হজ ২০২৬: হজযাত্ৰীৰ বাবে ছৌদি আৰৱত কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সেৱা মুকলি

Story by  atv | Posted by  Nikunja Nath • 4 h ago
হজ-২০২৬ত কথা কোৱা ৰবট
হজ-২০২৬ত কথা কোৱা ৰবট
 
মক্কা
 
সমগ্ৰ বিশ্বৰ হজযাত্ৰীসকলৰ সুবিধাৰ্থে ছৌদি আৰৱে অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা বা AI-ভিত্তিক সেৱা আৰম্ভ কৰিছে। প্ৰথমবাৰৰ বাবে, কৰ্তৃপক্ষই আল-খাৰ্জৰ "জিউফ আল-ৰহমান সেৱা কেন্দ্ৰ"ত এটা কথা ক’ব পৰা ৰবট মোতায়েন কৰিছে। এই ৰবটটোৱে ৬৯ টা ভাষাত কথা পাতিব পাৰে আৰু হজযাত্ৰীসকলৰ সাধাৰণ প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰে।
 
অভিযন্তা ওছামা আল-চামিৰিয়ে প্ৰস্তুত কৰা এই ৰবটটোক হজযাত্ৰীসকলক তেওঁলোকৰ নিজা ভাষাত নিৰ্দেশনা দিব পৰাকৈ সাজি উলিওৱা হৈছে। ইয়াৰ ফলত অনুবাদকৰ প্ৰয়োজনীয়তা হ্ৰাস পাব আৰু বিভিন্ন দেশৰ পৰা অহা হজযাত্ৰীসকলে ভাষাৰ বাবে সন্মুখীন হোৱা বাধা আঁতৰ হ’ব।
 
প্ৰতি বছৰে আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু অন্যান্য অঞ্চলৰ পৰা লাখ লাখ মুছলমান লোকে হজৰ বাবে চৌদি আৰৱ ভ্ৰমণ কৰে। তেওঁলোকৰ মাজৰ বহুতেই আৰবী বা ইংৰাজী ভাষা নাজানে। এই বহুভাষিক ৰবটটোৰ লক্ষ্য হৈছে তেওঁলোকৰ যাত্ৰাটোক অধিক সহজ আৰু সুচল কৰি তোলা।
৫০,০০০ বৰ্গ মিটাৰতকৈও অধিক এলেকাত বিয়পি থকা "জিউফ আল-ৰহমান সেৱা কেন্দ্ৰ"টোৱে একেলগে ৩৫,০০০ হজযাত্ৰীক আশ্ৰয় দিব পাৰে। মক্কালৈ যোৱা মূল পথত অৱস্থিত এই কেন্দ্ৰটোৱে পথযোগে অহা তীৰ্থযাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আদৰণি কেন্দ্ৰ হিচাপে কাম কৰে। ইয়াত তেওঁলোকে পবিত্ৰ মছজিদ (Grand Mosque) অভিমুখে যোৱাৰ পূৰ্বে প্ৰয়োজনীয় নিৰ্দেশনা আৰু অত্যাৱশ্যকীয় সেৱাসমূহ লাভ কৰে।
 
আন এক প্ৰযুক্তিগত পদক্ষেপ হিচাপে, চৌদি আৰৱৰ ৰাজহুৱা পৰিবহণ কৰ্তৃপক্ষই মদিনাৰ কুবা মছজিদৰ চোতালত "ৰবোবাছ" (Robobus) নামৰ এখন স্বয়ংক্ৰিয় শ্বাটল বাছৰ পৰীক্ষণ আৰম্ভ কৰিছে। এই প্ৰকল্পটো দেশখনৰ চালকবিহীন ৰাজহুৱা পৰিবহণ প্ৰযুক্তিৰ প্ৰথমটো পৰীক্ষা।
AI-চালিত এই বাছখনত চেঞ্চৰ আৰু উচ্চমানৰ কেমেৰা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ জৰিয়তে বাছখনে চৌপাশৰ পৰিৱেশ নিৰীক্ষণ কৰিব পাৰে, ৰাস্তা সহজতে উলিয়াব পাৰে, খোজকাঢ়ি যোৱা লোকক চিনাক্ত কৰিব পাৰে আৰু মানুহ চালক নোহোৱাকৈয়ে সুৰক্ষিতভাৱে চলিব পাৰে।
 
বৰ্তমান এই ৰবোবাছখন কুবা মছজিদ চৌহদৰ ভিতৰত এটা নিৰ্দিষ্ট ৭০০ মিটাৰ পথত চলাচল কৰিছে। পুৰুষ আৰু মহিলা তীৰ্থযাত্ৰীসকলে ব্যৱহাৰ কৰা প্ৰৱেশদ্বাৰৰ ওচৰত ইয়াৰ ৰখিব পৰা ঠাই (ষ্টপেজ) আছে। পৰীক্ষামূলক পৰ্যায়ত থকা এই বাছখন বৰ্তমান গ’ল্ফ ক'ৰ্টৰ বাবে নিৰ্ধাৰিত পথৰ কাষেৰে নিজৰ নিৰ্দিষ্ট পথতে চলাচল কৰি আছে।