VIDEO
আৱাজ-দ্য ভইচ' ৰ সৈতে হোৱা এক বাৰ্তালাপত মুছফিকা হুছেইনে কয়, "মই সৰুৰেই পৰাই এম্ব্ৰোইদাৰীৰ দৰে হস্তশিল্পৰ কামবোৰ কৰি ভাল পাইছিলো। শিক্ষকতাৰ কামৰ মাজতে আজৰি সময়ত ঘৰতে সৰু সুৰাকৈ এই কামবোৰ কৰিছিলো। কিন্তু এবাৰ এখন প্ৰদৰ্শনীত ৰিবন এম্ব্ৰোইদাৰী দেখাৰ পিছত এই কলাৰ প্ৰতি মোৰ বিশেষ আগ্ৰহ জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই মই নিজে এই কাম কৰা আৰম্ভ কৰিছিলোঁ। মই বিভিন্ন ধৰনৰ ডিজাইনেৰে ৰিবন এম্ব্ৰোইদাৰী কৰি আছিলো। এইবেলি বহাগ বিহু উপলক্ষে মই কিছুমান সামগ্ৰীত কাপৌ ফুলৰ আকৰ্ষণীয় ডিজাইনেৰে ৰিবন এম্ব্ৰোইদাৰী কৰিছো। যিবোৰ গ্ৰাহকৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ এই সুন্দৰ প্ৰতীকসমূহে সামগ্ৰীবোৰক অধিক আকৰ্ষণীয় কৰি তুলিছে আৰু উপহাৰ হিচাপে এক বিশেষ মৰ্যাদাও লাভ কৰিছে।"
ৰিবন এম্ব্ৰোইদাৰী আৰু সাধাৰণ এম্ব্ৰোইদাৰীৰ মাজত বিশেষ পাৰ্থক্য নাথাকে যদিও ৰীবন এম্ব্ৰোইদাৰীটো 3D এম্ব্ৰোইদাৰী হোৱাৰ বাবেই এই এম্ব্ৰোইদাৰী কৰিবলৈ সময়ৰ লগতে যথষ্টখিনি কষ্টও হয়। কিয়নো ইউটিউবৰ পৰা চাই কোনো ডিজাইনৰ ৰেপ্লিকা বনাব নোৱাৰি, এই ক্ষেত্ৰত সদায়ে নিজৰ কৌশল আৰু নিজৰ উদ্ভাৱন লাগিব।
মুছফিকা হুছেইনে কৰা এম্ব্ৰোইদাৰী
মুছফিকাই কয়, "মই এই এম্ব্ৰোইদাৰীৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰা নাই। মই ইউটিউবৰ পৰা চাই চাইয়ে এই এম্ব্ৰোইদাৰী কৰিবলৈ শিকিছিলো আৰু যিবোৰ ডিজাইন আৰু কৌশল মোৰ বাবে সুবিধাজনক হয় মই প্ৰথমে সেইবোৰে কৰিবলৈ লৈছিলো। মই নিজৰ কৌশলেৰে নিজে ডিজাইন উদ্ভৱ কৰি এই এম্ব্ৰোইদাৰীৰ কৰি আহিছো। এম্ব্ৰোইদাৰীৰ বাবে মই সদায় উন্নত মানৰ কাপোৰ ব্যৱহাৰ কৰো আৰু মই মোৰ কাম নিখুঁতভাৱে কৰিব বিচাৰো। যাতে মোৰ গ্ৰাহকসকলে ভাল পাই। মই ইউটিউবৰ পৰা মাত্ৰ ডিজাইনবোৰৰ কৌশলহে অনুসৰণ কৰো, কিন্তু কেতিয়াও সেইবোৰৰ ৰেপ্লিকা নবনাওঁ। মই সদায়ে নিজৰ কৌশল আৰু নিজৰ উদ্ভাৱনেৰে নতুন ডিজাইন প্ৰস্তুত কৰি এম্ব্ৰোইদাৰীবোৰ কৰি আহিছো। মই বিভিন্ন সময়ত অনুষ্ঠান পাৰ্বনৰ লগত মিলাই নিজৰ ফালৰ পৰা ডিজাইন প্ৰস্তুত কৰাৰ চেষ্টা কৰিছো। সেয়েহে এইবেলি মই বিহু উপলক্ষে কপৌফুলৰ ডিজাইনেৰে ৰিবন এম্ব্ৰোইদাৰী কৰি উলিয়াইছো। তদুপৰি মই মেখেলা-চাদৰতো ৰিবন এম্ব্ৰোইদাৰীৰে নতুনত্ব অনাৰ কথা চিন্তা কৰি আছো।"
মুছফিকাই ৰানাৰ, টেবুল ক্লথ, বেগ, কুছন কভাৰ, চোফা কভাৰ, ডাইনিং মেট আৰু ফটো ফ্ৰেম, আদি বিভিন্ন সামগ্ৰী প্ৰাকৃতিক ডিজাইনেৰ ৰিবন এম্ব্ৰোইদাৰীৰে প্ৰস্তুত কৰি উলিয়াইছে। লগতে তেওঁ ডেকোৰেটিভ কেণ্ডেল বনোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এই ক্ষেত্ৰতো কাম আৰম্ভ কৰি আছে। মুছফিকাই কয়, "ৰিবন এম্ব্ৰোইদাৰী সম্পূৰ্ণ হাতেৰে কৰিব লাগে। মই সাধাৰণতে প্ৰাকৃতিক ডিজাইন ক্ৰমে ফুল, গছ লতিকা, চৰাই আদিৰ ডিজাইনো প্ৰস্তুত কৰি আহিছো।"
সম্প্ৰতি মুছফিকাই মালিগাঁও শান্তি সভা ভৱনত অনুষ্ঠিত ব’হাগী মেলাত অংশগ্ৰহণ কৰি নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে, য’ত তেওঁ গ্ৰাহকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। যদিও তেওঁৰ সামগ্ৰীৰ চাহিদা গ্ৰাহকৰ মাজত দেখা যায় তথাপিও তেওঁ কয় যে, অসমত হাতে বনোৱা সামগ্ৰীৰ বজাৰ এতিয়াও সীমিত। ইয়াৰ মূল কাৰণ হৈছে সামগ্ৰীৰ মূল্য। কিয়নো মানুহৰ মাজত এটা ধাৰণা আছে যে, হাতে বনোৱা সামগ্ৰীত কিয় ইমান দাম ল'ব লাগে। কিন্তু এম্ব্ৰোইদাৰী কৰা যিকোনো সামগ্ৰীয়ে দেখিবলৈ যিমান ভাল হয়, তাত বনোৱা ব্যক্তিগৰাকীৰ কষ্টও সিমানে বেছি হয়। সেয়েহে সকলো মানুহে এই সামগ্ৰীবোৰ ক্ৰয় কৰিব নিবিচাৰে। এক বিশেষ শ্ৰেণীৰ লোকেহে ক্ৰয় কৰি আহিছে।
মুছফিকা হুছেইনে প্ৰস্তুত কৰা ডেকোৰেটিভ কেণ্ডেল
মুছফিকাই কয়, "এতিয়ালৈ মই বিভিন্ন প্ৰকাৰৰ ৰানাৰ, টেবুল ক্লথ, বেগ, পোটলী বেগ, মোবাইল বেগ, কুছন কভাৰ, চোফা কভাৰ, ডাইনিং মেট, ফটো ফ্ৰেম আদিত ৰিবোনেৰে কৰি প্ৰস্তুত কৰি উলিয়াইছো। মই মেটেকাৰ বেগত বিভিন্ন আকৰ্ষনীয় ডিজাইন ব্যৱহাৰ কৰি ৰিবন এম্ব্ৰোইদাৰী কৰি উলিয়াইছো। মোৰ সামগ্ৰীৰ বজাৰ বুলি ক'লে সাধাৰনতে প্ৰদৰ্শনী, বন্ধু বান্ধৱীৰ গ্ৰুপ, পৰিয়াল আৰু আত্মীয় আদিৰ জৰিয়তে প্ৰসাৰিত হৈছে। মই সামাজিক মাধ্যমত ফেচবুকত 'Musfika's Ribbon Art' আৰু ইনষ্টাগ্ৰামত থকা পেজ 'musfika hussain05'ৰ জৰিয়তে বহু অৰ্ডাৰ লাভ কৰি আহিছো। বৰ্তমান মোৰ সামগ্ৰী শিলপুখুৰীৰ 'ক্ৰিয়েটিভ হেণ্ড' নামৰ এখন বিপণীতো উপলব্ধ। মই ৰিবন এম্ব্ৰোইদাৰীৰে প্ৰস্তুত কৰা মোবাইল বেগ ৩৫০ টকা, টেবুল ক্লথ ৮০০-৯০০ টকা, কুছন কভাৰ ৪০০-৪৫ টকা, ৩পিচ ছেট ৮০০-৭০০ টকা, ৰানাৰ্ছ এখন ৬৫০ টকা, ডাইনিং মেট ১৬০০ টকা, চোফা কভাৰ ১৬০০ টকা পৰ্যন্ত হয়।"
মানুহৰ যদি কোনো ধৰনৰ চখ থাকে, তেন্তে সেই চখেৰেও তেওঁ উপাৰ্জনৰ এক পথ সৃষ্টি কৰিব পাৰে, যিটো কোনো অপৰাধ নহয় বুলি গৃহিণী মহিলাসকলক উদ্দেশ্যি মুছফিকাই কয় যে, "আজিকালি মানুহে ঘৰত বহিয়ে উপাৰ্জন কৰিব পাৰে। এনেকুৱা বহু মহিলা আছে, যিসকলৰ নিজৰ বহুত প্ৰতিভা আছে, কিন্তু তেওঁলোকে নিজকে গৃহিনী বুলি স্বীকৃতি দি সময়ৰ নাটনিৰ অজুহাত দেখুৱাই ঘৰৰ কামৰ মাজতে নিজকে আৱদ্ধ কৰি ৰাখিছে। কিয়নো তেওঁলোকে ভাৱে যে, কাম কৰিবলৈ হ'লে ঘৰৰ পৰা বাহিৰলৈ যাব লাগিব। কিন্তু মই ক'ব বিচাৰো যে, ইচ্ছা থাকিলে মহিলাসকলে ঘৰতে থাকি কাম কৰিব পাৰে আৰু উপাৰ্জনো কৰিব পাৰে।"
হস্তশিল্পৰ লগতে বাগিছা তথা ৰান্ধি ভালপোৱা মুছফিকাই অতি নূন্যতম মূলধেনেৰে ৰিবন এম্ব্ৰোইদাৰীৰ কাম আৰম্ভ কৰিছিল আৰু সম্প্ৰতি ১ৰ পৰা ২লাখ টকালৈ উপাৰ্জন কৰি আহিছে। তেওঁ কয় যে, ৰিবন এমব্ৰইদাৰীৰ বা অন্যন্য যিকোনো হস্তশিল্পৰ কাম কৰি যিকোনো ব্যক্তিয়ে স্বাৱলম্বী হব পাৰে। কিন্তু ইয়াৰ বাবে অলপ কষ্ট কৰিব লাগিব। কিয়নো এই কলাৰ চাহিদা অসম তথা ভাৰতৰ তুলনাত আন্তঃৰাষ্ট্ৰীয় বজাৰত বহু বেছি। বৰ্তমান সামাজিক মাধ্যমৰ যুগত মানুহে ঘৰত বহিয়ে উপাৰ্জন কৰি স্বাৱলম্বী হব পাৰে। মুছফিকাই ২০২২ বৰ্ষত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ১২ গৰাকী মহিলাৰ এটা গোটক ৰিবন এমব্ৰিদাৰীৰ প্ৰশিক্ষণো প্ৰদান কৰিছিল। ভৱিষ্যতলৈ তেওঁ আগ্ৰহী লোকসকলক প্ৰশিক্ষণ দিবলৈও সাজু বুলি মন্তব্য কৰিছে।