এটা মজলীয়া আকাৰৰ কণী পুষ্টিকৰ পদাৰ্থৰে ভৰপূৰ।
কলকাতাৰ চিকিৎসক দেৱদীপ দত্তই কয় যে, এটা মজলীয়া আকাৰৰ কণীত প্ৰায় ৬৬ কেল'ৰি, ৬.৪ গ্ৰাম প্ৰ'টিন, আৰু ৪.৬ গ্ৰাম চৰ্বি থাকে। এই চৰ্বিৰ ভিতৰত ১.৭ গ্ৰাম স্বাস্থ্যকৰ অসংপৃক্ত চৰ্বি। কণীত ক’লিন, ফ’লেট, ভিটামিন ডি, আয়’ডিন আদিও থাকে, যাৰ বাবে ই এক সুলভ আৰু পুষ্টিকৰ খাদ্য।
পুষ্টিৰ তত্বাৱধায়ক তথা লেখিকা অদিতি বিশ্বাসে কয় যে, কুকুৰাৰ কণীত ভিটামিন এ, ডি, আৰু বি ১২ প্ৰচুৰ পৰিমাণে থাকে, যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, হাড়ৰ স্বাস্থ্য আৰু ৰক্তকণিকা গঠনৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে, ক'লিন হৈছে মগজুৰ বিকাশ, যকৃতৰ কাৰ্য্যক্ষমতা, বিপাকীয় ক্ৰিয়াত সহায় কৰা এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান।
কণীক লৈ প্ৰায়ে সমালোচনা কৰা হৈ আহিছে কাৰণ এটা কণীত প্ৰায় ২১০ মিলিগ্ৰাম ক'লেষ্টেৰ'ল থাকে। অৱশ্যে এতিয়া বিশেষজ্ঞসকলে কয় যে, সম্প্ৰতি এই আখ্যানৰ সলনি হৈছে।
প্ৰতিনিধিত্বমুলক ফটো
বিশ্বাসে ব্যাখ্যা কৰে যে, কণীৰ পৰা মানুহে পোৱা কলেষ্টেৰ'লে তেজৰ কলেষ্টেৰ'লৰ মাত্ৰাত পূৰ্বতে বিশ্বাস কৰা ধৰণে প্ৰভাৱ নেপেলায়। তেওঁৰ মতে, সংপৃক্ত চৰ্বি আৰু অত্যাধিক নিমখ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ ডাঙৰ কাৰণ।
তেওঁ লগতে কয় যে, মজলীয়া আকাৰৰ এটা কণী খোৱাৰ ফলত বেছিভাগ সুস্থ লোকৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি নহয়। ডাঃ দত্ত তেওঁৰ এই মতত একমত।
ডাঃ দত্ত কয় যে, কণী খোৱাৰ পিছত মুঠ কলেষ্টেৰ'লৰ মাত্ৰা সামান্য বৃদ্ধি পাব পাৰে যদিও এইচ ডি এল বা "ভাল কলেষ্টেৰ'ল"ও বৃদ্ধি পায়। ইয়াৰ বাবেই সামগ্ৰিকভাৱে লিপিডৰ অনুপাত সুস্থিৰ হৈ থাকে, আৰু এই অনুপাতক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নত সূচক বুলি গণ্য কৰা হয়।
তেওঁ লগতে কয় যে, বহু লোকে ভুলকৈ হাঁহৰ কণী অস্বাস্থ্যকৰ বুলি গণ্য কৰে। তেওঁৰ মতে হাঁহৰ কণীৰ এলবুমিনত মিথিঅ'নিন, থ্ৰেঅ'নিন, ট্ৰিপ্ট'ফেন, চালফাৰযুক্ত এমিনো এচিডৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে।
প্ৰতিনিধিত্বমুলক ফটো
ডায়েটিচিয়ান তথা পুষ্টিবিদ জয়তী বসুৱে কণীক কিয় প্ৰায়ে 'ছুপাৰফুড' বুলি গণ্য কৰা হয় সেই বিষয়ে বুজাই দিছে। তেওঁ কণীত থকা উচ্চমানৰ প্ৰ'টিন আৰু এমিনো এচিডে পেশী মেৰামতি আৰু বৃদ্ধিত সহায় কৰে বুলিও উল্লেখ কৰে। ক'লিনে মগজুৰ কাৰ্য্যকলাপত সহায় কৰে, আনহাতে এন্টিঅক্সিডেন্টে চকুৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰে। কণীত থকা প্ৰ'টিনেও মানুহক বেছি দিন পূৰ্ণ অনুভৱ কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কণীত ভিটামিন ডিৰ প্ৰচুৰ উৎসও থাকে, যিয়ে হাড় শক্তিশালী কৰি ৰখাত সহায় কৰে, আৰু ইয়াত কম পৰিমাণৰ আইৰণও থাকে।
চিকিৎসক দত্তই লগতে উল্লেখ কৰে যে, গৰ্ভাৱস্থাত কণী বিশেষভাৱে উপযোগী কাৰণ ফ'লেট আৰু আয়'ডিনে স্নায়ু নলীৰ বিসংগতি প্ৰতিৰোধ কৰাত সহায় কৰে আৰু শিশুৰ মগজুৰ বিকাশত সহায় কৰে।
বিশেষজ্ঞসকলে জনায় যে, এজন ব্যক্তিয়ে কিমান কণী খাব লাগে সেয়া ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।
বিশ্বাসে পৰামৰ্শ দিয়ে যে, সুস্থ প্ৰাপ্তবয়স্কসকলে প্ৰতিদিনে এটাৰ পৰা দুটা কণী নিৰাপদে খাব পাৰে। কিন্তু ডায়েবেটিছ বা উচ্চ কলেষ্টেৰল ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি সপ্তাহত প্ৰায় তিনিটাৰ পৰা চাৰিটা কণী খাব পাৰে।
প্ৰতিনিধিত্বমুলক ফটো
ডাঃ দত্তই আঙুলিয়াই দিয়ে যে, বেছিভাগ সুস্থ ব্যক্তিৰ বাবে মধ্যমীয়াকৈ কণী খোৱা (প্ৰতি সপ্তাহত প্ৰায় এটাৰ পৰা চাৰিটা কণী খোৱা) অভ্যাসে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। কিন্তু অতিপাত কণী খোৱা অৰ্থাৎ সপ্তাহত ১০ টাতকৈ অধিক খোৱাৰ ফলত ইয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
সামগ্ৰিকভাৱে কণী পুষ্টিকৰ, সুলভ আৰু বহু ধৰণে ৰান্ধিব পাৰি যদিও মধ্যমীয়াকৈ সেৱন কৰাটোও অতি গুৰুত্বপূৰ্ণ। পুষ্টিবিদ বসুৱে শেষত কয় যে, প্ৰতিজন ব্যক্তিয়ে দৈনন্দিন খাদ্য তালিকাত অন্ততঃ এটা কণী অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু হৃদযন্ত্ৰ বা বৃক্কৰ সমস্যা থকা লোকসকলে ইয়াক কোৱাৰ পূৰ্বে খাদ্য বিশেষজ্ঞৰ সৈতে পৰামৰ্শ লোৱাটো প্ৰয়োজন।