জিম্বাব’ৱেত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Months ago
জিম্বাব’ৱেত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ জনৰ মৃত্যু
জিম্বাব’ৱেত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ জনৰ মৃত্যু
 
নতুন দিল্লী
 
দক্ষিণ আফ্ৰিকাৰ জিম্বাব’ৱেত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। 'কৰিবা হ্ৰদ'ত  প্ৰায় ৯৫ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী নাও হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হৈ পানীত ডুব যায়।
 
এই ভয়াৱহ দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হৈছে।  এই ঘটনাত বৰ্তমানলৈকে  ২৭ জনতকৈয়ো অধিক যাত্ৰী সন্ধানহীন হৈ আছে।  প্ৰাপ্ত তথ্য অনুসৰি, হ্ৰদটোৰ মাজমজিয়াত অহা প্ৰচণ্ড ঢৌৰ খুন্দাত নাওখন নিয়ন্ত্ৰণহীন হৈ ওলট পালট হৈ পৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় প্ৰশাসন, জৰুৰীকালীন উদ্ধাৰকাৰী দল আৰু আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
 
উল্লেখযোগ্য যে, উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে ৭৭ গৰাকী যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত অঞ্চলটোত সেনাৰ হেলিকপ্টাৰ আৰু চাব-একুৱা ইউনিটৰ ডাইভাৰসকলে সন্ধানহীন যাত্ৰীসকলৰ সন্ধানত সঘন তালাচী অব্যাহত ৰাখিছে। প্ৰশাসনে ঘটনাটোৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে।


শেহতীয়া খবৰ