দুদিনীয়া ৰাষ্ট্ৰীয় ভ্ৰমণসূচীৰে আজি ছিচিলিলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া ৰাষ্ট্ৰীয় ভ্ৰমণত পূব আফ্ৰিকাৰ দ্বীপ ৰাষ্ট্ৰ ছিচিলিলৈ ৰাওনা হয়। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা, স্থিতিশীলতা আৰু সমৃদ্ধি নিশ্চিত কৰাৰ ক্ষেত্ৰত নতুন গতি আনিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। 
 
২৭ জুনৰ পৰা ২৯ জুনলৈ অনুষ্ঠিত এই ভ্ৰমণৰ পূৰ্বে জাৰি কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে তেওঁ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে বিস্তৃত আলোচনা কৰিব।
 
তেওঁ কয়, “২০২৬ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি হাৰ্মিনীৰ ভাৰত ভ্ৰমণৰ সফলতাৰ ওপৰত ভিত্তি কৰি আমাৰ দীৰ্ঘদিনীয়া বন্ধুত্বক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এইবাৰৰ আলোচনালৈ মই আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। দুয়োখন দেশৰ জনসাধাৰণৰ উন্নয়ন, লগতে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা আৰু সমৃদ্ধি নিশ্চিত কৰাৰ দিশত আমি একেলগে কাম কৰিম।”
 
ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদ্‌যাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ কৰিছে। 
 
মোদীয়ে ছিচিলিক ভাৰতৰ এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক প্ৰতিবেশী আৰু ‘ভিজন মহাসাগৰ’ (Vision MAHASAGAR) উদ্যোগৰ অন্যতম প্ৰধান অংশীদাৰ বুলি উল্লেখ কৰিছে। তেওঁ লগতে কয় যে, গ্লোবেল চাউথৰ দেশসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো দুয়োখন দেশৰ দৃষ্টিভংগী একে।
 
তেওঁ উল্লেখ কৰে যে, এই বছৰ ভাৰত আৰু ছিচিলিৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ হৈছে। পাৰস্পৰিক আস্থা, গণতান্ত্ৰিক মূল্যবোধ, বৈচিত্ৰ্যৰ প্ৰতি সন্মান আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ গভীৰ সম্পৰ্কৰ ওপৰত এই বন্ধুত্বৰ ভেটি গঢ়ি উঠিছে।
 
এই ভ্ৰমণৰ এক ঐতিহাসিক দিশৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ছিচিলিৰ ৰাষ্ট্ৰীয় সংসদ (National Assembly)ত ভাষণ আগবঢ়োৱা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে তেওঁ ইতিহাস ৰচিব। তেওঁ কয়, “এই ঐতিহাসিক সুযোগে আমাৰ দুয়োখন দেশক একত্ৰিত কৰি ৰখা শক্তিশালী গণতান্ত্ৰিক মূল্যবোধ আৰু সংসদীয় পৰম্পৰাক প্ৰতিফলিত কৰে।” 
 
ইয়াৰ উপৰিও, ছিচিলিত বসবাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও তেওঁ মত-বিনিময় কৰিব। তেওঁলোকক ভাৰত আৰু ছিচিলিৰ মাজৰ বন্ধুত্বৰ ‘জীৱন্ত সেতু’ বুলি অভিহিত কৰি মোদীয়ে কয় যে, বহু প্ৰজন্ম ধৰি তেওঁলোকে দুয়োখন দেশৰ সম্পৰ্ক অধিক মজবুত কৰি আহিছে।
 
প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে, এই ভ্ৰমণে ভাৰত-ছিচিলি সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব, ভাৰত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা অধিক শক্তিশালী কৰিব আৰু এক নিৰাপদ, শান্তিপূৰ্ণ আৰু সমৃদ্ধ ভাৰত মহাসাগৰ গঢ়ি তোলাৰ দুয়োখন দেশৰ অভিন্ন লক্ষ্য পূৰণত সহায়ক হ'ব। 
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (MEA)ৰ তথ্য অনুসৰি, ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এটা দল আৰু ভাৰতীয় নৌসেনাৰ দুখন যুদ্ধজাহাজ অংশগ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সহযোগিতাৰ সম্পৰ্ক পুনৰবাৰ স্পষ্ট হৈ পৰিব।  
 
ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীয়ে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব। এই বৈঠকত ভাৰত-ছিচিলিৰ সহযোগিতাৰ সকলো দিশ পুনৰীক্ষণ কৰাৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ত মত বিনিময় কৰিব।