নতুন দিল্লী
ইজৰাইলৰ সংসদীয় নিৰ্বাচনৰ ভোট গণনাৰ পিছতো দেশখনত সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ এতিয়াও অন্ত পৰা নাই। এনে এক জঁট লগা পৰিস্থিতিৰ মাজতেই ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বী তথা বিৰোধী নেতা গাডি আইজেনকটক চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছে।
ৰাষ্ট্ৰপতিৰ এই আমন্ত্ৰণ মৰ্মে আইজেনকটে সংসদত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰি চৰকাৰ গঠন কৰিবলৈ ২৮ দিনৰ সময় লাভ কৰিছে। প্ৰয়োজনসাপেক্ষে ৰাষ্ট্ৰপতিয়ে তেওঁক অতিৰিক্ত ১৪ দিনৰ সময় প্ৰদান কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ পৰা এই গুৰুত্বপূৰ্ণ আমন্ত্ৰণ লাভ কৰাৰ পিছত প্ৰাক্তন সেনা প্ৰধান আইজেনকটে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰ গঠনৰ ক্ষেত্ৰত গভীৰ আশাবাদ ব্যক্ত কৰিছে। তেওঁ লিখিছে, “এতিয়া এখন ৰাষ্ট্ৰীয় জৰুৰীকালীন চৰকাৰ গঠন কৰাৰ উপযুক্ত সময়। আমি ইয়াৰ যোগ্য হ’ম আৰু সেইটো নিশ্চিত কৰিবলৈ মই মোৰ সামৰ্থ্য অনুসৰি সকলো কৰিম।”
ইজৰাইলৰ বিধায়িনী দল ‘নেচেট’ৰ মুঠ আসনৰ সংখ্যা হৈছে ১২০খন। ইয়াৰে চৰকাৰ গঠনৰ বাবে প্ৰয়োজন মেজিক সংখ্যা অৰ্থাৎ ৬১খন আসন, যিটো কোনো এটা দলেই এককভাৱে লাভ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমানৰ সমীকৰণ অনুসৰি নেতানিয়াহুৰ লিকুড পাৰ্টিৰ নেতৃত্বত থকা শাসকীয় মিত্ৰজোঁটে ৫৩খন আসন আৰু আইজেনকটৰ নেতৃত্বত গঠিত বিৰোধী মিত্ৰজোঁটে ৪৮খন আসন লাভ কৰিছে। আনহাতে, আৰব দলসমূহে ১৯খন আসনত জয়লাভ কৰি এক নিৰ্ণায়ক অৱস্থাত উপনীত হৈছে।
পৰিস্থিতি এনে এক পৰ্যায়ত উপনীত হৈছে যে আৰব দলসমূহৰ সমৰ্থন অবিহনে নতুন চৰকাৰ গঠন কৰাটো প্ৰায় অসম্ভৱ। কিন্তু আইজেনকটে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ আৰব দলৰ সৈতে মিত্ৰতা নকৰে, যাৰ ফলত ৰাজনৈতিক জটিলতা অধিক বৃদ্ধি পাইছে। অৱশ্যে, নেতানিয়াহু আৰু তেওঁৰ নেতৃত্বত থকা কঠোৰ সোঁপন্থী দলসমূহৰ ওপৰত আৰব নেতাসকল তীব্ৰ ক্ষুব্ধ হৈ থকাৰ বাবে তেওঁলোকে প্ৰথমে আইজেনকটক চৰকাৰ গঠনৰ সুযোগ দিয়াৰ সিদ্ধান্ত লৈছে আৰু তেওঁৰ মিত্ৰজোঁটক সমৰ্থন আগবঢ়াইছে। আৰব দলসমূহৰ এই সমৰ্থনৰ বাবেই ৰাষ্ট্ৰপতিগৰাকীয়ে আইজেনকটক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা বুলি ধাৰণা কৰা হৈছে।
ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, বৰ্তমান পৰিস্থিতিত আইজেনকটৰ হাতত মূলতঃ তিনিটা বিকল্প খোলা আছে: প্ৰথম, আৰব দলসমূহৰ সমৰ্থন গ্ৰহণ কৰি এখন সংখ্যালঘু চৰকাৰ গঠন কৰা, য’ত ভৱিষ্যতে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আৰব দলৰ ভোটেই নিৰ্ণায়ক ভূমিকা পালন কৰিব। দ্বিতীয়, অতি ৰক্ষণশীল দলসমূহৰ সৈতে হাত মিলাই এখন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা। কিন্তু এনে কৰিবলৈ গ’লে আইজেনকটে পূৰ্বতে নীতিগত কাৰণত এৰাই চলা কিছুমান দলৰো কাষ চাপিব লাগিব। তৃতীয়, ৰাজনৈতিক অচলাৱস্থা দূৰ কৰিবলৈ আইজেনকটে নিজৰ মূল প্ৰতিদ্বন্দ্বী নেতানিয়াহুৰ সৈতেই হাত মিলাই এখন চৰকাৰ গঠন কৰিব পাৰে।
এই তিনিটা সম্ভাৱনীয়তাক কেন্দ্ৰ কৰিয়েই অহা ২৮ দিনলৈ ইজৰাইলৰ ৰাজনীতিত তীব্ৰ দৰদাম আৰু আলোচনা অব্যাহত থাকিব। নিৰ্ধাৰিত ২৮ দিন (আৰু প্ৰয়োজন হ'লে অতিৰিক্ত ১৪ দিন)ৰ ভিতৰত যদি তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে, তেন্তে ৰাষ্ট্ৰপতিয়ে আন এজন প্ৰাৰ্থীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব। দ্বিতীয়জন প্ৰাৰ্থীও ব্যৰ্থ হ'লে তৃতীয় এজন ব্যক্তিক এই সুযোগ দিয়া হ’ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো ১০০ দিনলৈকে চলিব পাৰে। যদিহে এই সুদীৰ্ঘ সময়ৰ ভিতৰতো কোনো সমাধান সূত্ৰ ওলাই নাহে, তেন্তে ইজৰাইলত পুনৰ এক নতুন নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব।