হৰমুজত মালবাহী জাহাজত ভয়ংকৰ টৰ্পেডো আক্ৰমণ; এজন ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু

Story by  atv | Posted by  [email protected] • 43 m ago
হৰমুজত মালবাহী জাহাজত ভয়ংকৰ টৰ্পেডো আক্ৰমণ
হৰমুজত মালবাহী জাহাজত ভয়ংকৰ টৰ্পেডো আক্ৰমণ
 
নতুন দিল্লী
 
ওমান উপকূলৰ সমীপৱৰ্তী হৰমুজ প্ৰণালীত এখন মালবাহী জাহাজত এক ভয়ংকৰ টৰ্পেডো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই অনাকাংক্ষিত আৰু ভয়াবহ আক্ৰমণত সূৰজ যাদৱ নামৰ এগৰাকী ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, আক্ৰমণৰ সময়ত জাহাজখনত মুঠ ২৮ জন ক্ৰু সদস্য উপস্থিত আছিল, যাৰ ভিতৰত ২০ জনেই আছিল ভাৰতীয় মূলৰ।
 
প্ৰকাশিত খবৰ অনুসৰি, এমভি কেপ ডাও নামৰ এণ্টিগুৱা আৰু বাৰবুডাৰ পতাকাবাহী এই মালবাহী জাহাজখনে বুধবাৰে ওমানৰ সমীপৰ হৰমুজৰ পৰা ভাৰত অভিমুখে যাত্ৰা কৰি থকা অৱস্থাতে এই আক্ৰমণৰ বলি হয়। এই ঘটনাত প্ৰাণ হেৰুওৱা সূৰজ যাদৱ উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ বাসিন্দা আছিল আৰু তেওঁ জাহাজখনত ‘ৱাইপাৰ’ হিচাপে কৰ্মৰত আছিল।
 
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, দুৰ্বৃত্তই জাহাজখনক লক্ষ্য কৰি দুটাকৈ শক্তিশালী টৰ্পেডো নিক্ষেপ কৰিছিল। ইয়াৰে এটা টৰ্পেডোৱে জাহাজখনৰ বাওঁফালে থকা আৱাসিক অংশত আঘাত হনাৰ বিপৰীতে আনটোৱে বাওঁফালৰ ইঞ্জিন কক্ষত বিস্তৰ ক্ষতিসাধন কৰে। এই আক্ৰমণৰ লগে লগে জাহাজখনত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলস্বৰূপে, জাহাজখনৰ বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে আৰু ইয়াৰ দিশ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও হেৰাই যায়। এই আক্ৰমণতেই মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পিছলৈ সূৰজ যাদৱৰ মৃত্যু হয়। ইয়াৰ লগতে জাহাজখনত থকা আন এজন ভাৰতীয় চতুৰ্থ অভিযন্তাও সামান্যভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে, দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ওমানৰ উপকূলৰক্ষী বাহিনীয়ে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু জাহাজখনৰ সকলো ক্ৰু সদস্যক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আটাইকে ওমানৰ এক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
 
এই সমগ্ৰ ঘটনা সন্দৰ্ভত ওমানস্থিত ভাৰতীয় দূতাবাসে ছচিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দূতাবাসে এক বিবৃতিত কয়, “ভাৰত অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত আজি এমভি কেপ ডাওত সংঘটিত হোৱা আক্ৰমণৰ ওপৰত আমি তীক্ষ্ণ নজৰ ৰাখিছোঁ। জাহাজখনত থকা সকলো ক্ৰু সদস্যৰ লগতে বাকী ১৯ জন ভাৰতীয়ৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি ওমানৰ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি চলিছোঁ। এই আক্ৰমণত এজন ভাৰতীয় নাবিকৰ মৃত্যু হোৱা ঘটনাত আমি গভীৰভাৱে মৰ্মাহত হৈছোঁ আৰু মৃতকৰ পৰিয়ালবৰ্গলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।”
 
লগতে, সামুদ্ৰিক প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি, ভাৰতীয় দূতাবাসে আৰপিএছএলৰ সৈতে সমন্বয় ৰক্ষা কৰি মৃত নাবিকজনৰ পৰিয়ালক এই দুখবৰটো ইতিমধ্যে অৱগত কৰিছে আৰু সকলো প্ৰয়োজনীয় সহায়ৰ বাবে তেওঁলোকৰ সৈতে নিৰন্তৰ যোগাযোগত আছে।