি আহিছিল, সেয়া আজি ধোঁৱা হৈ বতাহত মিলি গৈছে। পৰিস্থিতি এনেকুৱা হৈছে যে কোম্পানীয়ে ছাটাই নকৰিলেও বহু কৰ্মচাৰীয়ে কেৱল মানসিক শান্তিৰ স্বাৰ্থতেই নিজে আন চাকৰিৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ এই মুহূৰ্তৰ তীব্ৰ অনিশ্চয়তা আৰু শংকাৰ সৈতে প্ৰতিদিনে জীয়াই থকাটো তেওঁলোকৰ বাবে অসহনীয় হৈ পৰিছে। মেটাৰ এজন কৰ্মচাৰীয়ে আক্ষেপ কৰি কোৱাৰ দৰে, "AI.-ৰ বাবে আমাৰ চাকৰি এতিয়াও যোৱা নাই যদিও, আগতীয়াকৈ আমাক মূল্যহীন কৰি পেলোৱা হৈছে।"
 
এই প্ৰতিষ্ঠানসমূহত আজিও দৰমহা আকাশলংঘী আৰু কাৰ্যালয়ৰ চৌহদবোৰ আগৰ দৰেই জাকতজিলিকা; কিন্তু ইয়াৰ সৈতে এদিন যি অমূল্য 'মানসিক শান্তি' জড়িত হৈ আছিল, সেয়া আজি নীৰৱে বাবে নোহোৱা গ’ল। এদিন যি স্থানক সৰ্বোচ্চ সফলতাৰ শিখৰ বুলি ভবা হৈছিল, আজি সেই একেখন স্থানতেই চাকৰি যোৱাৰ ভয়তকৈয়ো হেৰাই যোৱা মানসিক শান্তিৰ যন্ত্ৰণাই কৰ্মচাৰীসকলক বৰকৈ দগ্ধ কৰিছে। এয়াই হয়তো আধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যুগৰ আটাইতকৈ নিষ্ঠুৰ বাস্তৱ।